Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an * - Mục lục các bản dịch


Ý nghĩa nội dung Câu: (12) Chương: Al-Mumtahinah
یٰۤاَیُّهَا النَّبِیُّ اِذَا جَآءَكَ الْمُؤْمِنٰتُ یُبَایِعْنَكَ عَلٰۤی اَنْ لَّا یُشْرِكْنَ بِاللّٰهِ شَیْـًٔا وَّلَا یَسْرِقْنَ وَلَا یَزْنِیْنَ وَلَا یَقْتُلْنَ اَوْلَادَهُنَّ وَلَا یَاْتِیْنَ بِبُهْتَانٍ یَّفْتَرِیْنَهٗ بَیْنَ اَیْدِیْهِنَّ وَاَرْجُلِهِنَّ وَلَا یَعْصِیْنَكَ فِیْ مَعْرُوْفٍ فَبَایِعْهُنَّ وَاسْتَغْفِرْ لَهُنَّ اللّٰهَ ؕ— اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
হে নবী! যেতিয়া আপোনাৰ ওচৰত মুমিনা নাৰীসকলে এই কথাৰ বাইআত কৰিবলৈ আহে যে (যিদৰে মক্কা বিজয়ৰ সময়ত আহিছিল), আল্লাহৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিব, বৰং কেৱল তেওঁৰেই ইবাদত কৰিব আৰু চুৰি নকৰিব, ব্যভিচাৰ নকৰিব, অজ্ঞতা যুগৰ দৰে নিজ সন্তানক হত্যা নকৰিব আৰু ব্যভিচাৰৰ ফলত সৃষ্টি হোৱা সন্তানৰ সম্বন্ধ নিজৰ স্বামীৰ লগত সংযোগ নকৰিব তথা কোনো ভাল কামত আপোনাৰ অবাধ্য নহব- যেনে নিষেধ কৰা হৈছে, চিঞঁৰি চিঞঁৰি ক্ৰন্দন কৰা, কান্দোনৰ সময়ত গালত চৰিওৱা, কাপোৰ ফালি পেলোৱা ইত্যাদি- তেন্তে তেওঁলোকৰ পৰা আপুনি বাইআত লৈ লওঁক। আৰু বাইআত গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ বাবে আপুনি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰক। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল, আৰু তেওঁলোকৰ প্ৰতি দয়াৱান।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• مشروعية مبايعة ولي الأمر على السمع والطاعة والتقوى.
শাসকসকলৰ হাতত, তেওঁলোকৰ কথা শুনা, মানা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰাৰ প্ৰতিজ্ঞা কৰা বা বাইআত কৰা বৈধ।

• وجوب الصدق في الأفعال ومطابقتها للأقوال.
কৰ্মত সত্যতা থকা অৰ্থাৎ কথাৰ লগত কামৰ মিল থকাটো জৰুৰী।

• بيَّن الله للعبد طريق الخير والشر، فإذا اختار العبد الزيغ والضلال ولم يتب فإن الله يعاقبه بزيادة زيغه وضلاله.
আল্লাহে বান্দাসকলৰ বাবে ভাল-বেয়া উভয় পথ বৰ্ণনা কৰি দিছে। এতেকে এতিয়া যদি বান্দাই নিজৰ বাবে পথভ্ৰষ্টতাক বাচি লয় আৰু তাওবা নকৰে তেন্তে আল্লাহে শাস্তিস্বৰূপে তাৰ পথভ্ৰষ্টতা তথা বক্ৰতা আৰু বৃদ্ধি কৰি দিয়ে।

 
Ý nghĩa nội dung Câu: (12) Chương: Al-Mumtahinah
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an - Mục lục các bản dịch

Do Trung tâm Diễn giải Nghiên cứu Kinh Qur'an phát hành.

Đóng lại