Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an * - Mục lục các bản dịch


Ý nghĩa nội dung Câu: (180) Chương: Ali 'Imran
وَلَا یَحْسَبَنَّ الَّذِیْنَ یَبْخَلُوْنَ بِمَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ هُوَ خَیْرًا لَّهُمْ ؕ— بَلْ هُوَ شَرٌّ لَّهُمْ ؕ— سَیُطَوَّقُوْنَ مَا بَخِلُوْا بِهٖ یَوْمَ الْقِیٰمَةِ ؕ— وَلِلّٰهِ مِیْرَاثُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟۠
আল্লাহে প্ৰদান কৰা নিয়ামতক ব্যয় কৰিবলৈ যিসকলে কৃপণালী কৰে, সিহঁতে ইয়াক আল্লাহৰ কৃপা বুলি ভাবি, আল্লাহৰ অধিকাৰ খৰ্ব কৰিব নালাগে। সিহঁতে ইয়াক নিজৰ বাবে কল্যাণ বুলি ভৱাটো ঠিক নহয়, বৰং এয়া সিহঁতৰ বাবে অকল্যাণহে। কিয়নো সিহঁতে যি বিষয়ত কৃপণালী কৰি আছে, সেয়া অনতিপলমে সিহঁতৰ ডিঙিৰ হাৰ হব, যিটো কিয়ামতৰ দিনা শাস্তি স্বৰূপে সিহঁতৰ ডিঙিত ওলমি থাকিব। আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিব। সকলো সৃষ্টি ধ্বংস হোৱাৰ পিছত কেৱল তেৱেঁই জীৱিত থাকিব। নিশ্চয় আল্লাহ তোমালোকৰ সৰু সৰু কৰ্ম সম্পৰ্কেও অৱগত। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• ينبغي للمؤمن ألا يلتفت إلى تخويف الشيطان له بأعوانه وأنصاره من الكافرين، فإن الأمر كله لله تعالى.
মুমিনসকলে চয়তান আৰু তাৰ সহযোগী কাফিৰসকলৰ দ্বাৰা সৃষ্টি কৰা ভয়-ভীতিৰ প্ৰতি কাণসাৰ দিয়া উচিত নহয়। কিয়নো সকলো বিষয় আল্লাহৰ হাতত।

• لا ينبغي للعبد أن يغتر بإمهال الله له، بل عليه المبادرة إلى التوبة، ما دام في زمن المهلة قبل فواتها.
বান্দাসকলে আল্লাহে দিয়া অৱকাশৰ ওপৰত নিৰ্ভৰ কৰা ঠিক নহয়। বৰং সময় থাকোতে সোনকালে তাওবা কৰা উচিত।

• البخيل الذي يمنع فضل الله عليه إنما يضر نفسه بحرمانها المتاجرة مع الله الكريم الوهاب، وتعريضها للعقوبة يوم القيامة.
যি কৃপণে আল্লাহে প্ৰদান কৰা ধন ব্যয় কৰাৰ পৰা বিৰত থাকে, প্ৰকৃততে সি মহান দাতা ও দয়ালু আল্লাহৰ লগত খৰিদাৰিৰ পৰা বঞ্চিত হৈ তথা নিজকে ক্বিয়ামতৰ দিনা শাস্তিৰ বাবে প্ৰস্তুত কৰি নিজৰে ক্ষতি কৰি আছে।

 
Ý nghĩa nội dung Câu: (180) Chương: Ali 'Imran
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an - Mục lục các bản dịch

Do Trung tâm Diễn giải Nghiên cứu Kinh Qur'an phát hành.

Đóng lại