Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (9) ምዕራፍ: አት ተጋቡን
یَوْمَ یَجْمَعُكُمْ لِیَوْمِ الْجَمْعِ ذٰلِكَ یَوْمُ التَّغَابُنِ ؕ— وَمَنْ یُّؤْمِنْ بِاللّٰهِ وَیَعْمَلْ صَالِحًا یُّكَفِّرْ عَنْهُ سَیِّاٰتِهٖ وَیُدْخِلْهُ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟
হে ৰাছুল! স্মৰণ কৰক, ক্বিয়ামতৰ দিনা আল্লাহে যেতিয়া তোমালোকৰ কৰ্মৰ প্ৰতিদান দিবলৈ তোমালোকক একত্ৰিত কৰিব। সেই দিনটো হ'ব কাফিৰসকলৰ ক্ষতি প্ৰকাশ হোৱাৰ দিন। কিয়নো মুমিনসকলে জান্নাতৰ ভিতৰত জাহান্নামীসকলৰ অট্টালিকাসমূহৰ উত্তৰাধিকাৰী হ'ব। আনহাতে জাহান্নামত জাহান্নামীসকলে জান্নাতিসকলৰ ঠিকনাৰ উত্তৰাধিকাৰী হ'ব। এতেকে যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিব আৰু সৎকৰ্ম কৰিব, আল্লাহে তেওঁলোকৰ পাপসমূহ মোচন কৰি দিব আৰু এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকা আৰু বৃক্ষবোৰৰ তলেদি নিজৰাসমূহ প্ৰৱাহিত হ'ব। তেওঁলোকে তাত চিৰকাল থাকিব। তেওঁলোক তাৰ পৰা কেতিয়াও বহিষ্কৃত নহ'ব আৰু ইয়াৰ নিয়ামতবোৰৰ ধাৰাবাহিকতাও বিচ্ছিন্ন নহ'ব। তেওঁলোকে লাভ কৰা এই বস্তুবোৰেই হৈছে প্ৰকৃত সফলতা। এই সফলতাৰ মুকাবিলা আন কোনো সফলতাই কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من قضاء الله انقسام الناس إلى أشقياء وسعداء.
আল্লাহে মানুহক দুটা ভাগত বিভক্ত কৰিছে, সৌভাগ্যশালী আৰু দুৰ্ভগীয়া।

• من الوسائل المعينة على العمل الصالح تذكر خسارة الناس يوم القيامة.
নেক আমল কৰাৰ অন্যতম সহায়ক হৈছে ক্বিয়ামত দিৱসৰ ক্ষতিগ্ৰস্ততাক স্মৰণ কৰা।

 
የይዘት ትርጉም አንቀጽ: (9) ምዕራፍ: አት ተጋቡን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት