Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሰበእ   አንቀጽ:
قَالَ الَّذِیْنَ اسْتَكْبَرُوْا لِلَّذِیْنَ اسْتُضْعِفُوْۤا اَنَحْنُ صَدَدْنٰكُمْ عَنِ الْهُدٰی بَعْدَ اِذْ جَآءَكُمْ بَلْ كُنْتُمْ مُّجْرِمِیْنَ ۟
অহংকাৰ কৰি সত্যৰ পৰা আঁতৰি থকা লোকসকলে সেই অনুসাৰীসকলক উদ্দেশ্যি ক’ব, যিসকলক সিহঁতে দুৰ্বল বুলি ভাৱিছিলঃ মুহাম্মদে লৈ অহা হিদায়তৰ পৰা আমি তোমালোকক বাধা প্ৰদান কৰিছিলোঁ নেকি? নহয়, কেতিয়াও নহয়। বৰং তোমালোক নিজেই অন্যায়কাৰী আছিলা আৰু উপদ্ৰৱ সৃষ্টিকাৰী আছিলা তথা দূৰাচাৰী আছিলা।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالَ الَّذِیْنَ اسْتُضْعِفُوْا لِلَّذِیْنَ اسْتَكْبَرُوْا بَلْ مَكْرُ الَّیْلِ وَالنَّهَارِ اِذْ تَاْمُرُوْنَنَاۤ اَنْ نَّكْفُرَ بِاللّٰهِ وَنَجْعَلَ لَهٗۤ اَنْدَادًا ؕ— وَاَسَرُّوا النَّدَامَةَ لَمَّا رَاَوُا الْعَذَابَ ؕ— وَجَعَلْنَا الْاَغْلٰلَ فِیْۤ اَعْنَاقِ الَّذِیْنَ كَفَرُوْا ؕ— هَلْ یُجْزَوْنَ اِلَّا مَا كَانُوْا یَعْمَلُوْنَ ۟
অনুসাৰীসকলে সিহঁতৰ সেই নেতাসকলক উদ্দেশ্যি ক’ব, যিসকলে অহংকাৰ কৰি সত্যৰ পৰা আঁতৰি আছিল, তোমালোকৰ দিনে ৰাতি কৰা চক্ৰান্তই আমাক হিদায়তৰ পৰা বিৰত ৰাখিছিল। যেতিয়া তোমালোকে আমাক আল্লাহৰ লগত কুফৰী কৰিবলৈ আৰু তেওঁৰ বাহিৰে সৃষ্টিৰ উপাসনা কৰিবলৈ আদেশ দিছিলা। এতেকে যেতিয়া সিহঁতে স্বচক্ষে শাস্তি দেখিবলৈ পাব আৰু এই কথা নিশ্চিত হ’ব যে শাস্তি এতিয়া ভোগ কৰিব লাগিব, তেতিয়া সিহঁতে পৃথিৱীত কৰা কুফৰীকলৈ মনে মনে আফচোচ কৰিব। আমি কাফিৰসকলৰ ডিঙিত শিকলি ওলোমাই দিম। সিহঁতক এই শাস্তি পৃথিৱীত কৰা কৰ্মৰ বিনিময়ত প্ৰদান কৰা হ’ব। উদাহৰণস্বৰূপে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰাৰ কাৰণে আৰু পাপকৰ্মত লিপ্ত থকাৰ কাৰণে।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَرْسَلْنَا فِیْ قَرْیَةٍ مِّنْ نَّذِیْرٍ اِلَّا قَالَ مُتْرَفُوْهَاۤ اِنَّا بِمَاۤ اُرْسِلْتُمْ بِهٖ كٰفِرُوْنَ ۟
যেতিয়াই আমি কোনো এটা জনবসতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ, যিজনে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তেতিয়াই সেই জনবসতিৰ ধনাট্য প্ৰভাৱশালী ব্যক্তিসকলে কৈছিলঃ হে ৰাছুল! তুমি যি লৈ আহিছা সেইটোক আমি নামানো।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالُوْا نَحْنُ اَكْثَرُ اَمْوَالًا وَّاَوْلَادًا ۙ— وَّمَا نَحْنُ بِمُعَذَّبِیْنَ ۟
প্ৰভাৱশালী লোকসকলে অহংকাৰ কৰি তথা ফিতাহি মাৰি কৈছিলঃ আমি প্ৰচুৰ ধন-সম্পদৰ মালিক তথা সন্তান-সন্ততিৰ ক্ষেত্ৰতো অধিক মৰ্যাদাৱান। আনহাতে আমাক শাস্তি বিহা হ’ব বুলি তুমি যি দাবী কৰি আছা সেইটোও এটা গোকাট মিছা কথা। আমাক পৃথিৱীতো কোনো শাস্তি দিয়া নহ’ব আৰু আখিৰাততো নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنَّ رَبِّیْ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟۠
হে ৰাছুল! আপুনি এই লোকসকলক কৈ দিয়ক, যিসকলে নিয়ামত লাভ কৰি গৌৰৱ কৰি আছেঃ মোৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাকেই জীৱিকাৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰে, যাতে সেই ব্যক্তিক পৰীক্ষা কৰিব পৰা যায় যে, সি কৃতজ্ঞ হয় নে অকৃতজ্ঞ। আনহাতে যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, এইটো চাবলৈ যে সি ধৈৰ্য্য ধাৰণ কৰে নে অধৈৰ্য্য হয়। কিন্তু অধিকাংশ লোকেই নাজানে যে, আল্লাহ মহাপ্ৰজ্ঞাৱান। তেওঁৰ প্ৰত্যেকটো সিদ্ধান্ত হিকমত অনুযায়ী হয়। কিছুমানে সেইটো বুজি পায় আৰু কিছুমানে বুজি নাপায়।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَمْوَالُكُمْ وَلَاۤ اَوْلَادُكُمْ بِالَّتِیْ تُقَرِّبُكُمْ عِنْدَنَا زُلْفٰۤی اِلَّا مَنْ اٰمَنَ وَعَمِلَ صَالِحًا ؗ— فَاُولٰٓىِٕكَ لَهُمْ جَزَآءُ الضِّعْفِ بِمَا عَمِلُوْا وَهُمْ فِی الْغُرُفٰتِ اٰمِنُوْنَ ۟
তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি যিবোৰকলৈ তোমালোকে অহংকাৰ কৰা, সেইবোৰে কেতিয়াও তোমালোকক আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ পথ দেখুৱাব নোৱাৰে। কিন্তু যদি কোনোবাই ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে তেন্তে তেওঁ দ্বিগুণ ছোৱাব অৰ্জন কৰিব। কাৰণ তেওঁৰ সেই সম্পদ আল্লাহৰ পথত ব্যয় কৰিলে আৰু সন্তানে আল্লাহৰ ওচৰত দুআ কৰিলে তেওঁ নিশ্চয় আল্লাহৰ নৈকট্য লাভ কৰিব। এইসকল মুমিনৰ বাবেই আছে তেওঁলোকৰ সৎকৰ্মৰ দ্বিগুণ ছোৱাব। তেওঁলোকে জান্নাতৰ ওখ ওখ অট্টালিকাসমূহত শান্তিৰে বসবাস কৰিব। তেওঁলোকে শাস্তিৰ পৰা, মৃত্যুৰ পৰা আৰু নিয়ামত বিচ্ছিন্ন হোৱাৰ পৰা নিৰাপদে থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ یَسْعَوْنَ فِیْۤ اٰیٰتِنَا مُعٰجِزِیْنَ اُولٰٓىِٕكَ فِی الْعَذَابِ مُحْضَرُوْنَ ۟
যিসকল কাফিৰে আমাৰ আয়াতৰ পৰা মানুহক আঁতৰাই ৰাখিবলৈ চৰম পৰ্যায়ৰ প্ৰয়াস কৰে তথা সদায় নিজৰ উদ্দেশ্যক সফল কৰিবলৈ চেষ্টা কৰে; সিহঁত নিশ্চিতভাৱে পৃথিৱীত বিফল হ’ব আৰু আখিৰাতত শাস্তি ভোগ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنَّ رَبِّیْ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ مِنْ عِبَادِهٖ وَیَقْدِرُ لَهٗ ؕ— وَمَاۤ اَنْفَقْتُمْ مِّنْ شَیْءٍ فَهُوَ یُخْلِفُهٗ ۚ— وَهُوَ خَیْرُ الرّٰزِقِیْنَ ۟
হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সংকীৰ্ণ কৰি দিয়ে। তোমালোকে আল্লাহৰ পথত যি ব্যয় কৰিবা, আল্লাহে তোমালোকক তাৰ বিনিময়ত পৃথিৱীতো প্ৰতিদান দিব আৰু আখিৰাততো উত্তম তথা পৰিপূৰ্ণ প্ৰতিদান দিব। নিশ্চয় আল্লাহেই উত্তম জীৱিকাদাতা। এতেকে যাৰ জীৱিকাৰ প্ৰয়োজন, সি আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰা উচিত।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تبرؤ الأتباع والمتبوعين بعضهم من بعض، لا يُعْفِي كلًّا من مسؤوليته.
অনুসৰণকাৰী আৰু যাক অনুসৰণ কৰা হৈছে, সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিলেও সিহঁতৰ কাৰো উপকাৰ নহ’ব।

• الترف مُبْعِد عن الإذعان للحق والانقياد له.
ভোগ-বিলাসে আৰু আমোদ-প্ৰমোদে মানুহক সত্যৰ সন্মুখত নত স্বীকাৰ কৰিবলৈ তথা সত্যক মানিবলৈ বাধা দিয়ে।

• المؤمن ينفعه ماله وولده، والكافر لا ينتفع بهما.
মুমিনসকলে ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা উপকৃত হয়। পক্ষান্তৰে কাফিৰসকলে ইয়াৰ পৰা বঞ্চিত থাকে।

• الإنفاق في سبيل الله يؤدي إلى إخلاف المال في الدنيا، والجزاء الحسن في الآخرة.
আল্লাহৰ পথত ব্যয় কৰিলে পৃথিৱীতো প্ৰতিফল পোৱা যায় আৰু আখিৰাততো উত্তম প্ৰতিদান লাভ হয়।

 
የይዘት ትርጉም ምዕራፍ: ሰበእ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት