Check out the new design

Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman. * - Translations’ Index

PDF XML CSV Excel API
Please review the Terms and Policies

Translation of the meanings Surah: Al-An‘ām   Ayah:
اِنَّمَا یَسْتَجِیْبُ الَّذِیْنَ یَسْمَعُوْنَ ؔؕ— وَالْمَوْتٰی یَبْعَثُهُمُ اللّٰهُ ثُمَّ اِلَیْهِ یُرْجَعُوْنَ ۟
যিসকলে শুনা পায় কেৱল তেওঁলোকেই আহ্বানত সঁহাৰি দিয়ে। মৃতসকলক আল্লাহেই পুনৰ জীৱিত কৰিব; তাৰ পিছত সিহঁতক তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।
Arabic explanations of the Qur’an:
وَقَالُوْا لَوْلَا نُزِّلَ عَلَیْهِ اٰیَةٌ مِّنْ رَّبِّهٖ ؕ— قُلْ اِنَّ اللّٰهَ قَادِرٌ عَلٰۤی اَنْ یُّنَزِّلَ اٰیَةً وَّلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟
আৰু সিহঁতে কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰলৈ নিদৰ্শন কিয় নাহে’? কোৱা, ‘নিদৰ্শন অৱতীৰ্ণ কৰিবলৈ আল্লাহ নিশ্চয় সক্ষম’, কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।
Arabic explanations of the Qur’an:
وَمَا مِنْ دَآبَّةٍ فِی الْاَرْضِ وَلَا طٰٓىِٕرٍ یَّطِیْرُ بِجَنَاحَیْهِ اِلَّاۤ اُمَمٌ اَمْثَالُكُمْ ؕ— مَا فَرَّطْنَا فِی الْكِتٰبِ مِنْ شَیْءٍ ثُمَّ اِلٰی رَبِّهِمْ یُحْشَرُوْنَ ۟
আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু (বায়ুমণ্ডলত) দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনেই একত্ৰিত কৰা হ’ব।
Arabic explanations of the Qur’an:
وَالَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا صُمٌّ وَّبُكْمٌ فِی الظُّلُمٰتِ ؕ— مَنْ یَّشَاِ اللّٰهُ یُضْلِلْهُ ؕ— وَمَنْ یَّشَاْ یَجْعَلْهُ عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁত হৈছে কলা আৰু বোবা, অন্ধকাৰত আছে। আল্লাহে যাক ইচ্ছা কৰে বিপথগামী কৰে আৰু যাক ইচ্ছা কৰে তেওঁ সৰল পথত স্থাপন কৰে।
Arabic explanations of the Qur’an:
قُلْ اَرَءَیْتَكُمْ اِنْ اَتٰىكُمْ عَذَابُ اللّٰهِ اَوْ اَتَتْكُمُ السَّاعَةُ اَغَیْرَ اللّٰهِ تَدْعُوْنَ ۚ— اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
কোৱা, ‘তোমালোকে কি বিবেচনা কৰা, যদি তোমালোকৰ ওপৰত আল্লাহৰ শাস্তি আপতিত হয় অথবা তোমালোকৰ ওচৰলৈ ক্বিয়ামত আহি পৰে, তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক মাতিবানে? যদি তোমালোকে সত্যবাদী হোৱা (তেন্তে কোৱা)।
Arabic explanations of the Qur’an:
بَلْ اِیَّاهُ تَدْعُوْنَ فَیَكْشِفُ مَا تَدْعُوْنَ اِلَیْهِ اِنْ شَآءَ وَتَنْسَوْنَ مَا تُشْرِكُوْنَ ۟۠
(নহয়) বৰং তোমালোকে কেৱল তেওঁকেই মাতিবা। এতেকে তোমালোকে যি উদ্দেশ্যে তেওঁক মাতিবা তেওঁ ইচ্ছা কৰিলে তোমালোকৰ সেই উদ্দেশ্য পূৰণ কৰিব আৰু তোমালোকে যিবোৰক তেওঁৰ অংশী কৰিছিলা সেইবোৰক পাহৰি যাবা।
Arabic explanations of the Qur’an:
وَلَقَدْ اَرْسَلْنَاۤ اِلٰۤی اُمَمٍ مِّنْ قَبْلِكَ فَاَخَذْنٰهُمْ بِالْبَاْسَآءِ وَالضَّرَّآءِ لَعَلَّهُمْ یَتَضَرَّعُوْنَ ۟
নিশ্চয় আমি তোমাৰ পূৰ্বে বহুতো জাতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছোঁ, কিন্তু (ৰাছুলসকলক অস্বীকাৰ কৰাৰ কাৰণে) সিহঁতক অৰ্থসংকট আৰু দুখ-কষ্টত পতিত কৰিছিলোঁ, যাতে সিহঁত বিনীত হয়।
Arabic explanations of the Qur’an:
فَلَوْلَاۤ اِذْ جَآءَهُمْ بَاْسُنَا تَضَرَّعُوْا وَلٰكِنْ قَسَتْ قُلُوْبُهُمْ وَزَیَّنَ لَهُمُ الشَّیْطٰنُ مَا كَانُوْا یَعْمَلُوْنَ ۟
এতেকে যেতিয়া আমাৰ শাস্তি আহি সিহঁতৰ ওপৰত আপতিত হ’ল, তেতিয়া সিহঁতে কিয় বিনীত হোৱা নাছিল? কাৰণ সিহঁতৰ হৃদয় নিষ্ঠুৰ হৈছিল আৰু সিহঁতে যি কৰিছিল সেইবোৰক চয়তানে সিহঁতৰ বাবে শোভনীয় কৰি দিছিল।
Arabic explanations of the Qur’an:
فَلَمَّا نَسُوْا مَا ذُكِّرُوْا بِهٖ فَتَحْنَا عَلَیْهِمْ اَبْوَابَ كُلِّ شَیْءٍ ؕ— حَتّٰۤی اِذَا فَرِحُوْا بِمَاۤ اُوْتُوْۤا اَخَذْنٰهُمْ بَغْتَةً فَاِذَا هُمْ مُّبْلِسُوْنَ ۟
সিহঁতক যি উপদেশ দিয়া হৈছিল সেয়া যেতিয়া সিহঁতে পাহৰি গ’ল, তেতিয়া আমি সিহঁতৰ বাবে সকলো বস্তুৰ দুৱাৰ মুকলি কৰি দিলোঁ; অৱশেষত সিহঁতক যি প্ৰদান কৰা হৈছিল যেতিয়া সিহঁতে সেইবোৰকলৈ উৎফুল্লিত হ’ল তেতিয়া হঠাৎ সিহঁতক আটক কৰিলোঁ, ফলত তেতিয়াই সিহঁত নিৰাশ হৈ পৰিল।
Arabic explanations of the Qur’an:
 
Translation of the meanings Surah: Al-An‘ām
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman. - Translations’ Index

Translated by Rafiqul Islam Habibur Rahman

close