Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ፋጢር   አንቀጽ:
وَمَا یَسْتَوِی الْاَعْمٰی وَالْبَصِیْرُ ۟ۙ
মৰ্যাদাৰ ক্ষেত্ৰত কাফিৰ আৰু মুমিন কেতিয়াও সমান হ’ব নোৱাৰে। যিদৰে অন্ধ ব্যক্তি আৰু দৃষ্টিসম্পন্ন ব্যক্তি সমান হ’ব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا الظُّلُمٰتُ وَلَا النُّوْرُ ۟ۙ
কুফৰ আৰু ঈমানো সমান হ’ব নোৱাৰে, যিদৰে অন্ধকাৰ আৰু পোহৰ সমান হ’ব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا الظِّلُّ وَلَا الْحَرُوْرُ ۟ۚ
এইদৰে জান্নাত আৰু জাহান্নামৰ প্ৰভাৱো সমান হ’ব নোৱাৰে, যেনেকৈ ছাঁ আৰু গৰম বতাহ সমান নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا یَسْتَوِی الْاَحْیَآءُ وَلَا الْاَمْوَاتُ ؕ— اِنَّ اللّٰهَ یُسْمِعُ مَنْ یَّشَآءُ ۚ— وَمَاۤ اَنْتَ بِمُسْمِعٍ مَّنْ فِی الْقُبُوْرِ ۟
মুমিনসকল আৰু কাফিৰসকল কেতিয়াও সমান হ’ব নোৱাৰে, যিদৰে জীৱিত আৰু মৃতসকল সমান নহয়। প্ৰকৃততে আল্লাহে সেই ব্যক্তিক শুনায়, যাক তেওঁ হিদায়ত দিব বিচাৰে। হে ৰাছুল! আপুনি কাফিৰসকলক কেতিয়াও শুনাব নোৱাৰিব, সিহঁত প্ৰকৃততে কবৰত পৰি থকা মৃত ব্যক্তিৰ সদৃশ।
የአረብኛ ቁርኣን ማብራሪያ:
اِنْ اَنْتَ اِلَّا نَذِیْرٌ ۟
আপুনি সিহঁতক কেৱল আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাব পাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّاۤ اَرْسَلْنٰكَ بِالْحَقِّ بَشِیْرًا وَّنَذِیْرًا ؕ— وَاِنْ مِّنْ اُمَّةٍ اِلَّا خَلَا فِیْهَا نَذِیْرٌ ۟
হে ৰাছুল! আমি আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছোঁ, ইয়াৰ মাজত কোনো সন্দেহ নাই। যাতে আপুনি মুমিনসকলক সেই উত্তম প্ৰতিদানৰ শুভ সংবাদ দিয়ে, যিটো আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। লগতে কাফিৰসকলক কষ্টদায়ক শাস্তিৰ পৰা সাৱধান কৰে। পূৰ্বৱৰ্তী উম্মতসকলৰ মাজৰ প্ৰত্যেক উম্মতৰ ওচৰতেই আল্লাহৰ ফালৰ পৰা একোজনকৈ ৰাছুল আহিছিল, যিজনে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সাৱধান কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنْ یُّكَذِّبُوْكَ فَقَدْ كَذَّبَ الَّذِیْنَ مِنْ قَبْلِهِمْ ۚ— جَآءَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ وَبِالزُّبُرِ وَبِالْكِتٰبِ الْمُنِیْرِ ۟
হে ৰাছুল! যদি আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰে তেন্তে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কাৰণ আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক তেওঁৰ সম্প্ৰদায়ে অস্বীকাৰ কৰিছে। পূৰ্বৱৰ্তী উম্মতৰ লোকসকলেও সিহঁতৰ ৰাছুলসকলক সিহঁতে অস্বীকাৰ কৰিছিল। উদাহৰণস্বৰূপে আদ, ছামূদ আৰু লূত সম্প্ৰদায়। সিহঁতৰ ৰাছুলসকলে সিহঁতৰ ওচৰলৈ প্ৰকাশ্য প্ৰমাণ লৈ আগমন কৰিছিল, যিবোৰে ৰাছুলসকলৰ সত্যতাৰ প্ৰমাণ বহন কৰিছিল। সিহঁতৰ ৰাছুলসকলে সিহঁতৰ ওচৰলৈ ছহিফা আৰু প্ৰকাশমান গ্ৰন্থ লৈ আগমন কৰিছিল, যাতে সিহঁতে গৱেষণা কৰে আৰু চিন্তা-চৰ্চা কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ اَخَذْتُ الَّذِیْنَ كَفَرُوْا فَكَیْفَ كَانَ نَكِیْرِ ۟۠
ইয়াৰ পিছতো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল, লগতে আল্লাহৰ ফালৰ পৰা লৈ অহা ৰাছুলসকলৰ বাৰ্তাবোৰৰ অৱমাননা কৰিছিল। ফলত অস্বীকাৰকাৰীসকলক মই ধ্বংস কৰিছিলোঁ। এতেকে হে ৰাছুল! আপুনি চিন্তা কৰি চাওক, মোক অস্বীকাৰ কৰাৰ পৰিণাম কেনেকুৱা আছিল, যেতিয়া আমি সিহঁতক ধ্বংস কৰিছিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ تَرَ اَنَّ اللّٰهَ اَنْزَلَ مِنَ السَّمَآءِ مَآءً ۚ— فَاَخْرَجْنَا بِهٖ ثَمَرٰتٍ مُّخْتَلِفًا اَلْوَانُهَا ؕ— وَمِنَ الْجِبَالِ جُدَدٌ بِیْضٌ وَّحُمْرٌ مُّخْتَلِفٌ اَلْوَانُهَا وَغَرَابِیْبُ سُوْدٌ ۟
হে ৰাছুল! আপুনি লক্ষ্য কৰা নাইনে যে, আল্লাহেই আকাশৰ পৰা বৰষুণৰ পানী বৰষায়। ইয়াৰ পিছত আমিয়েই সেই পানীৰ দ্বাৰা গছ-গছনিক সজীৱ কৰি বিভিন্ন ৰঙৰ ফল সৃষ্টি কৰোঁ, ৰঙা, সেউজীয়া আৰু হালধীয়া আদি। আনহাতে পৰ্বতৰ মাজতো আছে বিভিন্ন ৰঙৰ স্তৰ, শুভ্ৰ, ৰঙা আৰু গাঢ় ক’লা আদি।
የአረብኛ ቁርኣን ማብራሪያ:
وَمِنَ النَّاسِ وَالدَّوَآبِّ وَالْاَنْعَامِ مُخْتَلِفٌ اَلْوَانُهٗ كَذٰلِكَ ؕ— اِنَّمَا یَخْشَی اللّٰهَ مِنْ عِبَادِهِ الْعُلَمٰٓؤُا ؕ— اِنَّ اللّٰهَ عَزِیْزٌ غَفُوْرٌ ۟
মানুহৰ মাজত, জীৱ-জন্তুৰ মাজত আৰু ঘৰচীয়া জন্তুৰ মাজতো আছে উপৰোক্ত বস্তুবোৰৰ নিচিনা বিভিন্ন ৰং। প্ৰকৃততে বিজ্ঞ লোকসকলেই আল্লাহক ভয় কৰে তথা তেওঁৰ সন্মুখত থিয় হোৱাৰ গুৰুত্ব বুজি পায়। কাৰণ তেওঁলোকে তেওঁৰ গুণ সম্পৰ্কে, তেওঁৰ চৰীয়ত সম্পৰ্কে ভালকৈ অৱগত তথা তেওঁৰ শক্তিক ভালকৈয়ে চিনি পায়। নিশ্চয় আল্লাহ তাআলা মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেওঁ সেইসকল বান্দাৰ প্ৰতি অতি ক্ষমাশীল, যিসকলে তাওবা কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ یَتْلُوْنَ كِتٰبَ اللّٰهِ وَاَقَامُوا الصَّلٰوةَ وَاَنْفَقُوْا مِمَّا رَزَقْنٰهُمْ سِرًّا وَّعَلَانِیَةً یَّرْجُوْنَ تِجَارَةً لَّنْ تَبُوْرَ ۟ۙ
যিসকল লোকে আল্লাহৰ গ্ৰন্থ তিলাৱত কৰে, যিখন আমি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, আৰু তাত থকা বিধান মতে তেওঁলোকে আমল কৰে, লগতে পৰিপূৰ্ণৰূপে আৰু উত্তমভাৱে চালাত আদায় কৰে, তথা আমি তেওঁলোকক যি সম্পদ প্ৰদান কৰিছোঁ, তাৰ পৰা তেওঁলোকে যাকাত প্ৰদান কৰে। লগতে প্ৰকাশ্য আৰু গোপনেও দান খয়ৰাত কৰে। তেওঁলোকে দৰাচলতে এইবোৰ আমলৰ জৰিয়তে আল্লাহৰ সৈতে এনেকুৱা ব্যৱসায় কৰে, যি ব্যৱসায়ত ক্ষতি হোৱাৰ কোনো আশংকা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
لِیُوَفِّیَهُمْ اُجُوْرَهُمْ وَیَزِیْدَهُمْ مِّنْ فَضْلِهٖ ؕ— اِنَّهٗ غَفُوْرٌ شَكُوْرٌ ۟
যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়ে। বৰং নিজ অনুগ্ৰহত যাতে আৰু অধিক বৃদ্ধি কৰি দিয়ে। কাৰণ তেওঁলোকেই হৈছে ইয়াৰ উপযুক্ত। নিশ্চয় আল্লাহ উক্ত বৈশিষ্ট্যৰ অধিকাৰী লোকসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ উত্তম আমলৰ উচিত মৰ্যাদা প্ৰদানকাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• نفي التساوي بين الحق وأهله من جهة، والباطل وأهله من جهة أخرى.
সত্য তথা সত্যবাদী আৰু অসত্য তথা অসত্যবাদী কেতিয়াও সমান হ'ব নোৱাৰে।

• كثرة عدد الرسل عليهم السلام قبل رسولنا صلى الله عليه وسلم دليل على رحمة الله وعناد الخلق.
আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্বে অসংখ্য ৰাছুল আগমন কৰাটো এই কথা প্ৰমাণ কৰে যে, আল্লাহ হৈছে অতি দয়ালু আৰু মানৱ হৈছে দূৰাচাৰী তথা অনাচাৰী।

• إهلاك المكذبين سُنَّة إلهية.
অস্বীকাৰকাৰীসকলক ধ্বংস কৰাটো হৈছে পূৰ্বৰে পৰা চলি অহা আল্লাহৰ এটা ধাৰাবাহিক নীতি।

• صفات الإيمان تجارة رابحة، وصفات الكفر تجارة خاسرة.
ঈমানৰ গুণাগুণ হৈছে ফলপ্ৰসূ ব্যৱসায়। আনহাতে কুফৰী কৰ্ম হৈছে ক্ষতিকৰ ব্যৱসায়।

 
የይዘት ትርጉም ምዕራፍ: ፋጢር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት