Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሰበእ   አንቀጽ:
وَیَوْمَ یَحْشُرُهُمْ جَمِیْعًا ثُمَّ یَقُوْلُ لِلْمَلٰٓىِٕكَةِ اَهٰۤؤُلَآءِ اِیَّاكُمْ كَانُوْا یَعْبُدُوْنَ ۟
হে ৰাছুল! সেই দিৱসটোলৈ মন কৰক, যেতিয়া সিহঁত আটাইকে একত্ৰিত কৰা হ’ব। তেতিয়া আল্লাহে মুশ্বৰিকসকলক ভৰ্ৎসনা আৰু নিন্দা কৰাৰ উদ্দেশ্যে ফিৰিস্তাসকলক ক’বঃ এইসকলেই পৃথিৱীত আল্লাহক এৰি তোমালোকৰ উপাসনা কৰিছিল নেকি?
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا سُبْحٰنَكَ اَنْتَ وَلِیُّنَا مِنْ دُوْنِهِمْ ۚ— بَلْ كَانُوْا یَعْبُدُوْنَ الْجِنَّ ۚ— اَكْثَرُهُمْ بِهِمْ مُّؤْمِنُوْنَ ۟
ফিৰিস্তাসকলে ক’বঃ (হে আল্লাহ!) তুমি নিৰঞ্জন তথা পৱিত্ৰ। তুমিয়ে আমাৰ অভিভাৱক তথা সংৰক্ষক, আন কোনো নহয়। আমাৰ আৰু ইহঁতৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। বৰং এই মুশ্বৰিকসকলে চয়তানকহে পূজা পাঠ কৰিছিল। চয়তানে ইহঁতৰ সন্মুখত ফিৰিস্তাৰ ৰূপ ধাৰণ কৰি আহিছিল, ফলত ইহঁতে আল্লাহক এৰি চয়তানৰ উপাসনা কৰিছিল। প্ৰকৃততে ইহঁতৰ অধিকাংশই তাৰ প্ৰতি বিশ্বাস পোষণ কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَالْیَوْمَ لَا یَمْلِكُ بَعْضُكُمْ لِبَعْضٍ نَّفْعًا وَّلَا ضَرًّا ؕ— وَنَقُوْلُ لِلَّذِیْنَ ظَلَمُوْا ذُوْقُوْا عَذَابَ النَّارِ الَّتِیْ كُنْتُمْ بِهَا تُكَذِّبُوْنَ ۟
হিচাপ-নিকাচ তথা হাচৰৰ দিনা উপাস্যবোৰে সেইসকল লোকক কোনো ধৰণৰ উপকাৰো কৰিব নোৱাৰিব আৰু অপকাৰো কৰিব নোৱাৰিব, যিসকলে সিহঁতক পৃথিৱীত উপাসনা কৰিছিল। কুফৰ আৰু পাপকৰ্মত লিপ্ত হৈ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছিল আমি সিহঁতক সম্বোধন কৰি কম যে, পৃথিৱীত তোমালোকে যি শাস্তিক অস্বীকাৰ কৰিছিলা, সেই শাস্তিৰ আজি সোৱাদ লোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا بَیِّنٰتٍ قَالُوْا مَا هٰذَاۤ اِلَّا رَجُلٌ یُّرِیْدُ اَنْ یَّصُدَّكُمْ عَمَّا كَانَ یَعْبُدُ اٰبَآؤُكُمْ ۚ— وَقَالُوْا مَا هٰذَاۤ اِلَّاۤ اِفْكٌ مُّفْتَرًی ؕ— وَقَالَ الَّذِیْنَ كَفَرُوْا لِلْحَقِّ لَمَّا جَآءَهُمْ ۙ— اِنْ هٰذَاۤ اِلَّا سِحْرٌ مُّبِیْنٌ ۟
যেতিয়া এই অস্বীকাৰকাৰী মুশ্বৰিকসকলৰ সন্মুখত আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, যিবোৰৰ মাজত কোনো ধৰণৰ সন্দেহ নাই, তেতিয়া সিহঁতে কয়ঃ এই মানুহজনে যি লৈ আহিছে, এওঁ দৰাচলতে তোমালোকক তোমালোকৰ আজোককাসকলৰ ধৰ্মৰ পৰা আঁতৰাব বিচাৰে। সিহঁতে এই কথাও কয় যে, এই কোৰআনখন হৈছে মিছা, ইয়াক সি নিজেই ৰচনা কৰি আল্লাহৰ গ্ৰন্থ বুলি প্ৰচাৰ কৰি আছে। আনহাতে নাস্তিকসকলৰ ওচৰত যেতিয়া এই কোৰআন আহি পালে তেতিয়া সিহঁতে ক'লেঃ এইখন হৈছে স্পষ্ট যাদু, যিয়ে স্বামী-স্ত্ৰীৰ মাজত আৰু পিতা-পুত্ৰৰ মাজত বিচ্ছেদ ঘটায়।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اٰتَیْنٰهُمْ مِّنْ كُتُبٍ یَّدْرُسُوْنَهَا وَمَاۤ اَرْسَلْنَاۤ اِلَیْهِمْ قَبْلَكَ مِنْ نَّذِیْرٍ ۟ؕ
আমি সিহঁতক এনেকুৱা কোনো গ্ৰন্থ দিয়া নাই যি গ্ৰন্থত লিখা আছে যে, মুহাম্মদে এইখন নিজে লিখি মিছা প্ৰচাৰ কৰি আছে। হে ৰাছুল! আমি আপোনাৰ পূৰ্বে সিহঁতৰ ওচৰলৈ কোনো ৰাছুলো প্ৰেৰণ কৰা নাছিলোঁ, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাব।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَذَّبَ الَّذِیْنَ مِنْ قَبْلِهِمْ ۙ— وَمَا بَلَغُوْا مِعْشَارَ مَاۤ اٰتَیْنٰهُمْ فَكَذَّبُوْا رُسُلِیْ ۫— فَكَیْفَ كَانَ نَكِیْرِ ۟۠
পূৰ্বৱৰ্তী উম্মতবোৰেও অস্বীকাৰ কৰিছিল, উদাহৰণস্বৰূপে আদ, ছামূদ আৰু লূত সম্প্ৰদায়। আপোনাৰ সম্প্ৰদায়ৰ মুশ্বৰিকসকলে শক্তি-সামৰ্থ, ধন-সম্পদ আৰু জনবলৰ তুলনাত পূৰ্বৱৰ্তী উম্মতৰ দহ ভাগৰ এভাগতো উপনীত হ'ব পৰা নাই। সিহঁতেও নিজ নিজ ৰাছুলক অস্বীকাৰ কৰিছিল। কিন্তু সিহঁতৰ ধন-সম্পদ, শক্তি-সামৰ্থ আৰু জনবলে একো উপকাৰ কৰিব পৰা নাছিল। অৱশেষত মোৰ শাস্তিয়ে সিহঁতক ধ্বংস কৰিছিল। এতেকে হে ৰাছুল! ভাৱি চাওক আপুনি, মোৰ শাস্তি আৰু মোৰ প্ৰতিক্ৰিয়া সিহঁতৰ ওপৰত কেনেকুৱা আছিল!
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنَّمَاۤ اَعِظُكُمْ بِوَاحِدَةٍ ۚ— اَنْ تَقُوْمُوْا لِلّٰهِ مَثْنٰی وَفُرَادٰی ثُمَّ تَتَفَكَّرُوْا ۫— مَا بِصَاحِبِكُمْ مِّنْ جِنَّةٍ ؕ— اِنْ هُوَ اِلَّا نَذِیْرٌ لَّكُمْ بَیْنَ یَدَیْ عَذَابٍ شَدِیْدٍ ۟
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, মই তোমালোকক এটা উপদেশ দিওঁ, তোমালোকে নিজৰ ইচ্ছা আকাংক্ষাৰ অনুসৰণৰ পৰা আঁতৰি আল্লাহৰ ওৱাস্তে এজন এজন বা দুজন দুজনকৈ থিয় হোৱা আৰু তোমালোকৰ নবীৰ চৰিত্ৰ সম্পৰ্কে তেওঁৰ বিবেক, সত্যতা আৰু আমনতদাৰিতাক লৈ চিন্তা-চৰ্চা কৰাচোন, তেতিয়া এই কথা স্পষ্ট হৈ পৰিব যে, তেওঁ কোনো উন্মাদ নহয়। তেওঁ তোমালোকক কঠিন শাস্তিৰ পৰা সতৰ্কহে কৰে, যদি তোমালোকে শ্বিৰ্কৰ পৰা তাওবা কৰি আল্লাহৰ পিনে উভতি নাহা তেন্তে নিশ্চয় সেই শাস্তিত পতিত হ'বা।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ مَا سَاَلْتُكُمْ مِّنْ اَجْرٍ فَهُوَ لَكُمْ ؕ— اِنْ اَجْرِیَ اِلَّا عَلَی اللّٰهِ ۚ— وَهُوَ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟
হে ৰাছুল! আপুনি এই অস্বীকাৰ কৰা মুশ্বৰিকসকলক কৈ দিয়ক, মই তোমালোকৰ ওচৰলৈ যি হিদায়ত তথা কল্যাণ লৈ আহিছোঁ, তাৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক অথবা কোনো প্ৰতিদান বিচৰা নাই। যদি মই কিবা বিচাৰিছোঁ সেয়া তোমালোকৰ বাবেই। মোক প্ৰতিদান দিয়াৰ দায়িত্ব একমাত্ৰ আল্লাহৰ হাতত। তেওঁ সকলো বস্তুৰ সাক্ষী। তেওঁ সাক্ষ্য প্ৰদান কৰিব যে, মই নিশ্চয় তোমালোকক সঠিকৰূপে বাৰ্তা পৌঁচাই দিছোঁ। আনকি তোমালোকৰ কৰ্মৰো তেৱেঁই সাক্ষী। তেৱেঁই তোমালোকক প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنَّ رَبِّیْ یَقْذِفُ بِالْحَقِّ ۚ— عَلَّامُ الْغُیُوْبِ ۟
নিশ্চয় মোৰ প্ৰতিপালকে অসত্যৰ ওপৰত সত্যক বিজয় প্ৰদান কৰি অসত্যক মিছা প্ৰমাণিত কৰে। অদৃশ্য তথা গায়েব সম্পৰ্কে তেৱেঁই সৰ্বজ্ঞ। আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। বান্দাসকলৰ কোনো কৰ্মও তেওঁৰ পৰা গুপ্ত নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التقليد الأعمى للآباء صارف عن الهداية.
পুৰ্বপুৰুষসকলৰ অন্ধানুকৰণে মানুহক হিদায়তৰ পৰা আঁতৰাই ৰাখে।

• التفكُّر مع التجرد من الهوى وسيلة للوصول إلى القرار الصحيح، والفكر الصائب.
সকলো প্ৰকাৰ ইচ্ছা আকাংক্ষাৰ পৰা দূৰত্ব অৱলম্বন কৰি চিন্তা-চৰ্চা কৰিলে মানুহে সঠিক সিদ্ধান্তত উপনীত হয় তথা সঠিক চিন্তা শক্তি লাভ কৰে।

• الداعية إلى الله لا ينتظر الأجر من الناس، وإنما ينتظره من رب الناس.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে কেতিয়াও মানুহৰ পৰা পাৰিশ্ৰমিক আশা নকৰে। তেওঁ একমাত্ৰ মানুহৰ প্ৰতিপালকৰ ওচৰত প্ৰতিদান কামনা কৰে।

 
የይዘት ትርጉም ምዕራፍ: ሰበእ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት