Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (66) පරිච්ඡේදය: යූසුෆ්
قَالَ لَنْ اُرْسِلَهٗ مَعَكُمْ حَتّٰی تُؤْتُوْنِ مَوْثِقًا مِّنَ اللّٰهِ لَتَاْتُنَّنِیْ بِهٖۤ اِلَّاۤ اَنْ یُّحَاطَ بِكُمْ ۚ— فَلَمَّاۤ اٰتَوْهُ مَوْثِقَهُمْ قَالَ اللّٰهُ عَلٰی مَا نَقُوْلُ وَكِیْلٌ ۟
সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ মই এওঁক তোমালোকৰ লগত কেতিয়াও নপঠিয়াওঁ। যেতিয়ালৈকে তোমালোকে এওঁক ঘূৰাই অনাৰ বাবে আল্লাহৰ শপত খাই দৃঢ় প্ৰতিশ্ৰুতি নিদিবা। যদি তোমালোক সকলোৱে বিপদত আৱদ্ধ হোৱা আৰু কোনেও ৰক্ষা নোপোৱা লগতে সেই বিপদ দূৰ কৰিবও নোৱাৰা আৰু ঘূৰিও আহিব নোৱাৰা তেন্তে সেয়া সুকীয়া কথা। এতেকে যেতিয়া সিহঁতে আল্লাহৰ শপত খাই দৃঢ় প্ৰতিশ্ৰুতি প্ৰদান কৰিলে তেতিয়া ইয়াকূবে ক'লেঃ আমি যি কৈ আছো, সেই সম্পৰ্কে আল্লাহেই সাক্ষী। আমাৰ বাবে তেওঁৰ সাক্ষীয়ে যথেষ্ট।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• الأمر بالاحتياط والحذر ممن أُثِرَ عنه غدرٌ، وقد ورد في الحديث الصحيح: ((لَا يُلْدَغُ المُؤْمِنٌ مِنْ جُحْرٍ وَاحِدٍ مَرَّتَيْنِ))، [أخرجه البخاري ومسلم].
প্ৰৱঞ্চক ব্যক্তিৰ পৰা সদায় সতৰ্ক থকাৰ নিৰ্দেশ দিয়া হৈছে, কাৰণ ছহীহ হাদীছত বৰ্ণিত হৈছে যে, এটা গাতৰ পৰাই কেতিয়াও মুমিনক (সাপে) দুবাৰ খুটিব নোৱাৰে। (বুখাৰী আৰু মুছলিমে এই হাদীছটো বৰ্ণনা কৰিছে।)

• من وجوه الاحتياط التأكد بأخذ المواثيق المؤكدة باليمين، وجواز استحلاف المخوف منه على حفظ الودائع والأمانات.
সতৰ্কতা তথা সাৱধানতাৰ এটা উপায় হৈছে শপত খোৱাই দৃঢ় প্ৰতিশ্ৰুতি গ্ৰহণ কৰা, আৰু কোনো ব্যক্তিৰ প্ৰতি আশংকা হ'লে আমানত তথা ধন সুৰক্ষাৰ বাবে তাৰ পৰা শপত লোৱাৰ বৈধতা।

• يجوز لطالب اليمين أن يستثني بعض الأمور التي يرى أنها ليست في مقدور من يحلف اليمين.
শপত বাক্য পাঠ কৰোৱা ব্যক্তিয়ে কিছুমান বিষয় শপতৰ পৰা পৃথক কৰিব পাৰে, যদি তেওঁ ভাৱে যে, উক্ত বিষয়টো শপত খোৱা ব্যক্তিৰ সাধ্যাতীত।

• من الأخذ بالأسباب الاحتياط من المهالك.
উপায় অৱলম্বন কৰাৰ এটা মাধ্যম হৈছে বিনাশৰ স্থানৰ পৰা সতৰ্ক থকা।

 
අර්ථ කථනය වාක්‍යය: (66) පරිච්ඡේදය: යූසුෆ්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න