prev

আল-ইনফিতাৰ

next
Propósitos del Capítulo:
تحذير الإنسان من الاغترار ونسيان يوم القيامة.
কিয়ামত দিৱসক পাহৰি প্ৰৱঞ্চনাৰ চিকাৰ হোৱা মানুহক সতৰ্ক কৰা হৈছে। info

1 : 82

اِذَا السَّمَآءُ انْفَطَرَتْ ۟ۙ

যেতিয়া আকাশখন বিদীৰ্ণ হ’ব, আৰু তাৰ পৰা ফিৰিস্তাসকল নামি আহিব। info
التفاسير: |

2 : 82

وَاِذَا الْكَوَاكِبُ انْتَثَرَتْ ۟ۙ

আৰু যেতিয়া নক্ষত্ৰবোৰ বিক্ষিপ্তভাৱে খহি পৰিব। info
التفاسير: |

3 : 82

وَاِذَا الْبِحَارُ فُجِّرَتْ ۟ۙ

আৰু যেতিয়া সাগৰসমূহক এটাৰ ওপৰত আনটোক খুলি দিয়া হ’ব। ফলত সেইবোৰ পৰস্পৰে মিলিত হ’ব। info
التفاسير: |

4 : 82

وَاِذَا الْقُبُوْرُ بُعْثِرَتْ ۟ۙ

আৰু যেতিয়া কবৰবোৰৰ মাটি ওলোটাই দিয়া হ’ব, তাৰ ভিতৰত থকা মৃত ব্যক্তিক পুনৰ্জীৱিত কৰাৰ বাবে। info
التفاسير: |

5 : 82

عَلِمَتْ نَفْسٌ مَّا قَدَّمَتْ وَاَخَّرَتْ ۟ؕ

তেতিয়া প্ৰত্যেক ব্যক্তিয়ে জানিব পাৰিব যে, তেওঁ কোনটো কাম কৰিছে আৰু কোনটো পিছফালে এৰি আহিছে অৰ্থাৎ কৰা নাই। info
التفاسير: |

6 : 82

یٰۤاَیُّهَا الْاِنْسَانُ مَا غَرَّكَ بِرَبِّكَ الْكَرِیْمِ ۟ۙ

হে নিজ প্ৰতিপালকক অস্বীকাৰকাৰী কাফিৰ ব্যক্তি! কিহে তোমাক তোমাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিবলৈ বাধ্য কৰিছে। যিহেতু তেওঁ তোমালোকক সুযোগ দিছে আৰু নিজ অনুগ্ৰহেৰে শাস্তি প্ৰদানত খৰখেদা কৰা নাই। info
التفاسير: |

7 : 82

الَّذِیْ خَلَقَكَ فَسَوّٰىكَ فَعَدَلَكَ ۟ۙ

যিয়ে তোমাক অনস্থিত্বৰ পৰা অস্থিত্বলৈ আনিছে, আৰু সঠিক অংগযুক্ত সুবিন্যস্ত আৰু সুসামঞ্জস্য শৰীৰ প্ৰদান কৰিছে। info
التفاسير: |

8 : 82

فِیْۤ اَیِّ صُوْرَةٍ مَّا شَآءَ رَكَّبَكَ ۟ؕ

আৰু তেওঁ যি ৰূপত তোমাক সৃষ্টি কৰিবলৈ ইচ্ছা কৰিছে সেই ৰূপতে সৃষ্টি কৰিছে। তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে যে, তোমাক গাধা, বান্দৰ আৰু কুকুৰ আদিৰ ৰূপত সৃষ্টি কৰা নাই। info
التفاسير: |

9 : 82

كَلَّا بَلْ تُكَذِّبُوْنَ بِالدِّیْنِ ۟ۙ

হে প্ৰৱঞ্চিতসকল! বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে বুজিছা। বাস্তৱতা হৈছে এই যে, তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা আৰু তাৰ বাবে কোনো প্ৰস্তুতি নকৰা। info
التفاسير: |

10 : 82

وَاِنَّ عَلَیْكُمْ لَحٰفِظِیْنَ ۟ۙ

তোমালোকৰ ওপৰত এনেকুৱা ফিৰিস্তা নিযুক্ত আছে, যিসকলে তোমালোকৰ আমলসমূহ লিখি থাকে। info
التفاسير: |

11 : 82

كِرَامًا كٰتِبِیْنَ ۟ۙ

আল্লাহৰ ওচৰত তেওঁলোক হৈছে সন্মানীয়, যিসকলে তোমালোকৰ আমল লিপিবদ্ধ কৰে। info
التفاسير: |

12 : 82

یَعْلَمُوْنَ مَا تَفْعَلُوْنَ ۟

তেওঁলোকে তোমালোকৰ প্ৰত্যেক কৰ্মৰ বিষয়ে অৱগত, আৰু সেইবোৰ তেওঁলোকে লিখে। info
التفاسير: |

13 : 82

اِنَّ الْاَبْرَارَ لَفِیْ نَعِیْمٍ ۟ۙ

নিশ্চয় যিসকলে বেছি বেছি ভাল কৰ্ম কৰে, নেক কাম কৰে, তেওঁলোকে ক্বিয়ামতৰ দিনা এনেকুৱা নিয়ামতৰ মাজত থাকিব, যিবোৰ হ’ব চিৰস্থায়ী। info
التفاسير: |

14 : 82

وَاِنَّ الْفُجَّارَ لَفِیْ جَحِیْمٍ ۟ۙ

আনহাতে দূৰাচাৰী লোকসকলে এনেকুৱা জুইৰ মাজত থাকিব, যিটো হ’ব অত্যন্ত উত্তপ্ত। info
التفاسير: |

15 : 82

یَّصْلَوْنَهَا یَوْمَ الدِّیْنِ ۟

সিহঁতে প্ৰতিদান দিৱসত তাৰ ভিতৰত প্ৰৱেশ কৰিব আৰু তাৰ উত্তাপৰ সন্মুখীন হ’ব। info
التفاسير: |

16 : 82

وَمَا هُمْ عَنْهَا بِغَآىِٕبِیْنَ ۟ؕ

আৰু সিহঁতে তাৰ পৰা কেতিয়াও পলায়ন কৰিব নোৱাৰিব। বৰং চিৰকাল তাৰ ভিতৰতে থাকিব। info
التفاسير: |

17 : 82

وَمَاۤ اَدْرٰىكَ مَا یَوْمُ الدِّیْنِ ۟ۙ

হে ৰাছুল! আপোনাক কিহে জনাব যে প্ৰতিদান দিৱস কি? info
التفاسير: |

18 : 82

ثُمَّ مَاۤ اَدْرٰىكَ مَا یَوْمُ الدِّیْنِ ۟ؕ

আকৌ কৈছোঁ, আপোনাক কিহে জনাব যে প্ৰতিদান দিৱস কি? info
التفاسير: |

19 : 82

یَوْمَ لَا تَمْلِكُ نَفْسٌ لِّنَفْسٍ شَیْـًٔا ؕ— وَالْاَمْرُ یَوْمَىِٕذٍ لِّلّٰهِ ۟۠

সিদিনাখন কোনেও কাৰো উপকাৰ কৰিব নোৱাৰিব, আৰু সেইদিনা সকলো ক্ষমতা থাকিব কেৱল আল্লাহৰ হাতত। তেওঁ যি ইচ্ছা কৰিব সেইটোৱে কৰিব। আন কাৰো হাতত এনেকুৱা কোনো ক্ষমতা নাথাকিব। info
التفاسير: |
Beneficios de los versículos de esta página:
• التحذير من الغرور المانع من اتباع الحق.
সত্যৰ অনুসৰণত হেঙাৰ দিব পৰা অভিমানৰ পৰা সতৰ্ক কৰা হৈছে। info

• الجشع من الأخلاق الذميمة في التجار ولا يسلم منه إلا من يخاف الله.
লালসা হৈছে ব্যৱসায়ীসকলৰ এটা অৱগুণ। ইয়াৰ পৰা কেৱল তেৱেঁই সুৰক্ষিত থাকিব পাৰে, যিয়ে আল্লাহক ভয় কৰে। info

• تذكر هول القيامة من أعظم الروادع عن المعصية.
পাপকৰ্মৰ পৰা বিৰত থকাৰ অন্যতম এটা উপায় হৈছে ক্বিয়ামতৰ ভয়াৱহ অৱস্থাক স্মৰণ কৰা। info

prev

আল-ইনফিতাৰ

next
:
0:00 0:00