Check out the new design

Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Translations’ Index


Translation of the meanings Ayah: (2) Surah: At-Talāq
فَاِذَا بَلَغْنَ اَجَلَهُنَّ فَاَمْسِكُوْهُنَّ بِمَعْرُوْفٍ اَوْ فَارِقُوْهُنَّ بِمَعْرُوْفٍ وَّاَشْهِدُوْا ذَوَیْ عَدْلٍ مِّنْكُمْ وَاَقِیْمُوا الشَّهَادَةَ لِلّٰهِ ؕ— ذٰلِكُمْ یُوْعَظُ بِهٖ مَنْ كَانَ یُؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ۬— وَمَنْ یَّتَّقِ اللّٰهَ یَجْعَلْ لَّهٗ مَخْرَجًا ۟ۙ
যেতিয়া ইদ্দত সমাপ্ত হোৱাৰ উপক্ৰম হ'ব, তেতিয়া ইচ্ছা হলে আগ্ৰহ তথা উত্তম ব্যৱহাৰৰ সৈতে আঁকোৱালি লোৱা নাইবা ইদ্দত সম্পূৰ্ণ নোহোৱালৈকে এৰি দিয়া, যাতে নিজৰ দায়িত্ব নিজে লব পাৰে। আৰু তাইক সেই সকলোখিনি প্ৰদান কৰা, যিখিনি তাইৰ অধিকাৰ। যেতিয়া তাইক ওভোতাই লব বিচৰা অথবা পৃথক কৰিব বিচৰা, তেতিয়া সমাজৰ দুজন ন্যায়পৰায়ন ব্যক্তিক সাক্ষী কৰিবা, যাতে বিবাদ নহয়। আৰু হে সাক্ষীসকল! তোমালোকে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে সাক্ষ্য প্ৰদান কৰিবা। এই বিধানবোৰৰ জৰিয়তে সেইসকল লোকক উপদেশ দিয়া হৈছে যিসকলে আল্লাহৰ প্ৰতি আৰু কিয়ামতৰ প্ৰতি বিশ্বাস পোষণ কৰে। কিয়নো কেৱল তেওঁলোকেই উপদেশৰ দ্বাৰা উপকৃত হয়। যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, আল্লাহে তাক সকলো সংকীৰ্ণতাৰ পৰা পৰিত্ৰাণৰ ব্যৱস্থা কৰি দিব।
Arabic explanations of the Qur’an:
Benefits of the verses in this page:
• خطاب النبي صلى الله عليه وسلم خطاب لأمته ما لم تثبت له الخصوصية.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰাটো দৰাচলতে তেখেতৰ উম্মতক সম্বোধন কৰা বুজায়, যেতিয়ালৈকে এইটো প্ৰমাণ নহয় যে, বিষয়টো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে নিৰ্দিষ্ট।

• وجوب السكنى والنفقة للمطلقة الرجعية.
ৰাজঈ তালাকত (অৰ্থাৎ প্ৰত্যাৱৰ্তনমূলক তালাকত) স্বামীয়ে স্ত্ৰীৰ যাৱতীয় খৰচ বহন কৰা অনিবাৰ্য।

• النَّدْب إلى الإشهاد حسمًا لمادة الخلاف.
সাক্ষী ৰখাটো উত্তম, যাতে বিবাদৰ কোনো কাৰণ অৱশিষ্ট নাথাকে।

• كثرة فوائد التقوى وعظمها.
তাক্বৱা অৱলম্বনত বহুত উপকাৰ আছে।

 
Translation of the meanings Ayah: (2) Surah: At-Talāq
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Translations’ Index

Issued by Tafsir Center for Quranic Studies

close