Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an * - Mục lục các bản dịch


Ý nghĩa nội dung Câu: (93) Chương: Al-Isra'
اَوْ یَكُوْنَ لَكَ بَیْتٌ مِّنْ زُخْرُفٍ اَوْ تَرْقٰی فِی السَّمَآءِ ؕ— وَلَنْ نُّؤْمِنَ لِرُقِیِّكَ حَتّٰی تُنَزِّلَ عَلَیْنَا كِتٰبًا نَّقْرَؤُهٗ ؕ— قُلْ سُبْحَانَ رَبِّیْ هَلْ كُنْتُ اِلَّا بَشَرًا رَّسُوْلًا ۟۠
অথবা আপোনাৰ বাবে সোণেৰে সুসজ্জিত এখন ঘৰ হওক, অথবা আপুনি আকাশলৈ আৰোহন কৰক। নহয়, কেৱল আকাশলৈ আৰোহন কৰিলেই আমি আপোনাক ৰাছুল বুলি বিশ্বাস নকৰোঁ, যেতিয়ালৈকে আপুনি আল্লাহৰ ফালৰ পৰা লিখিত পুথিলৈ নামি নাহিব আৰু তাত লিখা থাকিব লাগিব যে, আপুনি আল্লাহৰ ৰাছুল। হে ৰাছুল! আপুনি সিহঁতক কওক, মোৰ প্ৰতিপালক পৱিত্ৰ। মই মাত্ৰ এজন মানুহ, আন আন ৰাছুলসকলৰ দৰেই মোক প্ৰেৰণ কৰা হৈছে। একোৱেই আনিবলৈ মোৰ ক্ষমতা নাই, এতেকে মই তোমালোকৰ আবেদন কেনেকৈ পূৰণ কৰিব পাৰিম?
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• بيَّن الله للناس في القرآن من كل ما يُعْتَبر به من المواعظ والعبر والأوامر والنواهي والقصص؛ رجاء أن يؤمنوا.
আল্লাহে কোৰআনত মানুহৰ বাবে সকলো প্ৰকাৰৰ উপদেশ, শিক্ষাপ্ৰদ কথা, আদেশ-নিষেধ আৰু বাস্তৱ কাহিনী আদি বৰ্ণনা কৰিছে। যাতে মানুহে ঈমান পোষণ কৰে।

• القرآن كلام الله وآية النبي الخالدة، ولن يقدر أحد على المجيء بمثله.
কোৰআন হৈছে আল্লাহৰ বাণী আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চিৰস্থায়ী নিদৰ্শন। কোনেও ইয়াৰ অনুৰূপ দ্বিতীয়খন আনিবলৈ সক্ষম নহয়।

• من رحمة الله بعباده أن أرسل إليهم بشرًا منهم، فإنهم لا يطيقون التلقي من الملائكة.
এয়া বান্দাৰ প্ৰতি আল্লাহৰ ৰহমত যে, তেওঁ সিহঁতৰ প্ৰতি এজন মানুহকেই ৰাছুল হিচাপে প্ৰেৰণ কৰিছে। কিয়নো সিহঁতে প্ৰত্যক্ষভাৱে ফিৰিস্তাসকলৰ পৰা একো শিকিব নোৱাৰিব।

• من شهادة الله لرسوله ما أيده به من الآيات، ونَصْرُه على من عاداه وناوأه.
ৰাছুলৰ সত্যতাৰ বাবে সেইসমূহ নিদৰ্শনো আল্লাহৰ সাক্ষ্য প্ৰদানৰ অন্তৰ্ভুক্ত যিবোৰৰ দ্বাৰা তেওঁ নবীক সমৰ্থন কৰিছে। ঠিক সেইদৰে তেওঁৰ শত্ৰুসকলৰ বিৰুদ্ধে তেওঁক সহায় কৰাও এই সাক্ষ্যৰ অন্তৰ্ভুক্ত।

 
Ý nghĩa nội dung Câu: (93) Chương: Al-Isra'
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an - Mục lục các bản dịch

Do Trung tâm Diễn giải Nghiên cứu Kinh Qur'an phát hành.

Đóng lại