Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (8) පරිච්ඡේදය: අල් අන්කබූත්
وَوَصَّیْنَا الْاِنْسَانَ بِوَالِدَیْهِ حُسْنًا ؕ— وَاِنْ جٰهَدٰكَ لِتُشْرِكَ بِیْ مَا لَیْسَ لَكَ بِهٖ عِلْمٌ فَلَا تُطِعْهُمَا ؕ— اِلَیَّ مَرْجِعُكُمْ فَاُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟
আমি মানুহক নিৰ্দেশ দিছোঁ যে, সিহঁতে যেন নিজৰ পিতৃ-মাতৃৰ সৈতে সদাচৰণ কৰে তথা সদ্ব্যৱহাৰ কৰে। হে মানৱ! যদি তোমাৰ পিতৃ-মাতৃয়ে মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, যিটো বিষয়ত তোমাৰ কোনো জ্ঞান নাই, -যেনে চাআদ বিন আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ মাতৃয়ে তেওঁক হেঁচা প্ৰয়োগ কৰিছিল- এনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ কথা নামানিবা। কাৰণ সৃষ্টিকৰ্তাৰ অবাধ্যতা কৰি, সৃষ্টিৰ আদেশ পালন কৰাটো কেতিয়াও বৈধ নহয়। কিয়ামতৰ দিনা তোমালোকে একমাত্ৰ মোৰ ওচৰতেই উভতি আহিবা। গতিকে সেইদিনা মই তোমালোকক সেই সকলো কৰ্ম সম্পৰ্কে অৱগত কৰাম, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা। তথা তোমালোকক সেইবোৰৰ প্ৰতিদানো প্ৰদান কৰিম।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• الأعمال الصالحة يُكَفِّر الله بها الذنوب.
সৎকৰ্মৰ দ্বাৰা আল্লাহে গুনাহক প্ৰায়শ্চিত্ত কৰি দিয়ে।

• تأكُّد وجوب البر بالأبوين.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ তথা সদাচৰণ কৰা অনিবাৰ্য।

• الإيمان بالله يقتضي الصبر على الأذى في سبيله.
আল্লাহৰ প্ৰতি ঈমানৰ দাবী হৈছে, তেওঁৰ পথত অহা সকলো কষ্ট সহ্য কৰি ধৈৰ্য্য ধাৰণ কৰা।

• من سنَّ سُنَّة سيئة فعليه وزرها ووزر من عمل بها من غير أن ينقص من أوزارهم شيء.
যি ব্যক্তিয়ে কোনো কুঃপ্ৰথা আৰম্ভ কৰিব, সেই ব্যক্তিয়ে তাৰ গুনাহ নিশ্চয় পাব, কিন্তু তাৰোপৰি যিসকল লোকে সেই প্ৰথা অনুসৰি আমল কৰিব, সিহঁতৰ গুনাহো সি পাই থাকিব। কিন্তু অনুসৰণকাৰীসকলৰ গুনাহত একো হ্ৰাস নহ'ব।

 
අර්ථ කථනය වාක්‍යය: (8) පරිච්ඡේදය: අල් අන්කබූත්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න