Prijevod značenja Plemenitog Kur'ana - Prevod djela Skraćeni tefsir Kur'ana na asamski jezik

prev

গাফিৰ

next
Intencije ove sure:
بيان حال المجادلين في آيات الله، والرد عليهم.
আল্লাহৰ আয়াত সম্পৰ্কে বাদানুবাদ কৰা লোকসকলৰ অৱস্থাৰ বৰ্ণনা আৰু সিহঁতৰ ধাৰণাক খণ্ডন কৰা। info

1 : 40

حٰمٓ ۟ۚ

(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। info
التفاسير: |

2 : 40

تَنْزِیْلُ الْكِتٰبِ مِنَ اللّٰهِ الْعَزِیْزِ الْعَلِیْمِ ۟ۙ

পৱিত্ৰ কোৰআন মহাপৰাক্ৰমশালী আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে, যি সত্ত্বাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ বান্দাসকলৰ হিত সম্পৰ্কে সৰ্বজ্ঞ। এইখন তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ। info
التفاسير: |

3 : 40

غَافِرِ الذَّنْۢبِ وَقَابِلِ التَّوْبِ شَدِیْدِ الْعِقَابِ ذِی الطَّوْلِ ؕ— لَاۤ اِلٰهَ اِلَّا هُوَ ؕ— اِلَیْهِ الْمَصِیْرُ ۟

তেৱেঁই পাপীসকলৰ পাপ মাৰ্জনাকাৰী। তেৱেঁই তাওবাকাৰী বান্দাসকলৰ তাওবা গ্ৰহণকাৰী। কিন্তু তেওঁ তাওবা নকৰা ব্যক্তিসকলক কঠোৰ শাস্তি প্ৰদানকাৰী। তেওঁ অনুগ্ৰহশীল, উপকাৰকাৰী সত্ত্বা। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। কিয়ামতৰ দিনা বান্দাসকলৰ শেষ প্ৰত্যাৱৰ্তন হৈছে একমাত্ৰ তেওঁৰ ওচৰতেই। তেৱেঁই বান্দাসকলক প্ৰাপ্য অনুযায়ী প্ৰতিদান দান কৰিব। info
التفاسير: |

4 : 40

مَا یُجَادِلُ فِیْۤ اٰیٰتِ اللّٰهِ اِلَّا الَّذِیْنَ كَفَرُوْا فَلَا یَغْرُرْكَ تَقَلُّبُهُمْ فِی الْبِلَادِ ۟

আল্লাহৰ তাওহীদ আৰু তেওঁৰ ৰাছুলসকলৰ সত্যতা প্ৰমাণ কৰা আয়াতসমূহকলৈ কেৱল সেইসকল লোকেই বাক-বিতণ্ডা কৰে, যিসকলে বিবেকহীনতাৰ কাৰণে আল্লাহৰ লগত কুফৰী কৰিছে। গতিকে সিহঁতকলৈ আপুনি চিন্তিত নহ’ব। তথা সিহঁতক প্ৰদান কৰা প্ৰশস্ত জীৱিকা আৰু নিয়ামতবোৰকলৈও আপুনি ভুল নবুজিব। কাৰণ সেইবোৰ সিহঁতক অৱকাশ দিয়াৰ বাবে আৰু চক্ৰান্তমূলকভাৱে প্ৰদান কৰা হৈছে। info
التفاسير: |

5 : 40

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ وَّالْاَحْزَابُ مِنْ بَعْدِهِمْ ۪— وَهَمَّتْ كُلُّ اُمَّةٍ بِرَسُوْلِهِمْ لِیَاْخُذُوْهُ وَجٰدَلُوْا بِالْبَاطِلِ لِیُدْحِضُوْا بِهِ الْحَقَّ فَاَخَذْتُهُمْ ۫— فَكَیْفَ كَانَ عِقَابِ ۟

ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ জাতিয়েও অস্বীকাৰ কৰিছিল। আনকি নূহ সম্প্ৰদায়ৰ পিছত বহুতো সম্প্ৰদায়ে অস্বীকাৰ কৰিছিল। এতেকে আদ, ছামূদ আৰু লূত সম্প্ৰদায়কে আদি কৰি মাদিয়ানবাসী আৰু ফিৰআউনেও অস্বীকাৰ কৰিছিল। প্ৰত্যেক উম্মতেই নিজ নিজ ৰাছুলক কৰায়ত্ত কৰি হত্যা কৰাৰ সংকল্প কৰিছিল। সিহঁতে সত্যক প্ৰতিহত কৰিবলৈ অসত্যৰ জৰিয়তে বাদানুবাদ কৰিছিল। ফলত আমি সেই সকলো উম্মতক কৰায়ত্ত কৰিছিলোঁ। এতিয়া চিন্তা কৰি চাওক, সিহঁতৰ ওপৰত আমাৰ শাস্তি কেনেকুৱা আছিল। কিয়নো সিহঁতক যি শাস্তি দিয়া হৈছিল, অতি কঠোৰ আছিল। info
التفاسير: |

6 : 40

وَكَذٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَی الَّذِیْنَ كَفَرُوْۤا اَنَّهُمْ اَصْحٰبُ النَّارِ ۟

হে ৰাছুল! যিদৰে আল্লাহে পূৰ্বৱৰ্তী অস্বীকাৰ কৰা উম্মতবোৰৰ বিষয়ে সিহঁতক ধ্বংস কৰাৰ সিদ্ধান্ত লৈছিল, ঠিক সেইদৰেই এই কাফিৰসকলৰ প্ৰতিও আপোনাৰ প্ৰতিপালকৰ সিদ্ধান্ত অনিবাৰ্য্য হৈ পৰিছে যে, নিশ্চিতভাৱে সিহঁত হৈছে জাহান্নামী। info
التفاسير: |

7 : 40

اَلَّذِیْنَ یَحْمِلُوْنَ الْعَرْشَ وَمَنْ حَوْلَهٗ یُسَبِّحُوْنَ بِحَمْدِ رَبِّهِمْ وَیُؤْمِنُوْنَ بِهٖ وَیَسْتَغْفِرُوْنَ لِلَّذِیْنَ اٰمَنُوْا ۚ— رَبَّنَا وَسِعْتَ كُلَّ شَیْءٍ رَّحْمَةً وَّعِلْمًا فَاغْفِرْ لِلَّذِیْنَ تَابُوْا وَاتَّبَعُوْا سَبِیْلَكَ وَقِهِمْ عَذَابَ الْجَحِیْمِ ۟

হে ৰাছুল! যিসকল ফিৰিস্তাই আপোনাৰ প্ৰতিপালকৰ আৰছ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে পৰিবেষ্টন কৰি আছে, তেওঁলোক আটায়ে নিজ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰে, প্ৰত্যেক সেইবোৰ বিষয়ৰ পৰা যিবোৰ তেওঁৰ বাবে অনুচিত। তেওঁলোকে তেওঁৰ প্ৰতি ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে আল্লাহৰ ওচৰত মাগফিৰাত প্ৰাৰ্থনা কৰে। তেওঁলোকে দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! তোমাৰ জ্ঞান আৰু তোমাৰ ৰহমতে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। গতিকে সেইসকল লোকৰ গুনাহ মাৰ্জনা কৰি দিয়া, যিসকলে নিজৰ গুনাহৰ পৰা তাওবা কৰিছে আৰু তোমাৰ দ্বীনৰ অনুসৰণ কৰিছে। তথা তেওঁলোকক জাহান্নামৰ অগ্নিৰ পৰা সুৰক্ষা প্ৰদান কৰা। info
التفاسير: |
Poruke i pouke ajeta na ovoj stranici:
• الجمع بين الترغيب في رحمة الله، والترهيب من شدة عقابه: مسلك حسن.
আল্লাহৰ ৰহমত কামনা কৰা আৰু তেওঁৰ শাস্তিক ভয় কৰা, এই দুয়োটা বস্তু সমান্তৰালভাৱে থকাটো হৈছে উত্তম পন্থা। info

• الثناء على الله بتوحيده والتسبيح بحمده أدب من آداب الدعاء.
আল্লাহৰ তাওহীদ স্বীকাৰ কৰি তেওঁৰ গুণগান কৰা, আৰু প্ৰশংসাৰ সৈতে তেওঁৰ তাছবীহ পাঠ কৰা, এইটো হৈছে দুআ কৰাৰ এটা অন্যতম পদ্ধতি। info

• كرامة المؤمن عند الله؛ حيث سخر له الملائكة يستغفرون له.
আল্লাহৰ ওচৰত মুমিনসকলৰ বিশেষ মৰ্যাদা আছে, সেইকাৰণেই আল্লাহে মুমিনসকলৰ বাবে ফিৰিস্তা নিয়োজিত কৰি ৰাখিছে, যিসকলে মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। info

prev

গাফিৰ

next
:
0:00 0:00