Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版 * - Mục lục các bản dịch


Ý nghĩa nội dung Câu: (21) Chương: Yusuf
وَقَالَ الَّذِی اشْتَرٰىهُ مِنْ مِّصْرَ لِامْرَاَتِهٖۤ اَكْرِمِیْ مَثْوٰىهُ عَسٰۤی اَنْ یَّنْفَعَنَاۤ اَوْ نَتَّخِذَهٗ وَلَدًا ؕ— وَكَذٰلِكَ مَكَّنَّا لِیُوْسُفَ فِی الْاَرْضِ ؗ— وَلِنُعَلِّمَهٗ مِنْ تَاْوِیْلِ الْاَحَادِیْثِ ؕ— وَاللّٰهُ غَالِبٌ عَلٰۤی اَمْرِهٖ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟
মিচৰৰ যিজন ব্যক্তিয়ে তেওঁক ক্ৰয় কৰিছিল, তেওঁ নিজৰ পত্নীক উদ্দেশ্যি ক'লেঃ এওঁৰ লগত ভাল ব্যৱহাৰ কৰিবা আৰু আমাৰ লগত থকাৰ বাবে ইয়াৰ বাবে ভাল ব্যৱস্থা কৰা। সম্ভৱতঃ এওঁৰ দ্বাৰা আমাৰ কোনো উপকাৰ হ'ব, অথবা আমি এওঁক তুলনীয়া পুত্ৰ কৰি লম। যিদৰে আমি ইউছুফক হত্যাৰ পৰা ৰক্ষা কৰিছিলো, কুঁৱাৰ পৰা উঠাই আনিছিলো আৰু আজিজৰ অন্তৰত তেওঁৰ প্ৰতি স্নেহ সৃষ্টি কৰিছিলো, সেইদৰে আমি তেওঁক মিচৰত প্ৰতিষ্ঠা কৰিছিলো যাতে আমি তেওঁক সপোনৰ ব্যাখ্যা শিকাব পাৰো। নিশ্চয় আল্লাহ নিজৰ কৰ্মত সক্ষম। তেওঁৰ আদেশ নিশ্চিতভাৱে কাৰ্যকৰী হয়। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে। কিন্তু অধিকাংশ লোক অৰ্থাৎ কাফিৰসকলে এই কথা নাজানে।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• بيان خطورة الحسد الذي جرّ إخوة يوسف إلى الكيد به والمؤامرة على قتله.
ঈৰ্ষাৰ ভয়াবহতাৰ বৰ্ণনা, ইয়াৰ ফলতেই ইউছুফৰ ভাতৃসকলে তেওঁৰ বিৰুদ্ধে হত্যাৰ চক্ৰান্ত ৰচিছিল।

• مشروعية العمل بالقرينة في الأحكام.
আহকামৰ ক্ষেত্ৰত ইঙ্গিত বহন কৰিলেই আমল কৰাৰ প্ৰমাণ।

• من تدبير الله ليوسف عليه السلام ولطفه به أن قذف في قلب عزيز مصر معاني الأبوة بعد أن حجب الشيطان عن إخوته معاني الأخوة.
এয়া ইউছুফ আলাইহিছ ছালামৰ প্ৰতি আল্লাহৰ উত্তম ব্যৱস্থাপনা তথা তেওঁৰ কৃপা আছিল যে, তেওঁ আজিজে মিচৰৰ অন্তৰত পিতৃ প্ৰেম ঢালি দিছিল। আনহাতে চয়তানে তেওঁৰ ভাতৃসকলক ভাতৃৰ মুহাব্বতৰ পৰা বঞ্চিত কৰিছিল।

 
Ý nghĩa nội dung Câu: (21) Chương: Yusuf
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版 - Mục lục các bản dịch

由古兰经研究诠释中心发行

Đóng lại