Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሰበእ   አንቀጽ:
وَلَا تَنْفَعُ الشَّفَاعَةُ عِنْدَهٗۤ اِلَّا لِمَنْ اَذِنَ لَهٗ ؕ— حَتّٰۤی اِذَا فُزِّعَ عَنْ قُلُوْبِهِمْ قَالُوْا مَاذَا ۙ— قَالَ رَبُّكُمْ ؕ— قَالُوا الْحَقَّ ۚ— وَهُوَ الْعَلِیُّ الْكَبِیْرُ ۟
পৱিত্ৰ আল্লাহে যাক মধ্যস্থতা কৰাৰ অনুমতি প্ৰদান কৰিব তেওঁৰ বাহিৰে আন কাৰোৰেই মধ্যস্থতা ফলপ্ৰসূ নহ’ব। আনহাতে আল্লাহে তাকেই মধ্যস্থতা কৰাৰ অনুমতি প্ৰদান কৰিব, যাৰ প্ৰতি তেওঁ সন্তুষ্ট। এইটো দৰাচলতে তেওঁৰ মহানতাৰ এটা দৃশ্যহে। তেওঁৰ মহানতাৰ আন এটা দৃশ্য হৈছে এই যে, তেওঁ আকাশমণ্ডলত যেতিয়া কথা কয়, তেতিয়া ফিৰিস্তাসকলে তেওঁৰ আনুগত্যত নিজৰ পাখি পাৰি দিয়ে আৰু অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয়-ভীতি দূৰ হয় তেতিয়া সিহঁতে জিব্ৰীল আলাইহিচ্ছালামক সোধে, আপোনাৰ প্ৰতিপালকে কি ক’লে? জিব্ৰীলে কয়ঃ যি কৈছে সত্য কৈছে। তেওঁ সত্তাগতভাৱে আৰু ক্ষমতাৰ ফালেৰে অতি মহান, সকলো বস্তু তেওঁতকৈ সৰু।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ مَنْ یَّرْزُقُكُمْ مِّنَ السَّمٰوٰتِ وَالْاَرْضِ ؕ— قُلِ اللّٰهُ ۙ— وَاِنَّاۤ اَوْ اِیَّاكُمْ لَعَلٰی هُدًی اَوْ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধকঃ কোৱাচোন তোমালোকে, আকাশৰ পৰা পানী বৰ্ষণ কৰি আৰু পৃথিৱীৰ পৰা খাদ্যদ্ৰৱ্য তথা ফল-মূল আদি উৎপন্নক কৰি কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? আপুনি কৈ দিয়ক, আল্লাহেই তোমালোকক এইবোৰৰ দ্বাৰা জীৱিকা প্ৰদান কৰে। হে মুশ্বৰিকসকল! আমাৰ আৰু তোমালোকৰ এই দল দুটাৰ মাজৰ যিকোনো এটা দল নিশ্চয় হিদায়তৰ ওপৰত আছে আৰু আনটো স্পষ্ট বিভ্ৰান্তিত আছে। ইয়াত কোনো সন্দেহ নাই যে, মুমিনসকলেই হৈছে হিদায়তপ্ৰাপ্ত আৰু মুশ্বৰিকসকল হৈছে পথভ্ৰষ্ট।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ لَّا تُسْـَٔلُوْنَ عَمَّاۤ اَجْرَمْنَا وَلَا نُسْـَٔلُ عَمَّا تَعْمَلُوْنَ ۟
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, আমি যিবোৰ পাপ কৰ্ম কৰিছোঁ সেই বিষয়ে কিয়ামতৰ দিনা তোমালোকক সোধ-পোচ কৰা নহ’ব। আনহাতে তোমালোকে যিবোৰ কৰ্ম কৰিছা সেই বিষয়েও আমাক জবাবদিহি কৰা নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ یَجْمَعُ بَیْنَنَا رَبُّنَا ثُمَّ یَفْتَحُ بَیْنَنَا بِالْحَقِّ ؕ— وَهُوَ الْفَتَّاحُ الْعَلِیْمُ ۟
আপুনি সিহঁতক কৈ দিয়ক, আল্লাহে কিয়ামতৰ দিনা আমাক আৰু তোমালোকৰ আটাইকে একত্ৰিত কৰিব। তাৰ পিছত আমাৰ আৰু তোমালোকৰ মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। সত্যক অসত্যৰ পৰা স্পষ্টকৈ পৃথক কৰিব। তেৱেঁই বিচাৰক, যিয়ে ন্যায় সহকাৰে বিচাৰ কৰে। তেওঁ উচিত মীমাংসা সম্পৰ্কে সৰ্বজ্ঞ।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اَرُوْنِیَ الَّذِیْنَ اَلْحَقْتُمْ بِهٖ شُرَكَآءَ كَلَّا ؕ— بَلْ هُوَ اللّٰهُ الْعَزِیْزُ الْحَكِیْمُ ۟
হে ৰাছুল! আপুনি সিহঁতক কওক যে, মোকো দেখুৱাচোন সেই উপাস্যবোৰ, যিবোৰক তোমালোকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছা, তথা ইবাদতত তেওঁৰ অংশী কৰি লৈছা। নহয়, কদাপিও নহয়। বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ধাৰণা কৰিছা যে, আল্লাহৰো অংশী আছে। বৰং আল্লাহ সেইজন, যিজন মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَرْسَلْنٰكَ اِلَّا كَآفَّةً لِّلنَّاسِ بَشِیْرًا وَّنَذِیْرًا وَّلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟
হে ৰাছুল! আমি আপোনাক গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছোঁ। যাতে আপুনি মুত্তাক্বীসকলক জান্নাতৰ সুসংবাদ দিয়ে। আনহাতে কাফিৰ আৰু পাপিষ্ঠসকলক জাহান্নামৰ পৰা সতৰ্ক কৰে। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। কিয়নো যদি জানিলেহেঁতেন তেন্তে কেতিয়াও আপোনাক অস্বীকাৰ নকৰিলেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
মুশ্বৰিকসকলক যিটো শাস্তিৰ বিষয়ে ভয় দেখুৱা হৈছে, সেই শাস্তি সম্পৰ্কে সিহঁতে খৰখেদা কৰি কয়ঃ যদি তোমালোকে নিজৰ দাবীত সত্যবাদী তেন্তে কোৱাচোন সেই শাস্তিৰ প্ৰতিশ্ৰুতিটো কেতিয়া বাস্তৱায়ন হ’ব?
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ لَّكُمْ مِّیْعَادُ یَوْمٍ لَّا تَسْتَاْخِرُوْنَ عَنْهُ سَاعَةً وَّلَا تَسْتَقْدِمُوْنَ ۟۠
হে ৰাছুল! শাস্তিৰ বিষয়ে খৰধৰ কৰা এই লোকসকলক আপুনি কৈ দিয়কঃ তোমালোকৰ বাবে এটা দিন নিৰ্ধাৰিত আছে। গতিকে সেইটো ক্ষন্তেক সময়ো আগুৱাই নাহিব আৰু পিছুৱাইও নাযাব। সেইদিনটো হৈছে কিয়ামতৰ দিন।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالَ الَّذِیْنَ كَفَرُوْا لَنْ نُّؤْمِنَ بِهٰذَا الْقُرْاٰنِ وَلَا بِالَّذِیْ بَیْنَ یَدَیْهِ ؕ— وَلَوْ تَرٰۤی اِذِ الظّٰلِمُوْنَ مَوْقُوْفُوْنَ عِنْدَ رَبِّهِمْ ۖۚ— یَرْجِعُ بَعْضُهُمْ اِلٰی بَعْضِ ١لْقَوْلَ ۚ— یَقُوْلُ الَّذِیْنَ اسْتُضْعِفُوْا لِلَّذِیْنَ اسْتَكْبَرُوْا لَوْلَاۤ اَنْتُمْ لَكُنَّا مُؤْمِنِیْنَ ۟
আল্লাহক অস্বীকাৰ কৰা লোকসকলে কয়ঃ আমি এই কোৰআনৰ প্ৰতি কদাপিও ঈমান পোষণ নকৰোঁ, যিখনৰ বিষয়ে মুহাম্মদে ধাৰণা কৰে যে, এইখন তেওঁৰ ওপৰত অৱতীৰ্ণ হৈছে। এইদৰে পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ প্ৰতিও আমি ঈমান পোষণ নকৰোঁ। হে ৰাছুল! আপুনি যদি সেই অৱস্থাটো দেখা পালেহেঁতেন, যেতিয়া অন্যায়কাৰী সকলক কিয়ামতৰ দিনা সিহঁতৰ প্ৰতিপালকৰ সন্মুখত হিচাপ-নিকাচৰ বাবে থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদানুবাদ কৰিব আৰু সিহঁতৰ মাজৰ প্ৰত্যেকেই ইজনে সিজনৰ ওপৰত দোষ জাপি দিব আৰু ইজনে সিজনক ভৰ্ৎসনা কৰিব। এতেকে পৃথিৱীত নেতাসকলৰ তলতীয়া হৈ জীৱন-যাপন কৰা অনুসাৰীসকলে ক’বঃ যদি তোমালোকে আমাক পথভ্ৰষ্ট নকৰিলাহেঁতেন তেন্তে নিশ্চয় আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিলোহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التلطف بالمدعو حتى لا يلوذ بالعناد والمكابرة.
যি ব্যক্তিক ইছলামলৈ নিমন্ত্ৰণ জনোৱা হ’ব তেনে ব্যক্তিৰ সৈতে নম্ৰ ব্যৱহাৰ আৰু সদাচৰণ কৰা উচিত, যাতে সি বিদ্বেষ আৰু অহংকাৰৰ পথ অৱলম্বন নকৰে।

• صاحب الهدى مُسْتَعْلٍ بالهدى مرتفع به، وصاحب الضلال منغمس فيه محتقر.
হিদায়তপ্ৰাপ্ত লোকসকলে হিদায়তৰ কাৰণে উচ্চ মৰ্যাদা লাভ কৰে। আনহাতে পথভ্ৰষ্ট লোকসকলে বিভ্ৰান্তিত পতিত হৈ অপমান তথা লাঞ্ছনাগ্ৰস্ত হয়।

• شمول رسالة النبي صلى الله عليه وسلم للبشرية جمعاء، والجن كذلك.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰিত ৰাছুল, আৰু এইদৰে গোটেই জ্বিন জাতিৰ বাবেও তেওঁ ৰাছুল।

 
የይዘት ትርጉም ምዕራፍ: ሰበእ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት