क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (20) सूरा: सूरा अस्-सज्दा
وَاَمَّا الَّذِیْنَ فَسَقُوْا فَمَاْوٰىهُمُ النَّارُ ؕ— كُلَّمَاۤ اَرَادُوْۤا اَنْ یَّخْرُجُوْا مِنْهَاۤ اُعِیْدُوْا فِیْهَا وَقِیْلَ لَهُمْ ذُوْقُوْا عَذَابَ النَّارِ الَّذِیْ كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ۟
আনহাতে যিসকলে কুফৰী কৰি আৰু গুনাহত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল, কিয়ামতৰ দিনা হ’বলগীয়া সিহঁতৰ ঠিকনাটো হৈছে জাহান্নাম, যিটো সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে। তাত সিহঁতে চিৰকাল অৱস্থান কৰিব। যেতিয়াই সিহঁতে তাৰ পৰা ওলোৱাৰ চেষ্টা কৰিব, তেতিয়াই সিহঁতক তালৈ পুনৰ খেদি পঠিওৱা হ’ব। লগতে সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ “আজি জাহান্নামৰ এই শাস্তি ভোগ কৰা, যি শাস্তিক তোমালোকে পৃথিৱীত অস্বীকাৰ কৰিছিলা; যেতিয়া তোমালোকৰ ৰাছুলসকলে তোমালোকক এই শাস্তিৰ পৰা সতৰ্ক কৰিছিল”।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• إيمان الكفار يوم القيامة لا ينفعهم؛ لأنها دار جزاء لا دار عمل.
কিয়ামতৰ দিনা কাফিৰসকলৰ ঈমানে সিহঁতক কোনো উপকাৰ সাধন নকৰিব। কাৰণ সেইটো হৈছে প্ৰতিদানৰ ঠাই, আমলৰ ঠাই নহয়।

• خطر الغفلة عن لقاء الله يوم القيامة.
কিয়ামতৰ দিনা হ’বলগীয়া আল্লাহৰ সাক্ষৎ সম্পৰ্কীয় অমনোযোগিতা বৰ ভয়াৱহ।

• مِن هدي المؤمنين قيام الليل.
ৰাতি জাগৰণ কৰি চালাত আদায় কৰাটো মুমিনসকলৰ পৰিচয়।

 
अर्थों का अनुवाद आयत: (20) सूरा: सूरा अस्-सज्दा
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - अनुवादों की सूची

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

बंद करें