Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (154) ምዕራፍ: ኣሊ-ኢምራን
ثُمَّ اَنْزَلَ عَلَیْكُمْ مِّنْ بَعْدِ الْغَمِّ اَمَنَةً نُّعَاسًا یَّغْشٰی طَآىِٕفَةً مِّنْكُمْ ۙ— وَطَآىِٕفَةٌ قَدْ اَهَمَّتْهُمْ اَنْفُسُهُمْ یَظُنُّوْنَ بِاللّٰهِ غَیْرَ الْحَقِّ ظَنَّ الْجَاهِلِیَّةِ ؕ— یَقُوْلُوْنَ هَلْ لَّنَا مِنَ الْاَمْرِ مِنْ شَیْءٍ ؕ— قُلْ اِنَّ الْاَمْرَ كُلَّهٗ لِلّٰهِ ؕ— یُخْفُوْنَ فِیْۤ اَنْفُسِهِمْ مَّا لَا یُبْدُوْنَ لَكَ ؕ— یَقُوْلُوْنَ لَوْ كَانَ لَنَا مِنَ الْاَمْرِ شَیْءٌ مَّا قُتِلْنَا هٰهُنَا ؕ— قُلْ لَّوْ كُنْتُمْ فِیْ بُیُوْتِكُمْ لَبَرَزَ الَّذِیْنَ كُتِبَ عَلَیْهِمُ الْقَتْلُ اِلٰی مَضَاجِعِهِمْ ۚ— وَلِیَبْتَلِیَ اللّٰهُ مَا فِیْ صُدُوْرِكُمْ وَلِیُمَحِّصَ مَا فِیْ قُلُوْبِكُمْ ؕ— وَاللّٰهُ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟
তাৰ পিছত তেওঁ দুখ আৰু সংকীৰ্ণতাৰ পিছত তোমালোকৰ ওপৰত সন্তুষ্টি আৰু বিশ্বাস অৱতীৰ্ণ কৰিলে। তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ কথাত ভৰসা পোষণ কৰিছিল এনেকুৱা এটা দলক তেওঁলোকৰ অন্তৰত থকা শান্তি আৰু স্থিৰতাৰ কাৰণে তেওঁলোকক কলাঘূমটিয়ে ধৰিছিল। পক্ষান্তৰে আন এটা দল আছিল এনেকুৱা যিসকলে এই শান্তি আৰু কলাঘূমটিৰ পৰা বঞ্চিত আছিল। এইটো আছিল মুনাফিকসকলৰ দল, যিসকলে কেৱল নিজৰ সুৰক্ষাৰ কথা ভাৱিছিল। সিহঁত অস্থিৰ আৰু ভীত অৱস্থাত আছিল। সিহঁতে আল্লাহ সম্পৰ্কে এনেকুৱা বেয়া ধাৰণা পোষণ কৰিছিল যে, আল্লাহে তেওঁৰ ৰাছুলক সহায় নকৰে আৰু তেওঁৰ বান্দাসকলকো সমৰ্থন নকৰে। সিহঁতৰ ধাৰণা অজ্ঞতা যুগৰ সেই সকল লোকৰ ধাৰণাৰ দৰে যিসকলে আল্লাহক তেওঁৰ মৰ্যদা অনুপাতে সন্মান কৰা নাছিল। এইসকল মুনাফিকে আল্লাহৰ পৰা অমনোযোগী হোৱাৰ কাৰণে কয়, যুদ্ধত ওলোৱা বিষয়ত আমাৰ সিদ্ধান্তক কোনো গুৰুত্ব দিয়া নহয়। যদি আমাৰ সিদ্ধান্তক গুৰুত্ব দিয়া হলেহেঁতেন তেন্তে আমি যুদ্ধৰ বাবে ওলাই নাহিলোহেঁতেন। হে নবী! আপুনি ইয়াৰ উত্তৰ দি কওঁক, "নিশ্চয় আদেশ কেৱল আল্লাহৰহে চলে। তেওঁ যি ইচ্ছা কৰে সিদ্ধান্ত লয় আৰু যি ইচ্ছা কৰে নিৰ্ধাৰণ কৰে। তেৱেঁই তোমালোকৰ ভাগ্যত লিখিছে যে, তোমালোকে ওলাই আহিবা"। এইসকল মুনাফিকে নিজৰ অন্তৰত এনেকুৱা সংশয় আৰু বেয়া ধাৰণা পোষণ কৰে যিটো আপোনাৰ সন্মুখত প্ৰকাশ নকৰে। সেয়ে সিহঁতে কয়ঃ ওলাই অহাৰ ক্ষেত্ৰত আমাৰ কথা মানি লোৱাহেঁতেন তেন্তে আমি ইয়াত নিহত নহলোহেঁতেন। হে নবী! আপুনি সিহঁতক কওঁক, যদি তোমালোকে মৃত্যু আৰু হত্যাৰ ঠাইৰ পৰা দুৰৈত নিজৰ ঘৰতো বহি থাকিলাহেঁতেন তেতিয়াও তোমালোকৰ মাজৰ পৰা যাৰ ভাগ্যত আল্লাহে মৃত্যু লিখিছে, সি অৱশ্যে নিজৰ মৃত্যুৰ ঠাইলৈকে ওলাই আহিলহেঁতেন। আল্লাহে যুদ্ধ এই কাৰণেই অনিবাৰ্য কৰিছে যাতে তেওঁ তোমালোকৰ অন্তৰৰ নিয়্যত আৰু উদ্দেশ্যৰ পৰীক্ষা লয়। লগতে যাতে ঈমানক নিফাকৰ পৰা পৃথক কৰি দিয়ে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ অন্তৰৰ অৱস্থা সম্পৰ্কে অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الجهل بالله تعالى وصفاته يُورث سوء الاعتقاد وفساد الأعمال.
আল্লাহ আৰু তেওঁৰ গুণাৱলীসমূহ নজনাৰ ফলত আক্বীদাহ আৰু আমলত ব্যাঘাত জন্মে।

• آجال العباد مضروبة محدودة، لا يُعجلها الإقدام والشجاعة، ولايؤخرها الجبن والحرص.
বান্দাৰ আয়ু নিৰ্ধাৰিত। বাহাদুৰী আৰু সাহসিকতাৰে তাক আগুৱাই আনিব নোৱাৰি আৰু লোভ-লালসা আৰু কাপুৰষতাই এই সময়ক বৃদ্ধিও কৰিব নোৱাৰে।

• من سُنَّة الله تعالى الجارية ابتلاء عباده؛ ليميز الخبيث من الطيب.
আল্লাহৰ এটা সাধাৰণ নিয়ম এই যে, তেওঁ বান্দাসকলক পৰীক্ষা কৰে যাতে সৎ লোকক অসৎ লোকৰ পৰা পৃথক কৰি দিয়ে।

• من أعظم المنازل وأكرمها عند الله تعالى منازل الشهداء في سبيله.
আল্লাহৰ দৃষ্টিত আটাইতকৈ উচ্চ আৰু সন্মানিত স্থান হৈছে তেওঁৰ পথত শ্বহীদ হোৱা ব্যক্তিসকলৰ।

 
የይዘት ትርጉም አንቀጽ: (154) ምዕራፍ: ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት