Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (2) ምዕራፍ: አጥ ጠላቅ
فَاِذَا بَلَغْنَ اَجَلَهُنَّ فَاَمْسِكُوْهُنَّ بِمَعْرُوْفٍ اَوْ فَارِقُوْهُنَّ بِمَعْرُوْفٍ وَّاَشْهِدُوْا ذَوَیْ عَدْلٍ مِّنْكُمْ وَاَقِیْمُوا الشَّهَادَةَ لِلّٰهِ ؕ— ذٰلِكُمْ یُوْعَظُ بِهٖ مَنْ كَانَ یُؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ۬— وَمَنْ یَّتَّقِ اللّٰهَ یَجْعَلْ لَّهٗ مَخْرَجًا ۟ۙ
যেতিয়া ইদ্দত সমাপ্ত হোৱাৰ উপক্ৰম হ'ব, তেতিয়া ইচ্ছা হলে আগ্ৰহ তথা উত্তম ব্যৱহাৰৰ সৈতে আঁকোৱালি লোৱা নাইবা ইদ্দত সম্পূৰ্ণ নোহোৱালৈকে এৰি দিয়া, যাতে নিজৰ দায়িত্ব নিজে লব পাৰে। আৰু তাইক সেই সকলোখিনি প্ৰদান কৰা, যিখিনি তাইৰ অধিকাৰ। যেতিয়া তাইক ওভোতাই লব বিচৰা অথবা পৃথক কৰিব বিচৰা, তেতিয়া সমাজৰ দুজন ন্যায়পৰায়ন ব্যক্তিক সাক্ষী কৰিবা, যাতে বিবাদ নহয়। আৰু হে সাক্ষীসকল! তোমালোকে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে সাক্ষ্য প্ৰদান কৰিবা। এই বিধানবোৰৰ জৰিয়তে সেইসকল লোকক উপদেশ দিয়া হৈছে যিসকলে আল্লাহৰ প্ৰতি আৰু কিয়ামতৰ প্ৰতি বিশ্বাস পোষণ কৰে। কিয়নো কেৱল তেওঁলোকেই উপদেশৰ দ্বাৰা উপকৃত হয়। যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, আল্লাহে তাক সকলো সংকীৰ্ণতাৰ পৰা পৰিত্ৰাণৰ ব্যৱস্থা কৰি দিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خطاب النبي صلى الله عليه وسلم خطاب لأمته ما لم تثبت له الخصوصية.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰাটো দৰাচলতে তেখেতৰ উম্মতক সম্বোধন কৰা বুজায়, যেতিয়ালৈকে এইটো প্ৰমাণ নহয় যে, বিষয়টো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে নিৰ্দিষ্ট।

• وجوب السكنى والنفقة للمطلقة الرجعية.
ৰাজঈ তালাকত (অৰ্থাৎ প্ৰত্যাৱৰ্তনমূলক তালাকত) স্বামীয়ে স্ত্ৰীৰ যাৱতীয় খৰচ বহন কৰা অনিবাৰ্য।

• النَّدْب إلى الإشهاد حسمًا لمادة الخلاف.
সাক্ষী ৰখাটো উত্তম, যাতে বিবাদৰ কোনো কাৰণ অৱশিষ্ট নাথাকে।

• كثرة فوائد التقوى وعظمها.
তাক্বৱা অৱলম্বনত বহুত উপকাৰ আছে।

 
የይዘት ትርጉም አንቀጽ: (2) ምዕራፍ: አጥ ጠላቅ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት