የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ጋሺያህ   አንቀጽ:

ছুৰা আল-গাশ্বিয়াহ

ከመዕራፉ ዓላማዎች:
التذكير بالآخرة وما فيها من الثواب والعقاب، والنظر في براهين قدرة الله.
আখিৰাত আৰু তাত থকা প্ৰতিদান আৰু শাস্তি সম্পৰ্কে স্মৰণ কৰোৱা হৈছে, লগতে আল্লাহৰ ক্ষমতাৰ প্ৰমাণসমূহ চাবলৈ উপদেশ দিয়া হৈছে।

هَلْ اَتٰىكَ حَدِیْثُ الْغَاشِیَةِ ۟ؕ
হে নবী! আপোনাৰ ওচৰত সেই ক্বিয়ামতৰ খবৰ আহি পাইছেনে, যাৰ ভয় মানুহৰ প্ৰতি আৱৰি ধৰিব?
የአረብኛ ቁርኣን ማብራሪያ:
وُجُوْهٌ یَّوْمَىِٕذٍ خَاشِعَةٌ ۟ۙ
ক্বিয়ামতৰ দিনা মানুহ দুই ভাগত বিভক্ত হব, সৌভাগ্যশালী আৰু দূৰ্ভাগ্যশালী। গতিকে দূৰ্ভাগ্যবান ব্যক্তিৰ মুখ মণ্ডল অপমানিত অৱনত থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
عَامِلَةٌ نَّاصِبَةٌ ۟ۙ
তেওঁলোকক যি হাতকড়ি আৰু শিকলীৰে বান্ধা হব তাক খুলিবলৈ চেষ্টা কৰি থাকোতে ক্লান্ত হৈ পৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
تَصْلٰی نَارًا حَامِیَةً ۟ۙ
সেইবোৰ চেহেৰা উত্তপ্ত জুইত প্ৰৱেশ কৰি তাৰ প্ৰচণ্ড তাপৰ বেদনা ভোগ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
تُسْقٰی مِنْ عَیْنٍ اٰنِیَةٍ ۟ؕ
সিহঁতক অতি উত্তপ্ত উতলা নিজৰাৰ পানী পান কৰিবলৈ দিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَیْسَ لَهُمْ طَعَامٌ اِلَّا مِنْ ضَرِیْعٍ ۟ۙ
সিহঁতৰ বাবে কাঁইটবিশিষ্ট খাদ্যৰ বাহিৰে আন কোনা বস্তু নাথাকিব। যিটো শুকাই গলে বিষাক্ত হয়। যাৰ নাম হৈছে শ্বিবৰিক্ব।
የአረብኛ ቁርኣን ማብራሪያ:
لَّا یُسْمِنُ وَلَا یُغْنِیْ مِنْ جُوْعٍ ۟ؕ
সেয়া তাৰ ভক্ষণকাৰীক শকত হবলৈও নিদিয়ে আৰু ক্ষুধা নিবৃত্ত কৰিবলৈও নিদিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
وُجُوْهٌ یَّوْمَىِٕذٍ نَّاعِمَةٌ ۟ۙ
সেই দিনা সৌভাগ্যবান লোকৰ মুখমণ্ডলবোৰ আনন্দিত আৰু উত্ফুল্লিত হৈ পৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
لِّسَعْیِهَا رَاضِیَةٌ ۟ۙ
তেওঁলোকে পৃথিৱীত কৰা কৰ্মৰ প্ৰতি সন্তুষ্ট হব। কিয়নো তেওঁলোকে কৰ্মৰ প্ৰতিদান সঞ্চিত আৰু অধিক বৃদ্ধি অৱস্থাত দেখিবলৈ পাব।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْ جَنَّةٍ عَالِیَةٍ ۟ۙ
এনেকুৱা জান্নাতত থাকিব যিটো মৰ্যদা আৰু স্থানৰ ক্ষেত্ৰতো সুউচ্চ আৰু সন্মানিত।
የአረብኛ ቁርኣን ማብራሪያ:
لَّا تَسْمَعُ فِیْهَا لَاغِیَةً ۟ؕ
জান্নাতত কোনোধৰণৰ বেয়া কথা, অনৰ্থক কথা আদি শুনিবলৈ নাপাব।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْهَا عَیْنٌ جَارِیَةٌ ۟ۘ
সেই জান্নাতত নিজৰা প্ৰবাহিত হব। তেওঁলোকে ইয়াক যিফালে ইচ্ছা কৰিব প্ৰবাহিত কৰাব পাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْهَا سُرُرٌ مَّرْفُوْعَةٌ ۟ۙ
তাত থাকিব ওখ ওখ সিংহাসন।
የአረብኛ ቁርኣን ማብራሪያ:
وَّاَكْوَابٌ مَّوْضُوْعَةٌ ۟ۙ
পান কৰিবলৈ বহুতো পানপাত্ৰ প্ৰস্তুত থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَّنَمَارِقُ مَصْفُوْفَةٌ ۟ۙ
আৰু গাৰুসমূহ শাৰী শাৰীকৈ ৰখা থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَّزَرَابِیُّ مَبْثُوْثَةٌ ۟ؕ
আৰু ইফালে-সিফালে পাৰি থোৱা হ'ব বহুতো দলিচা।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَلَا یَنْظُرُوْنَ اِلَی الْاِبِلِ كَیْفَ خُلِقَتْ ۟ۥ
ইহঁতে উটক ধ্যানসহকাৰে নেদেখে নেকি যে, আল্লাহ তাআলাই কেনেকৈ ইয়াক সৃষ্টি কৰিছে আৰু আদম সন্তানৰ অধীন কৰিছে?
የአረብኛ ቁርኣን ማብራሪያ:
وَاِلَی السَّمَآءِ كَیْفَ رُفِعَتْ ۟ۥ
আৰু তেওঁলোকে আকাশলৈ নাচায় কিয়, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰিছে, যিটোক তেওঁলোকৰ ওপৰত এটা সুৰক্ষিত চাদ হিচাপে স্থাপন কৰিছে, যিটো তেওঁলোকৰ ওপৰত খহি নপৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِلَی الْجِبَالِ كَیْفَ نُصِبَتْ ۟ۥ
আৰু পাহাৰবোৰক দেখে নে যে, আল্লাহ তাআলাই সেইবোৰক কেনেকৈ প্ৰতিষ্ঠিত কৰিছে আৰু তাৰ দ্বাৰা পৃথিৱীখনক মজবুত কৰিছে যাতে মানুহক লৈ লৰচৰ কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِلَی الْاَرْضِ كَیْفَ سُطِحَتْ ۟
আৰু পৃথিৱীৰ ফালে দেখে নে, আল্লাহ তাআলাই ইয়াক কেনেকৈ বিস্তিৃত কৰিছে আৰু মানুহ থকাৰ উপযোগী বনাইছে?
የአረብኛ ቁርኣን ማብራሪያ:
فَذَكِّرْ ۫— اِنَّمَاۤ اَنْتَ مُذَكِّرٌ ۟ؕ
হে ৰাছুল! গতিকে আপুনি ইহঁতক উপদেশ দিয়ক আল্লাহৰ শাস্তিৰ পৰা ভয় প্ৰদৰ্শন কৰোৱাওক। কিয়নো আপুনি কেৱল এজন উপদেশ প্ৰদানকাৰী। সিহঁতক উপদেশ দিয়াৰ বাহিৰে আপোনাৰ ওপৰত আন কোনো দায়িত্ব নাই। আনহাতে ঈমান আনিব নে নাই, সেয়া কেৱল আল্লাহৰ হাতত।
የአረብኛ ቁርኣን ማብራሪያ:
لَسْتَ عَلَیْهِمْ بِمُصَۜیْطِرٍ ۟ۙ
আপুনি সিহঁতৰ প্ৰতি দাৰোগা ৰূপে নিযুক্ত নহয় যে, সিহঁতক ঈমান আনিবলৈ জবৰদস্তি কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أهمية تطهير النفس من الخبائث الظاهرة والباطنة.
আত্মাক বাহ্যিক আৰু আভ্যন্তৰিণ মলিনতাৰ পৰা পৱিত্ৰ কৰাৰ মহত্ব।

• الاستدلال بالمخلوقات على وجود الخالق وعظمته.
সৃষ্টিৰ জৰিয়তে স্ৰষ্টাৰ অস্তিত্ব আৰু তেওঁৰ মহানতা প্ৰমাণ কৰা।

• مهمة الداعية الدعوة، لا حمل الناس على الهداية؛ لأن الهداية بيد الله.
আল্লাহৰ ফালে আহ্বানকাৰীৰ কাম কেৱল আহ্বান কৰা। হিদায়তৰ পথৰ প্ৰতি আহিবলৈ মানুহক বাধ্য কৰা নহয়। কিয়নো হিদায়ত কেৱল আল্লাহৰ হাতত।

اِلَّا مَنْ تَوَلّٰی وَكَفَرَ ۟ۙ
কিন্তু সিহঁতৰ মাজৰ পৰা যিয়ে ঈমানৰ পৰা মুখ ঘূৰাই লব, আৰু আল্লাহ তথা ৰাছুলক অস্বীকাৰ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَیُعَذِّبُهُ اللّٰهُ الْعَذَابَ الْاَكْبَرَ ۟ؕ
গতিকে ক্বিয়ামতৰ দিনা আল্লাহে তাক সৱাতোকৈ ডাঙৰ শাস্তি প্ৰদান কৰিব। ফলত তাক জাহান্নামত চিৰকালৰ বাবে নিক্ষেপ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ اِلَیْنَاۤ اِیَابَهُمْ ۟ۙ
নিশ্চয় সিহঁতৰ মৃত্যুৰ পিছত, কেৱল আমাৰ ফালেই সিহঁতৰ প্ৰত্যাৱৰ্তন।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ اِنَّ عَلَیْنَا حِسَابَهُمْ ۟۠
তাৰ পিছত সিহঁতৰ আমলৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব। আপোনাৰ আৰু আপোনাৰ বাহিৰে আন কাৰো এই দায়িত্ব নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• فضل عشر ذي الحجة على أيام السنة.
গোটেই বছৰৰ মাজত জিল হজ্জ মাহৰ (প্ৰথম)দহ দিনৰ মৰ্যদা।

• ثبوت المجيء لله تعالى يوم القيامة وفق ما يليق به؛ من غير تشبيه ولا تمثيل ولا تعطيل.
ক্বিয়ামতৰ দিনা আল্লাহ তাআলাৰ মৰ্যদা অনুসৰি অহাৰ প্ৰমাণ। বৰঞ্চ তেওঁৰ আগমনক আন কাৰো আগমনৰ লগত ৰিজাব নোৱাৰি, কোনো ধৰণৰ উদাহৰণ দিয়া নাযাব আৰু অস্বীকাৰো কৰিব নোৱাৰি।

• المؤمن إذا ابتلي صبر وإن أعطي شكر.
মুমিন সকলক যেতিয়া কোনো পৰীক্ষা কৰা হয়, তেতিয়া তেওঁলোকে ধৈৰ্য ধাৰণ কৰে আৰু যেতিয়া অনুগ্ৰহ প্ৰদান কৰা হয় তেতিয়া কৃতজ্ঞতা জ্ঞাপন কৰে।

 
የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ጋሺያህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት