Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版 * - Mục lục các bản dịch


Ý nghĩa nội dung Câu: (87) Chương: Al-'Araf
وَاِنْ كَانَ طَآىِٕفَةٌ مِّنْكُمْ اٰمَنُوْا بِالَّذِیْۤ اُرْسِلْتُ بِهٖ وَطَآىِٕفَةٌ لَّمْ یُؤْمِنُوْا فَاصْبِرُوْا حَتّٰی یَحْكُمَ اللّٰهُ بَیْنَنَا ۚ— وَهُوَ خَیْرُ الْحٰكِمِیْنَ ۟
এতেকে তোমালোকৰ এটা দলে মই মোৰ প্ৰতিপালকৰ পৰা লৈ অহা চৰীয়তৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু আনটো দলে ঈমান পোষণ কৰা নাই। এতেকে হে অস্বীকাৰকাৰী সকল! আল্লাহৰ ফয়চালাৰ অপেক্ষা কৰা। তেওঁ সৰ্বশ্ৰেষ্ঠ ফয়চালাকাৰী আৰু ন্যায়পৰায়ণ সিদ্ধান্ত গ্ৰহণকাৰী।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• اللواط فاحشة تدلُّ على انتكاس الفطرة، وناسب أن يكون عقابهم من جنس عملهم فنكس الله عليهم قُراهم.
সমকামিতা এনেকুৱা নিকৃষ্ট অশ্লীলতা, যিটো মানৱ স্বভাৱৰ বিকৃতিৰ প্ৰমাণ। সেই কাৰণেই আল্লাহে এই ঘৃণনীয় কৰ্মত লিপ্তসকলক সিহঁতৰ কৰ্ম অনুৰূপ শাস্তি হিচাপে সিহঁতৰ গাওঁখনক ওলোটাই দি বিধ্বস্ত কৰিছে।

• تقوم دعوة الأنبياء - ومنهم شعيب عليه السلام - على أصلين: تعظيم أمر الله: ويشمل الإقرار بالتوحيد وتصديق النبوة. والشفقة على خلق الله: ويشمل ترك البَخْس وترك الإفساد وكل أنواع الإيذاء.
সকলো নবীৰ বাৰ্তা দুটা বিষয়ৰ ওপৰত প্ৰতিষ্ঠিত। আল্লাহৰ আদেশৰ সন্মান, য’ত আছে তাওহীদৰ স্বীকৃতি আৰু নবুওৱতক সত্য বুলি স্বীকাৰ কৰা। দ্বিতীয়তে আল্লাহৰ সৃষ্টিৰ প্ৰতি দয়া কৰা, ইয়াৰ ভিতৰত আছে, কম দিয়াৰ পৰা বিৰত থাকা, বিপৰ্যয় সৃষ্টিৰ পৰা দূৰৈত থকা, লগতে কোনো ধৰণৰ কষ্ট দিয়াৰ পৰা বিৰত থাকা।

• الإفساد في الأرض بعد الإصلاح جُرْم اجتماعي في حق الإنسانية؛ لأن صلاح الأرض بالعقيدة والأخلاق فيه خير للجميع، وإفساد الأرض عدوان على الناس.
সংশোধনৰ পিছত পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা মানৱতাৰ প্ৰতি এটা সামাজিক অপৰাধ, কিয়নো সঠিক আক্বীদাহ তথা সৎচৰিত্ৰৰ দ্বাৰা পৃথিৱীক সংস্কাৰ কৰা সমাজৰ বাবে কল্যাণকৰ। আনহাতে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা, মানুহৰ সৈতে শত্ৰুতা কৰাৰ দৰে।

• من أعظم الذنوب وأكبرها وأشدها وأفحشها أخذُ ما لا يحقُّ أخذه شرعًا من الوظائف المالية بالقهر والجبر؛ فإنه غصب وظلم وعسف على الناس وإذاعة للمنكر وعمل به ودوام عليه وإقرار له.
জোৰ-জবৰদস্তী অবৈধ ভাৱে ধন লুণ্ঠন কৰা মহা পাপ। কিয়নো এইটো হৈছে অবৈধ কব্জা, অন্যায়, অশ্লীলতাৰ প্ৰচাৰ, তাৰ প্ৰতি আমল কৰা আৰু তাৰ সহযোগ কৰা বুজায়।

 
Ý nghĩa nội dung Câu: (87) Chương: Al-'Araf
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版 - Mục lục các bản dịch

由古兰经研究诠释中心发行

Đóng lại