Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (108) පරිච්ඡේදය: යූනුස්
قُلْ یٰۤاَیُّهَا النَّاسُ قَدْ جَآءَكُمُ الْحَقُّ مِنْ رَّبِّكُمْ ۚ— فَمَنِ اهْتَدٰی فَاِنَّمَا یَهْتَدِیْ لِنَفْسِهٖ ۚ— وَمَنْ ضَلَّ فَاِنَّمَا یَضِلُّ عَلَیْهَا ؕ— وَمَاۤ اَنَا عَلَیْكُمْ بِوَكِیْلٍ ۟ؕ
হে ৰাছুল! আপুনি কৈ দিয়কঃ হে মানৱজাতি! তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা কোৰআন আহি পৰিছে। এতেকে যিয়ে সঠিক পথ অৱলম্বন কৰিব আৰু তাৰ প্ৰতি ঈমান পোষণ কৰিব, তাৰ উপকাৰ সি নিজেই লাভ কৰিব। কিয়নো আল্লাহ তাআলা বান্দাসকলৰ আনুগত্যৰ পৰা অমুখাপেক্ষী। আনহাতে যিয়ে পথভ্ৰষ্টতাৰ পথ অৱলম্বন কৰিব, সেই পথভ্ৰষ্টতাৰ প্ৰভাৱ অকল তাৰ ওপৰতেই পৰিব। কিয়নো বান্দাৰ অবাধ্যতাই আল্লাহৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰে। মই তোমালোকৰ কৰ্মৰ নিৰীক্ষক নহয় যে সেইবোৰ মই গণনা কৰিম, আৰু তোমালোকৰ পৰা তাৰ হিচাপ-নিকাচ বিচাৰিম।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• إن الخير والشر والنفع والضر بيد الله دون ما سواه.
নিশ্চয় কল্যাণ, অকল্যাণ তথা উপকাৰ আৰু অপকাৰ এই সকলোবোৰৰ অধিকাৰ কেৱল আল্লাহৰ হাতত, এই ক্ষেত্ৰত আন কাৰো ক্ষমতা নাই।

• وجوب اتباع الكتاب والسُّنَّة والصبر على الأذى وانتظار الفرج من الله.
কোৰআন হাদীছৰ অনুসৰণ কৰা, দুখ-কষ্টত ধৈৰ্য ধাৰণ কৰা তথা আল্লাহৰ ফালৰ পৰা প্ৰশস্ততা লাভৰ অপেক্ষা কৰা অনিবাৰ্য।

• آيات القرآن محكمة لا يوجد فيها خلل ولا باطل، وقد فُصِّلت الأحكام فيها تفصيلًا تامَّا.
কোৰআনৰ আয়াতসমূহ সুদৃঢ়, ইয়াত কোনো ধৰণৰ ত্ৰুটি-বিচ্যুতি নাই। ইয়াত থকা বিধি-বিধানসমূহ বিশদভাৱে বিৰ্ণিত।

• وجوب المسارعة إلى التوبة والندم على الذنوب لنيل المطلوب والنجاة من المرهوب.
ভয়াৱহ আৰু অপ্ৰিয় বস্তুৰ পৰা মুক্তি লাভৰ বাবে, লগতে উদ্দেশ্যত উপনীত হোৱাৰ বাবে পাপ কৰ্মত অনুতপ্ত হৈ তাওবা কৰিবলৈ খৰধৰ কৰা উচিত।

 
අර්ථ කථනය වාක්‍යය: (108) පරිච්ඡේදය: යූනුස්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න