Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (27) ምዕራፍ: ኣሊ-ኢምራን
تُوْلِجُ الَّیْلَ فِی النَّهَارِ وَتُوْلِجُ النَّهَارَ فِی الَّیْلِ ؗ— وَتُخْرِجُ الْحَیَّ مِنَ الْمَیِّتِ وَتُخْرِجُ الْمَیِّتَ مِنَ الْحَیِّ ؗ— وَتَرْزُقُ مَنْ تَشَآءُ بِغَیْرِ حِسَابٍ ۟
তোমাৰ ক্ষমতাৰ নিদৰ্শনসমূহৰ অন্যতম নিদৰ্শন হৈছে, তুমি ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰোৱা, ফলত দিনৰ সময়ছোৱা দীৰ্ঘ হৈ যায়। আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰোৱা ফলত ৰাতি দীৰ্ঘ হৈ যায়। তুমিয়েই নিৰ্জীৱৰ পৰা সজীৱ উলিয়াই আনা। যেনে- কাফিৰৰ পৰা মুমিন আৰু শস্য দানাৰ পৰা খেতি। আনহাতে তুমিয়েই সজীৱৰ পৰা নিৰ্জীৱ উলিয়াই আনা। যেনে- ঈমান্দাৰসকলৰ পৰা কাফিৰ আৰু মুৰ্গীৰ পৰা কণী। আৰু তুমি যাক ইচ্ছা কৰা প্ৰচুৰ পৰিমাণে জীৱিকা দান কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أن التوفيق والهداية من الله تعالى، والعلم - وإن كثر وبلغ صاحبه أعلى المراتب - إن لم يصاحبه توفيق الله لم ينتفع به المرء.
পথপ্ৰদৰ্শন আৰু তাওফীক প্ৰদানকাৰী একমাত্ৰ আল্লাহ তাআলা। জ্ঞান যিমানেই অধিক নাথাকক কিয় আৰু সেই জ্ঞানৰ ফলত যিমান ডাঙৰ পদতেই অধিষ্ঠিত নহওঁক কিয়, যদি আল্লাহৰ তাওফীক লগত নাথাকে তেন্তে তাৰ দ্বাৰা উপকৃত হোৱা সম্ভৱ নহয়।

• أن الملك لله تعالى، فهو المعطي المانع، المعز المذل، بيده الخير كله، وإليه يرجع الأمر كله، فلا يُسأل أحد سواه.
ৰাজত্ব আল্লাহ তাআলাৰ। তেৱেঁই প্ৰদানকাৰী, তেৱেঁই প্ৰতিৰোধকাৰী, তেৱেঁই সন্মান দানকাৰী আৰু তেৱেঁই অপমানকাৰী। সকলো ধৰণৰ কল্যাণ তেওঁৰেই হাতত। সকলো ধৰণৰ বিষয় তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰে। তেওঁৰ বাহিৰে আন কাৰো ওচৰত প্ৰাৰ্থনা কৰা সমীচিন নহয়।

• خطورة تولي الكافرين، حيث توعَّد الله فاعله بالبراءة منه وبالحساب يوم القيامة.
কাফিৰসকলৰ লগত বন্ধুত্ব কৰাৰ ভয়াৱহ পৰিণাম। কাৰণ আল্লাহে সতৰ্ক কৰিছে যে, এনেকুৱা বন্ধুত্বকাৰীৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই লগতে ক্বিয়ামতৰ দিনা সি হিচাপ দিব লাগিব।

 
የይዘት ትርጉም አንቀጽ: (27) ምዕራፍ: ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት