Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሰበእ   አንቀጽ:
لَقَدْ كَانَ لِسَبَاٍ فِیْ مَسْكَنِهِمْ اٰیَةٌ ۚ— جَنَّتٰنِ عَنْ یَّمِیْنٍ وَّشِمَالٍ ؕ۬— كُلُوْا مِنْ رِّزْقِ رَبِّكُمْ وَاشْكُرُوْا لَهٗ ؕ— بَلْدَةٌ طَیِّبَةٌ وَّرَبٌّ غَفُوْرٌ ۟
ছাবাৰ অধিবাসীসকলে বসবাস কৰা স্থানত, আল্লাহৰ ক্ষমতা আৰু তেওঁৰ নিয়ামতৰ প্ৰকাশ্য প্ৰতীক বিদ্যমান আছিল। যেনে- তাত দুখন বাগান আছিল। এখন আছিল সোঁফালে আৰু আনখন আছিল বাওঁফালে। আমি সিহঁতক নিৰ্দেশ দিছিলোঁ, তোমালোকে নিজ প্ৰতিপালকৰ ফালৰ পোৱা জীৱিকা ভক্ষণ কৰা, আৰু ইয়াৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰা। এইখন এখন পৱিত্ৰ নগৰ, আৰু শুনা! আল্লাহ হৈছে তোমালোকৰ প্ৰতিপালক। তেওঁ অতি ক্ষমাশীল: যিয়েই তাওবা কৰি তেওঁৰ প্ৰতি উভতি আহে, তেওঁ তাৰ সকলো গুনাহ ক্ষমা কৰি দিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَعْرَضُوْا فَاَرْسَلْنَا عَلَیْهِمْ سَیْلَ الْعَرِمِ وَبَدَّلْنٰهُمْ بِجَنَّتَیْهِمْ جَنَّتَیْنِ ذَوَاتَیْ اُكُلٍ خَمْطٍ وَّاَثْلٍ وَّشَیْءٍ مِّنْ سِدْرٍ قَلِیْلٍ ۟
তথাপিও সিহঁতে আল্লাহৰ কৃতজ্ঞ হোৱাৰ পৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিমুখ হৈছিল। ফলত আমি সিহঁতৰ সেই নিয়ামতসমূহক শাস্তিলৈ ৰূপান্তৰিত কৰিছিলোঁ। তথা সিহঁতৰ ওপৰত সংহাৰী জলপ্ৰলয় প্ৰেৰণ কৰিছিলোঁ। যি বানে সিহঁতৰ মথাউৰি ধ্বংস কৰিছিল আৰু সিহঁতৰ খেতি-পথাৰ বুৰাই পেলাইছিল। লগতে সিহঁতৰ সেই বাগান দুখনক এনেকুৱা বাগানত পৰিণত কৰিছিলোঁ, যিয়ে তিক্ত আৰু কেহেটা ফল প্ৰদান কৰিছিল। লগতে তাত আছিল কিছুমান ঝাউগছ আৰু সামান্য কেইজোপামান বগৰী গছ।
የአረብኛ ቁርኣን ማብራሪያ:
ذٰلِكَ جَزَیْنٰهُمْ بِمَا كَفَرُوْا ؕ— وَهَلْ نُجٰزِیْۤ اِلَّا الْكَفُوْرَ ۟
এই পৰিৱৰ্তনৰ মূল কাৰণ হৈছে, সিহঁতে কুফৰী কৰিছিল আৰু নিয়ামতসমূহৰ পৰা বিমুখ হৈ অকৃতজ্ঞ হৈছিল। এই কঠিন শাস্তি আমি কেৱল সেইসকল লোকক প্ৰদান কৰোঁ, যিসকলে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰে আৰু তেওঁৰ সৈতে কুফৰী কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَجَعَلْنَا بَیْنَهُمْ وَبَیْنَ الْقُرَی الَّتِیْ بٰرَكْنَا فِیْهَا قُرًی ظَاهِرَةً وَّقَدَّرْنَا فِیْهَا السَّیْرَ ؕ— سِیْرُوْا فِیْهَا لَیَالِیَ وَاَیَّامًا اٰمِنِیْنَ ۟
য়ামানত আমি ছাবা-বাসীসকলৰ মাজত আৰু ছিৰিয়াত যিবোৰ জনবসতিৰ ওপৰত আমি বৰকত প্ৰদান কৰিছিলোঁ, সেইবোৰৰ ওচৰে-পাঁজৰে অন্য আৰু কিছুমান গাওঁ আমি গঢ়ি তুলিছিলোঁ। সিহঁতে এটাৰ পিছত এটা জনবসতি অতিক্ৰম কৰি সহজেই ছিৰিয়াতগৈ উপনীত হ’ব পাৰিছিল। আমি সিহঁতক কৈছিলোঁ, তোমালোকে নিজ ইচ্ছা অনুসৰি ৰাতিতেই হওক অথবা দিনত, যেতিয়াই ইচ্ছা তেতিয়াই নিৰাপদভাৱে সহজে ভ্ৰমণ কৰিব পাৰা। শত্ৰু, ভোক-পিয়াহ আদিৰ কোনো ভয় নাই।
የአረብኛ ቁርኣን ማብራሪያ:
فَقَالُوْا رَبَّنَا بٰعِدْ بَیْنَ اَسْفَارِنَا وَظَلَمُوْۤا اَنْفُسَهُمْ فَجَعَلْنٰهُمْ اَحَادِیْثَ وَمَزَّقْنٰهُمْ كُلَّ مُمَزَّقٍ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّكُلِّ صَبَّارٍ شَكُوْرٍ ۟
আল্লাহে সিহঁতৰ দূৰত্ব কম কৰি সিহঁতৰ প্ৰতি যি অনুগ্ৰহ কৰিছিল, সেই অনুগ্ৰহ পাই সিহঁতে অহংকাৰ কৰিবলৈ ধৰিলে। তথা সিহঁতে ক’লেঃ হে আমাৰ প্ৰতিপালক! এই জনবসতিবোৰ আঁতৰাই আমাৰ ভ্ৰমণৰ দূৰত্ব বৃদ্ধি কৰি দিয়া। যাতে আমি ভ্ৰমণত ভাগৰ উপলব্ধি কৰিব পাৰোঁ তথা ইয়াৰ ফলত যাতে আমাৰ বাহনবোৰৰ বিশেষত্য প্ৰকাশ পায়। দৰাচলতে সিহঁতে আল্লাহৰ নিয়ামতসমূহ পাই অহংকাৰ কৰি আৰু তেওঁৰ কৃতজ্ঞতাৰ পৰা বিমুখ হৈ নিজৰ ওপৰতেই অন্যায় কৰিছিল, লগতে সিহঁতে সিহঁতৰ মাজৰ দুখীয়া দৰিদ্ৰসকলক দেখি ঈৰ্ষা কৰিছিল। ফলত আমি সিহঁতক কিচ্ছা-কাহিনীত পৰিণত কৰিলোঁ, যাতে পৰৱৰ্তী লোকসকলে সিহঁতৰ বিষয়ে চৰ্চা কৰে। তথা আমি সিহঁতক বিভিন্ন দেশত বিভক্ত কৰিছিলোঁ, যাতে সিহঁতে সহজেই ইজনে সিজনক লগ কৰিব নোৱাৰে। নিশ্চয় ইয়াৰ মাজত- অৰ্থাৎ ছাবাৰ অধিবাসীসকলক প্ৰদান কৰা আল্লাহৰ নিয়ামতসমূহৰ মাজত আৰু এই নিয়ামতবোৰক অহংকাৰ কৰি অস্বীকাৰ কৰাৰ ফলত আৰু কুফৰীৰ কৰাৰ ফলত সিহঁতৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তিৰ মাজত - প্ৰত্যেক সেইসকল লোকৰ বাবে আছে উপদেশ, যিসকলে আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰে, আৰু তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে, লগতে বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে আৰু আল্লাহৰ নিয়ামত লাভ কৰি তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ صَدَّقَ عَلَیْهِمْ اِبْلِیْسُ ظَنَّهٗ فَاتَّبَعُوْهُ اِلَّا فَرِیْقًا مِّنَ الْمُؤْمِنِیْنَ ۟
ইবলিছৰ যিটো ধাৰণা আছিল যে, সি সিহঁতক পথভ্ৰষ্ট কৰিব আৰু সিহঁতক সত্যৰ পৰা আঁতৰাই নিব পাৰিব, সেই ধাৰণাটো সি বাস্তৱত পৰিণত কৰিলে। ফলত সিহঁতে কুফৰী আৰু পথভ্ৰষ্টতাত ইবলিছৰ অনুসৰণ কৰিবলৈ ধৰিলে। কিন্তু মুমিনসকলৰ এটা দলে তাৰ এই আকাংক্ষাক বিফল কৰিছিল। কাৰণ তেওঁলোকে ইবলিছৰ অনুসৰণ কৰা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا كَانَ لَهٗ عَلَیْهِمْ مِّنْ سُلْطٰنٍ اِلَّا لِنَعْلَمَ مَنْ یُّؤْمِنُ بِالْاٰخِرَةِ مِمَّنْ هُوَ مِنْهَا فِیْ شَكٍّ ؕ— وَرَبُّكَ عَلٰی كُلِّ شَیْءٍ حَفِیْظٌ ۟۠
ইবলিছৰ ইমান শক্তি নাই যে, সি সিহঁতক পথভ্ৰষ্ট কৰিবলৈ বাধ্য কৰাব পাৰিব। বৰং সিহঁতৰ সন্মুখত সি গুনাহৰ কৰ্মবোৰ শোভনীয় কৰি উপস্থাপন কৰিছিল আৰু সিহঁতক সত্যৰ পৰা আঁতৰোৱাবলৈ প্ৰয়াস কৰিছিল। এই অনুমতি আমি তাক এইকাৰণে প্ৰদান কৰিছিলোঁ, যাতে ইয়াৰ দ্বাৰা প্ৰকাশ হয় যে, কোনে আখিৰাত আৰু তাৰ প্ৰতিদানক বিশ্বাস কৰে আৰু কোনে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰে। হে ৰাছুল! আপোনাৰ প্ৰতিপালক সকলো বস্তুৰ সংৰক্ষক। তেৱেঁই বান্দাৰ সকলো কৰ্ম সংৰক্ষণ কৰে। তেৱেঁই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
قُلِ ادْعُوا الَّذِیْنَ زَعَمْتُمْ مِّنْ دُوْنِ اللّٰهِ ۚ— لَا یَمْلِكُوْنَ مِثْقَالَ ذَرَّةٍ فِی السَّمٰوٰتِ وَلَا فِی الْاَرْضِ وَمَا لَهُمْ فِیْهِمَا مِنْ شِرْكٍ وَّمَا لَهٗ مِنْهُمْ مِّنْ ظَهِیْرٍ ۟
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, আল্লাহৰ বাহিৰে তোমালোকে যিবোৰক নিজৰ উপাস্য বুলি ভাৱিছিলা, সেইবোৰক আজি মাতাচোন। যাতে সেইবোৰে আজি তোমালোকৰ কিবা উপকাৰ কৰিব পাৰে আৰু তোমালোকৰ বিপদ দূৰ কৰিব পাৰে। জানি থোৱা! আকাশমণ্ডল আৰু পৃথিৱীত সিহঁতৰ অণু পৰিমাণো কৰ্তৃত্ব নাই, লগতে আল্লাহৰ সৈতে সিহঁতৰ কোনো অংশীদাৰিত্বও নাই। সিহঁত আল্লাহৰ কোনো সহায়কো নহয় যে, কোনো কামত আল্লাহক সহায় কৰিব। নিশ্চয় আল্লাহ অংশীদাৰিত্বৰ পৰা আৰু সহায়ক আদিৰ পৰা সম্পূৰ্ণৰূপে অমুখাপেক্ষী।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الشكر يحفظ النعم، والجحود يسبب سلبها.
কৃতজ্ঞতাৰ ফলত নিয়ামত সুৰক্ষিত থাকে। আনহাতে অকৃতজ্ঞতা নিয়ামত কাঢ়ি লোৱাৰ কাৰণ হৈ পৰে।

• الأمن من أعظم النعم التي يمتنّ الله بها على العباد.
আল্লাহে বান্দাসকলৰ প্ৰতি কৰা নিয়ামতসমূহৰ অন্যতম এটা ডাঙৰ নিয়ামত হৈছে নিৰাপত্তা তথা শান্তি।

• الإيمان الصحيح يعصم من اتباع إغواء الشيطان بإذن الله.
সঠিক ঈমানে, আল্লাহৰ অনুমতিত চয়তানৰ অনুসৰণৰ পৰা বিৰত ৰাখে।

• ظهور إبطال أسباب الشرك ومداخله كالزعم بأن للأصنام مُلْكًا أو مشاركة لله، أو إعانة أو شفاعة عند الله.
শ্বিৰ্ক সম্পৰ্কীয় সকলো যুক্তি খণ্ডন কৰা তথা ইয়াত প্ৰৱেশ কৰা দুৱাৰসমূহ বন্ধ কৰি দিয়া। উদাহৰণস্বৰূপে এই ধাৰণা পোষণ কৰা যে, মূৰ্ত্তিবোৰৰো ক্ষমতা আছে অথবা আল্লাহৰ লগত অংশীদাৰিত্ব আছে নাইবা সেইবোৰ হৈছে সহায়ক আৰু আল্লাহৰ ওচৰত মধ্যস্থতাকাৰী।

 
የይዘት ትርጉም ምዕራፍ: ሰበእ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት