Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (63) පරිච්ඡේදය: අන් නූර්
لَا تَجْعَلُوْا دُعَآءَ الرَّسُوْلِ بَیْنَكُمْ كَدُعَآءِ بَعْضِكُمْ بَعْضًا ؕ— قَدْ یَعْلَمُ اللّٰهُ الَّذِیْنَ یَتَسَلَّلُوْنَ مِنْكُمْ لِوَاذًا ۚ— فَلْیَحْذَرِ الَّذِیْنَ یُخَالِفُوْنَ عَنْ اَمْرِهٖۤ اَنْ تُصِیْبَهُمْ فِتْنَةٌ اَوْ یُصِیْبَهُمْ عَذَابٌ اَلِیْمٌ ۟
হে মুমিনসকল! আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সন্মান কৰা। তেওঁক যদি মাতিবলগীয়া হয়, তেতিয়া তেওঁক নাম ধৰি নামাতিবা, যেনেঃ হে মুহাম্মদ। অথবা তেওঁৰ পিতৃৰ নাম ধৰিও নামাতিবা যিদৰে তোমালোকে ইজনে সিজনক মাতা, উদাহৰণস্বৰূপেঃ হে আব্দুল্লাহৰ তনয়। বৰং তোমালোকে এনেকৈ মাতিবাঃ “হে আল্লাহৰ ৰাছুল”, নাইবা “হে আল্লাহৰ নবী”। তেওঁ যদি তোমালোকক কোনো সাধাৰণ কামৰ বাবেও মাতে, তথাপিও তোমালোকে সেই আহ্বানক তোমালোকৰ নিজৰ মাজৰ অনৰ্থক আহ্বানৰ দৰে নাভাৱিবা। বৰং সেই আহ্বানত শীঘ্ৰেই সঁহাৰি দিবা। জানি থোৱা! তোমালোকৰ মাজৰ যিসকলে অনুমতি নোলোৱাকৈ গোপনে পলায়ন কৰে, আল্লাহে সেইসকল লোকক ভালদৰেই জানে। এতেকে যিসকল লোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ অমান্য কৰে সিহঁতে ভয় কৰা উচিত, কাৰণ সিহঁত কোনো বিপদ-আপদত গ্ৰেপ্তাৰ হ'ব পাৰে অথবা কষ্টদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব পাৰে। যিটোক সিহঁতে সহ্য কৰিব নোৱাৰিব।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• دين الإسلام دين النظام والآداب، وفي الالتزام بالآداب بركة وخير.
ইছলাম হৈছে প্ৰণালীবদ্ধ আৰু উত্তম শিষ্টাচাৰৰ ধৰ্ম। শিষ্টাচাৰ পালনৰ মাজত আছে বৰকত আৰু কল্যাণ।

• منزلة رسول الله صلى الله عليه وسلم تقتضي توقيره واحترامه أكثر من غيره.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক আনতকৈ অধিক মৰ্যাদা দিয়া আৰু সন্মান কৰাটো হৈছে তেওঁৰ উচ্চ আসনৰ দাবী।

• شؤم مخالفة سُنَّة النبي صلى الله عليه وسلم.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ বিৰুদ্ধাচৰণ কৰাৰ দুষ্পৰিণাম।

• إحاطة ملك الله وعلمه بكل شيء.
সকলো বস্তুৱেই আল্লাহৰ ৰাজত্বৰ অধীনস্থ আৰু সকলো বস্তুৱেই তেওঁৰ জ্ঞানৰ দ্বাৰা পৰিবেষ্টিত।

 
අර්ථ කථනය වාක්‍යය: (63) පරිච්ඡේදය: අන් නූර්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න