ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (89) පරිච්ඡේදය: සූරා හූද්
وَیٰقَوْمِ لَا یَجْرِمَنَّكُمْ شِقَاقِیْۤ اَنْ یُّصِیْبَكُمْ مِّثْلُ مَاۤ اَصَابَ قَوْمَ نُوْحٍ اَوْ قَوْمَ هُوْدٍ اَوْ قَوْمَ صٰلِحٍ ؕ— وَمَا قَوْمُ لُوْطٍ مِّنْكُمْ بِبَعِیْدٍ ۟
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মোৰ লগত তোমালোকৰ শত্ৰুতাই যেন মই লৈ অহা চৰীয়তক অস্বীকাৰ কৰিবলৈ অৰিহণা নোযোগায়। মই আশংকা কৰিছো তোমালোকে যেনিবা সেই শাস্তিৰ সন্মুখীন হোৱা নেকি, যি শাস্তি ভোগ কৰিছিল নূহ সম্প্ৰদায়, হূদ সম্প্ৰদায় আৰু ছলেহৰ সম্প্ৰদায়ে। আনহাতে লূত সম্প্ৰদায়ে ভোগ কৰা শাস্তিও দেখোন তোমালোকৰ পৰা সময় তথা স্থানৰ ক্ষেত্ৰতো বেছি দূৰ নহয়। তোমালোকে দেখোন জানাই সিহঁতৰ প্ৰতি কেনেকুৱা শাস্তি আহিছিল। এতেকে তোমালোকে তাৰ পৰা শিক্ষা লোৱা।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• ذمّ الجهلة الذين لا يفقهون عن الأنبياء ما جاؤوا به من الآيات.
এনেকুৱা নিৰক্ষৰ তথা মুৰ্খ লোকসকলক নিন্দা কৰা হৈছে, যিহঁতে নবীসকলে লৈ অহা নিদৰ্শনক বুজিবলৈ যত্ন নকৰে।

• ذمّ وتسفيه من اشتغل بأوامر الناس، وأعرض عن أوامر الله.
এনেকুৱা লোকৰো নিন্দা কৰা হৈছে, যিসকলে মানুহৰ কথা মানিবলৈ সদায় সচেতন থাকে কিন্তু আল্লাহৰ আদেশক অৱজ্ঞা কৰে।

• بيان دور العشيرة في نصرة الدعوة والدعاة.
সত্কৰ্মৰ আহ্বান আৰু আহ্বানকাৰীৰ সহায়-সহযোগত পৰিয়ালৰ লোকসকলৰ ভূমিকাৰ বৰ্ণনা।

• طرد المشركين من رحمة الله تعالى.
মুশ্বৰিকসকল আল্লাহৰ কৃপাৰ পৰা বিতাড়িত।

 
අර්ථ කථනය වාක්‍යය: (89) පරිච්ඡේදය: සූරා හූද්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - පරිවර්තන පටුන

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

වසන්න