แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม * - สารบัญ​คำแปล


แปลความหมาย​ สูเราะฮ์: Al-Feel   อายะฮ์:

ছুৰা আল-ফীল

วัตถุประสงค์ของสูเราะฮ์:
بيان قدرة الله وبطشه بالكائدين لبيته المحرّم.
আল্লাহৰ সন্মানীয় কাবা গৃহকলৈ চক্ৰান্ত কৰা লোকসকলৰ প্ৰতি আল্লাহৰ মজবুত গ্ৰেপ্তাৰী আৰু তেওঁৰ ক্ষমতাৰ বৰ্ণনা।

اَلَمْ تَرَ كَیْفَ فَعَلَ رَبُّكَ بِاَصْحٰبِ الْفِیْلِ ۟ؕ
হে ৰাছুল, আপুনি নাজানে নেকি আপোনাৰ প্ৰতিপালকে আবৰাহা আৰু তাৰ হাতী অধিপতি সৈন্যৰ সৈতে কি কৰিছিল, যেতিয়া সিহঁতে কাবা ঘৰ ভাঙিবলৈ সংকল্প কৰিছিল।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
اَلَمْ یَجْعَلْ كَیْدَهُمْ فِیْ تَضْلِیْلٍ ۟ۙ
আল্লাহ তাআলাই সিহঁতৰ কাবা ধ্বংস কৰাৰ চক্ৰান্ত বিফল কৰি দিছিল। ফলত সিহঁতে মানুহক কাবাৰ পৰা বিমুখ কৰাৰ যি সংকল্প লৈছিল, তাত সিহঁতে সফলতা পোৱা নাছিল আৰু নিৰাশ হৈ উভতিছিল।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَّاَرْسَلَ عَلَیْهِمْ طَیْرًا اَبَابِیْلَ ۟ۙ
আৰু সিহঁতৰ প্ৰতি জাকে জাকে চৰাই পঠাইছিল।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
تَرْمِیْهِمْ بِحِجَارَةٍ مِّنْ سِجِّیْلٍ ۟ۙ
যিবোৰে সিহঁতৰ ওপৰত টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَجَعَلَهُمْ كَعَصْفٍ مَّاْكُوْلٍ ۟۠
ফলত সিহঁতক সেই ভক্ষিত তৃণ সদৃশ কৰিছিল, যিবোৰ জন্তুয়ে খায় আৰু ভৰিৰে মোহাৰি চেপেটা কৰে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• خسران من لم يتصفوا بالإيمان وعمل الصالحات، والتواصي بالحق، والتواصي بالصبر.
সেই সকলৰ বাবে বিফলতা অনিবাৰ্য, যিসকলে ঈমান, সৎকৰ্ম, সত্যৰ উপদেশ আৰু ধৈৰ্যৰ উপদেশ আদিৰ পৰা বিৰত থাকে।

• تحريم الهَمْز واللَّمْز في الناس.
মানুহৰ মাজত পৰচৰ্চা, পৰনিন্দা কৰা হাৰাম।

• دفاع الله عن بيته الحرام، وهذا من الأمن الذي قضاه الله له.
আল্লাহে নিজৰ সন্মানিত ঘৰ কাবাৰ সুৰক্ষা কৰে। আচলতে এয়া হৈছে সেই নিৰাপত্তাৰ অংশ বিশেষ, যিটো আল্লাহ তাআলাই সেই ঘৰৰ কাৰণে ফয়চালা কৰি ৰাখিছে।

 
แปลความหมาย​ สูเราะฮ์: Al-Feel
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม - สารบัญ​คำแปล

แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม,โดยศูนย์ตัฟซีร เพื่อการศึกษาอัลกุรอาน

ปิด