Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය පරිච්ඡේදය: අර් රහ්මාන්   වාක්‍යය:

আৰ-ৰহমান

සූරාවෙහි අරමුණු:
تذكير الجن والإنس بنعم الله الباطنة والظاهرة، وآثار رحمته في الدنيا والآخرة.
আল্লাহৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য নিয়ামতসমূহ সম্পৰ্কে জিন আৰু মানৱক অৱগত কৰোৱা, লগতে পৃথিৱী আৰু আখিৰাতত তেওঁৰ ৰহমতৰ যি প্ৰভাৱ আছে সেইটো অৱগত কৰোৱা।

اَلرَّحْمٰنُ ۟ۙ
কৰুণাময়, যিজন প্রশস্ত দয়াৰ অধিকাৰী।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
عَلَّمَ الْقُرْاٰنَ ۟ؕ
তেৱেঁই মানুহৰ বাবে সহজ কৰি দিছে কোৰআন মুখস্থ কৰা আৰু ইয়াৰ অর্থ অনুধাৱন কৰা।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
خَلَقَ الْاِنْسَانَ ۟ۙ
তেৱেঁই মানুহক পূর্ণাঙ্গ ৰূপে আৰু অতি সুন্দৰ সৌষ্ঠৱত সৃষ্টি কৰিছে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
عَلَّمَهُ الْبَیَانَ ۟
তেৱেঁই মানুহক কথা আৰু লিখাৰ মাধ্যমত মনৰ ভাৱ প্রকাশ কৰাৰ পদ্ধতি শিকাইছে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اَلشَّمْسُ وَالْقَمَرُ بِحُسْبَانٍ ۟ۙ
তেৱেঁই সূর্য্য আৰু চন্দ্রক নির্ধাৰণ কৰিছে। উভয়ে নিপুণভাৱে পৰিচালিত। যাতে মানুহে বছৰৰ সংখ্যা আৰু হিচাপ ৰাখিব পাৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَّالنَّجْمُ وَالشَّجَرُ یَسْجُدٰنِ ۟
কাণ্ডহীন তৃণলতা আৰু বৃক্ষৰাজি উভয়েই মহান আল্লাহৰ উদ্দেশ্যে অনুগত আৰু অবনমিত হৈ ছাজদাহ কৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالسَّمَآءَ رَفَعَهَا وَوَضَعَ الْمِیْزَانَ ۟ۙ
তেৱেঁই আকাশক পৃথিৱীৰ ওপৰত চাদ হিচাপে উত্থিত কৰিছে। লগতে পৃথিৱীত ন্যায় বিচাৰ স্থাপন কৰিছে আৰু বান্দাসকলক এই বিষয়ে নির্দেশও দিছে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اَلَّا تَطْغَوْا فِی الْمِیْزَانِ ۟
তেওঁ ন্যায় বিচাৰ স্থাপন কৰিছে এইকাৰণে যে, হে মানৱ সমাজ! যাতে তোমালোকে অবিচাৰ কৰিব নোৱাৰা। লগতে যাতে ওজন আৰু মাপত তোমালোকে খিয়ানত কৰিব নোৱাৰা।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَاَقِیْمُوا الْوَزْنَ بِالْقِسْطِ وَلَا تُخْسِرُوا الْمِیْزَانَ ۟
তোমালোকে পৰস্পৰৰ মাজত ওজন কৰি দিয়াৰ সময়ত ন্যায় প্ৰতিষ্ঠা কৰিবা, আনক ওজন কৰি দিওঁতে কমকৈ নিদিবা।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالْاَرْضَ وَضَعَهَا لِلْاَنَامِ ۟ۙ
তেৱেঁই সৃষ্টিৰ স্থিৰতাৰ উদ্দেশ্যে পৃথিৱীক বসবাস উপযোগী হিচাপে স্থাপন কৰিছে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
فِیْهَا فَاكِهَةٌ وَّالنَّخْلُ ذَاتُ الْاَكْمَامِ ۟ۖ
য’ত আছে ফলদায়ক বৃক্ষৰাজি আৰু শাখা বিশিষ্ট খেজুৰ গছ, য’ত জোকা জোকা খেজুৰ ফলে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالْحَبُّ ذُو الْعَصْفِ وَالرَّیْحَانُ ۟ۚ
লগতে তাত আছে বাকলিযুক্ত শস্য যেনেঃ গম আৰু জৱ আদি, আৰু আছে সুগন্ধিযুক্ত তৃণলতা।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
خَلَقَ الْاِنْسَانَ مِنْ صَلْصَالٍ كَالْفَخَّارِ ۟ۙ
তেৱেঁই আদম (আলাইহিচ্ছালাম)ক পোৰা মাটি সদৃশ ঠনঠনীয়া শুকান মাটিৰে সৃষ্টি কৰিছে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَخَلَقَ الْجَآنَّ مِنْ مَّارِجٍ مِّنْ نَّارٍ ۟ۚ
আৰু জিনসকলৰ পিতাক ধোঁৱাবিহীন লেলিহান অগ্নিশিখাৰে সৃষ্টি কৰিছে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
رَبُّ الْمَشْرِقَیْنِ وَرَبُّ الْمَغْرِبَیْنِ ۟ۚ
তেৱেঁই শীত আৰু গ্রীষ্মকালত সূর্যৰ দুয়ো উদয়াচল আৰু দুয়ো অস্তাচলৰ প্ৰতিপালক।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• كتابة الأعمال صغيرها وكبيرها في صحائف الأعمال.
সৰু-বৰ সকলো কৰ্ম আমলনামাত লিপিবদ্ধ থাকিব।

• ابتداء الرحمن بذكر نعمه بالقرآن دلالة على شرف القرآن وعظم منته على الخلق به.
দয়াময় আল্লাহে তেওঁৰ নিয়ামতসমূহ উল্লেখ কৰাৰ পূৰ্বে কোৰআনৰ বিষয়ে আলোচনা কৰিছে, এই বিষয়টোৱে কোৰআনৰ মর্যাদা প্ৰমাণ কৰে আৰু ইয়াৰ দ্বাৰা যে সৃষ্টিজগতৰ প্ৰতি মহা অনুগ্রহ কৰা হৈছে সেইটোকে প্রমাণ কৰে।

• مكانة العدل في الإسلام.
ইছলামত ন্যায় বিচাৰৰ আসন হৈছে সুউচ্চ।

• نعم الله تقتضي منا العرفان بها وشكرها، لا التكذيب بها وكفرها.
আল্লাহৰ নিয়ামতসমূহে আমাৰ পৰা স্বীকৃতি আৰু কৃতজ্ঞতা দাবী কৰে। সেইবোৰক অস্বীকাৰ কৰা অথবা কুফৰী কৰাৰ অৱকাশ নাই।

 
අර්ථ කථනය පරිච්ඡේදය: අර් රහ්මාන්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න