क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (109) सूरा: सूरा अल्-माइदा
یَوْمَ یَجْمَعُ اللّٰهُ الرُّسُلَ فَیَقُوْلُ مَاذَاۤ اُجِبْتُمْ ؕ— قَالُوْا لَا عِلْمَ لَنَا ؕ— اِنَّكَ اَنْتَ عَلَّامُ الْغُیُوْبِ ۟
হে মানৱজাতি! ক্বিয়ামতৰ দিনক স্মৰণ কৰা, যেতিয়া আল্লাহে সকলো ৰাছুলক একত্ৰিত কৰিব, আৰু তেওঁলোকক সুধিব যে, যি জাতিৰ ওচৰলৈ আপোনালোকক প্ৰেৰণ কৰা হৈছিল, সিহঁতে আপোনালোকক কেনেকুৱা সঁহাৰি দিছিল? তেওঁলোকে উত্তৰত ক'বঃ আমি একো নাজানো, হে ৰব্ব! প্ৰকৃত জ্ঞান তোমাৰেই ওচৰত। অদৃশ্য বিষয় সম্পৰ্কে কেৱল মাত্ৰ তুমিহে জানা।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• إثبات جمع الله للخلق يوم القيامة جليلهم وحقيرهم.
এই কথাৰ প্ৰমাণ যে, আল্লাহে ক্বিয়ামতৰ দিনা সৰু বৰ সকলো সৃষ্টিকে একত্ৰিত কৰিব।

• إثبات بشرية المسيح عليه السلام وإثبات آياته الحسية من إحياء الموتى وإبراء الأكمه والأبرص التي أجراها الله على يديه.
এই কথাৰ প্ৰমাণ যে, ঈছা আলাইহিচ্ছালাম এজন মানৱ আছিল, তথা তেওঁক প্ৰদান কৰা কিছুমান বাস্তৱ নিদৰ্শনৰ বৰ্ণনা, যেনে মৃত ব্যক্তিক জীৱিত কৰা, জন্মান্ধ আৰু কুষ্ঠৰোগীক সুস্থতা প্ৰদান কৰা, যিবোৰ দৰাচলতে আল্লাহৰ অনুমতিক্ৰমে তেওঁৰ দ্বাৰা বাস্তৱায়িত হৈছিল।

• بيان أن آيات الأنبياء تهدف لتثبيت الأتباع وإفحام المخالفين، وأنها ليست من تلقاء أنفسهم، بل تأتي بإذن الله تعالى.
এই কথাৰ বৰ্ণনা যে, নবীসকলৰ নিদৰ্শনৰ উদ্দেশ্য হৈছে এই যে, তেওঁৰ অনুসাৰী সকলক মজবুত কৰা তথা বিৰোধী সকলক নিৰুত্তৰ কৰা, আৰু এইবোৰ নিদৰ্শন আল্লাহৰ পৰা আহে।

 
अर्थों का अनुवाद आयत: (109) सूरा: सूरा अल्-माइदा
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - अनुवादों की सूची

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

बंद करें