Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (137) ምዕራፍ: አል-አዕራፍ
وَاَوْرَثْنَا الْقَوْمَ الَّذِیْنَ كَانُوْا یُسْتَضْعَفُوْنَ مَشَارِقَ الْاَرْضِ وَمَغَارِبَهَا الَّتِیْ بٰرَكْنَا فِیْهَا ؕ— وَتَمَّتْ كَلِمَتُ رَبِّكَ الْحُسْنٰی عَلٰی بَنِیْۤ اِسْرَآءِیْلَ ۙ۬— بِمَا صَبَرُوْا ؕ— وَدَمَّرْنَا مَا كَانَ یَصْنَعُ فِرْعَوْنُ وَقَوْمُهٗ وَمَا كَانُوْا یَعْرِشُوْنَ ۟
আমি বনী ইছৰাঈলক, যিসকলক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে দুৰ্বল ভাৱি আছিল, তেওঁলোকক পৃথিৱীৰ পশ্চিম তথা পূৱৰ উত্তৰাধিকাৰী বনাই দিলো। ইয়াৰ দ্বাৰা ছিৰিয়া দেশক বুজোৱা হৈছে, এই দেশৰ খেতি আৰু ফলমূল উৎপাদনত আল্লাহে বৰকত প্ৰদান কৰিছে। আৰু এইদৰে হে নবী! আপোনাৰ প্ৰতিপালকৰ শুভ বচন পূৰণ হৈছে। অৰ্থাৎ সেই বচন, যাৰ উল্লেখ এই আয়াতত আছেঃ {وَنُرِيدُ أَنْ نَمُنَّ عَلَى الَّذِينَ اسْتُضْعِفُوا فِي الأَرْضِ وَنَجْعَلَهُمْ أَئِمَّةً وَنَجْعَلَهُمُ الْوَارِثِينَ}আৰু আমি সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল, সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলো লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলো। (ছুৰা কাচাচঃ ৫) ফলত আল্লাহে তেওঁলোকক পৃথিৱীত নেতৃত্ব প্ৰদান কৰিলে, কাৰণ তেওঁলোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ফালৰ পৰা দিয়া কষ্টত ধৈৰ্য ধাৰণ কৰিছিল। লগতে আমি ফিৰআউনে নিৰ্মাণ কৰা ঘৰ, উট্টালিকা আৰু খেতি-পথাৰ ধ্বংস কৰিছো।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الخير والشر والحسنات والسيئات كلها بقضاء الله وقدره، لا يخرج منها شيء عن ذلك.
কল্যাণ আৰু অকল্যাণ, পূণ্য আৰু পাপ আল্লাহে নিৰ্ধাৰণ কৰা তকদীৰ অনুসাৰে সংঘটিত হয়। ইয়াৰ বহিৰ্ভূত একোৱে নহয়।

• شأن الناس في وقت المحنة والمصائب اللجوء إلى الله بدافع نداء الإيمان الفطري.
বিপদ-আপদ আৰু পৰীক্ষাৰ সময়ত সাধাৰণতে মানুহে অন্তৰত থকা স্বভাৱগত ঈমানৰ আহ্বানৰ ফলত আল্লাহৰ শৰণাপন্ন হয়।

• يحسن بالمؤمن تأمل آيات الله وسننه في الخلق، والتدبر في أسبابها ونتائجها.
মুমিনসকলে আল্লাহৰ নিদৰ্শন আৰু মখলুক সম্পৰ্কীয় তেওঁৰ ৰীতিৰ বিষয়ে চিন্তা-চৰ্চা কৰা উচিত, লগতে ইয়াৰ কাৰণ আৰু পৰিণাম সম্পৰ্কে চিন্তা কৰা উচিত।

• تتلاشى قوة الأفراد والدول أمام قوة الله العظمى، والإيمان بالله هو مصدر كل قوة.
আল্লাহৰ মহা শক্তিৰ সন্মুখত ব্যক্তি তথা প্ৰশাসনৰ শক্তিৰ কোনো মূল্য নাই। আৰু প্ৰত্যেক শক্তিৰ মূল উৎস হৈছে আল্লাহৰ প্ৰতি ঈমান।

• يكافئ الله تعالى عباده المؤمنين الصابرين بأن يمكِّنهم في الأرض بعد استضعافهم.
আল্লাহে তেওঁৰ ধৈৰ্যধাৰণকাৰী মুমিন বান্দাসকলক দুৰ্বলতাৰ পিছত পৃথিৱীত প্ৰভূত্ব প্ৰদান কৰে।

 
የይዘት ትርጉም አንቀጽ: (137) ምዕራፍ: አል-አዕራፍ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት