Check out the new design

Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman. * - Translations’ Index

PDF XML CSV Excel API
Please review the Terms and Policies

Translation of the meanings Surah: Al-An‘ām   Ayah:
وَمَا عَلَی الَّذِیْنَ یَتَّقُوْنَ مِنْ حِسَابِهِمْ مِّنْ شَیْءٍ وَّلٰكِنْ ذِكْرٰی لَعَلَّهُمْ یَتَّقُوْنَ ۟
আৰু সিহঁতৰ আমলৰ জবাবদিহিৰ দায়িত্ব মুত্তাক্বীসকলৰ ওপৰত নহয়। কিন্তু উপদেশ দিয়াটো তেওঁলোকৰ কৰ্তব্য, যাতে সিহঁতেও তাক্বৱা অৱলম্বন কৰে।
Arabic explanations of the Qur’an:
وَذَرِ الَّذِیْنَ اتَّخَذُوْا دِیْنَهُمْ لَعِبًا وَّلَهْوًا وَّغَرَّتْهُمُ الْحَیٰوةُ الدُّنْیَا وَذَكِّرْ بِهٖۤ اَنْ تُبْسَلَ نَفْسٌ بِمَا كَسَبَتْ ۖۗ— لَیْسَ لَهَا مِنْ دُوْنِ اللّٰهِ وَلِیٌّ وَّلَا شَفِیْعٌ ۚ— وَاِنْ تَعْدِلْ كُلَّ عَدْلٍ لَّا یُؤْخَذْ مِنْهَا ؕ— اُولٰٓىِٕكَ الَّذِیْنَ اُبْسِلُوْا بِمَا كَسَبُوْا ۚ— لَهُمْ شَرَابٌ مِّنْ حَمِیْمٍ وَّعَذَابٌ اَلِیْمٌ بِمَا كَانُوْا یَكْفُرُوْنَ ۟۠
আৰু যিসকলে নিজৰ ধৰ্মক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে, লগতে পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে সেই সময়ত কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু চুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। সিহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফুৰী কৰাৰ কাৰণে সিহঁতক সেৱন কৰোৱা হ’ব অতি উত্তপ্ত পানী তথা বিহা হ’ব কষ্টদায়ক শাস্তি।
Arabic explanations of the Qur’an:
قُلْ اَنَدْعُوْا مِنْ دُوْنِ اللّٰهِ مَا لَا یَنْفَعُنَا وَلَا یَضُرُّنَا وَنُرَدُّ عَلٰۤی اَعْقَابِنَا بَعْدَ اِذْ هَدٰىنَا اللّٰهُ كَالَّذِی اسْتَهْوَتْهُ الشَّیٰطِیْنُ فِی الْاَرْضِ حَیْرَانَ ۪— لَهٗۤ اَصْحٰبٌ یَّدْعُوْنَهٗۤ اِلَی الْهُدَی ائْتِنَا ؕ— قُلْ اِنَّ هُدَی اللّٰهِ هُوَ الْهُدٰی ؕ— وَاُمِرْنَا لِنُسْلِمَ لِرَبِّ الْعٰلَمِیْنَ ۟ۙ
কোৱা, ‘আল্লাহৰ বাহিৰে আমি এনে কাৰোবাক আহ্বান কৰিম নেকি, যিয়ে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱেই কৰিব নোৱাৰে? আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আমি আকৌ সেই ব্যক্তিৰ দৰে পূৰ্বাৱস্থালৈ উভতি যামনে, যাক চয়তানে পৃথিৱীত এনেকৈ লম্ভিছে যে সি পথ হেৰুৱাই উৱাদিহ নোপোৱা হৈছে? তাৰ আছে কিছুমান (ঈমান্দাৰ) সহচৰবৃন্দ, তেওঁলোকে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয়, ‘আহা আমাৰ ফালে আহা’। কোৱা, ‘আল্লাহৰ হিদায়তেই হৈছে সঠিক হিদায়ত আৰু আমাক সৃষ্টিজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশ দিয়া হৈছে’।
Arabic explanations of the Qur’an:
وَاَنْ اَقِیْمُوا الصَّلٰوةَ وَاتَّقُوْهُ ؕ— وَهُوَ الَّذِیْۤ اِلَیْهِ تُحْشَرُوْنَ ۟
‘লগতে (আদেশ কৰা হৈছে) ছালাত প্ৰতিষ্ঠা কৰিবলৈ আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰিবলৈ। তেৱেঁই হৈছে সেই সত্বা, যাৰ ওচৰলৈ তোমালোকক একত্ৰিত কৰা হ’ব’।
Arabic explanations of the Qur’an:
وَهُوَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ ؕ— وَیَوْمَ یَقُوْلُ كُنْ فَیَكُوْنُ ؕ۬— قَوْلُهُ الْحَقُّ ؕ— وَلَهُ الْمُلْكُ یَوْمَ یُنْفَخُ فِی الصُّوْرِ ؕ— عٰلِمُ الْغَیْبِ وَالشَّهَادَةِ ؕ— وَهُوَ الْحَكِیْمُ الْخَبِیْرُ ۟
তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। (সেই দিৱসক স্মৰণ কৰা) যিদিনা তেওঁ কেৱল ক’ব, ‘হ’, তেতিয়াই সেয়া হৈ যাব। তেওঁৰ কথাই সত্য। যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনাৰ কৰ্তৃত্ব কেৱল তেওঁৰেই। অদৃশ্য আৰু প্ৰকাশ্য বিষয়ে তেৱেঁই পৰিজ্ঞাত, আৰু তেওঁ প্ৰজ্ঞাময়, সবিশেষ অৱগত।
Arabic explanations of the Qur’an:
 
Translation of the meanings Surah: Al-An‘ām
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman. - Translations’ Index

Translated by Rafiqul Islam Habibur Rahman

close