Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ፋጢር   አንቀጽ:
وَاِنْ یُّكَذِّبُوْكَ فَقَدْ كُذِّبَتْ رُسُلٌ مِّنْ قَبْلِكَ ؕ— وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ۟
হে ৰাছুল! যদি আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰিছে তেন্তে ধৈৰ্য্য ধাৰণ কৰক। কাৰণ আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক তেওঁৰ সম্প্ৰদায়ে অস্বীকাৰ কৰিছে। বৰং আপোনাৰ পূৰ্বেও ৰাছুলসকলক তেওঁলোকৰ সম্প্ৰদায়ে অস্বীকাৰ কৰিছিল; যেনে- আদ, ছামূদ আৰু লূত সম্প্ৰদায়। সকলো বিষয় একমাত্ৰ আল্লাহৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰে। অৱশেষত তেৱেঁই অস্বীকাৰকাৰীসকলক ধ্বংস কৰিব। তথা তেওঁৰ ৰাছুলসকলক আৰু মুমিনসকলক সহায় কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا النَّاسُ اِنَّ وَعْدَ اللّٰهِ حَقٌّ فَلَا تَغُرَّنَّكُمُ الْحَیٰوةُ الدُّنْیَا ۥ— وَلَا یَغُرَّنَّكُمْ بِاللّٰهِ الْغَرُوْرُ ۟
হে মানৱজাতি! আল্লাহে আখিৰাতৰ জীৱন আৰু কিয়ামতৰ প্ৰতিদান সম্পৰ্কে যি প্ৰতিশ্ৰুতি দান কৰিছে সেয়া সত্য, তাত সন্দেহৰ কোনো অৱকাশ নাই। এতেকে পাৰ্থিৱ জীৱনৰ ভোগ-বিলাসে আৰু প্ৰবৃত্তিৰ চাহিদাই যেন তোমালোকক সৎকৰ্মৰ দ্বাৰা সেই দিৱসৰ প্ৰস্তুতি লোৱাৰ পৰা অমনোযোগী কৰি নাৰাখে। আনহাতে চয়তানে বাতিলক শোভনীয় কৰি উপস্থাপনৰ জৰিয়তে তোমালোকক যেন প্ৰতাৰণা কৰিব নোৱাৰে। লগতে পাৰ্থিৱ জীৱনৰ প্ৰতি যাতে আকৰ্ষিত কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الشَّیْطٰنَ لَكُمْ عَدُوٌّ فَاتَّخِذُوْهُ عَدُوًّا ؕ— اِنَّمَا یَدْعُوْا حِزْبَهٗ لِیَكُوْنُوْا مِنْ اَصْحٰبِ السَّعِیْرِ ۟ؕ
হে মানৱজাতি! নিশ্চয় চয়তান হৈছে তোমালোকৰ চিৰস্থায়ী শত্ৰু। এতেকে তাক শত্ৰু বুলি গ্ৰহণ কৰি সদায় তাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱা। প্ৰকৃততে চয়তানে তাৰ অনুসাৰীসকলক আল্লাহৰ কুফৰীৰ পিনে আহ্বান কৰে। যাতে কিয়ামতৰ দিনা সিহঁতে জ্বলন্ত জুইত প্ৰৱেশ কৰি অন্তিম পৰিণাম ভোগ কৰিব পাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَّذِیْنَ كَفَرُوْا لَهُمْ عَذَابٌ شَدِیْدٌ ؕ۬— وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ كَبِیْرٌ ۟۠
যিসকল লোকে আল্লাহৰ লগত কুফৰী কৰি চয়তানৰ অনুসৰণ কৰিছে, সিহঁতৰ বাবে আছে কঠিন শাস্তি। আনহাতে যিসকলে সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে তেওঁলোকৰ গুনাহৰ মাগফিৰাত আৰু মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَمَنْ زُیِّنَ لَهٗ سُوْٓءُ عَمَلِهٖ فَرَاٰهُ حَسَنًا ؕ— فَاِنَّ اللّٰهَ یُضِلُّ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ۖؗ— فَلَا تَذْهَبْ نَفْسُكَ عَلَیْهِمْ حَسَرٰتٍ ؕ— اِنَّ اللّٰهَ عَلِیْمٌۢ بِمَا یَصْنَعُوْنَ ۟
চয়তানে যাৰ পাপ কৰ্মক শোভনীয় কৰি উপস্থাপন কৰিছে আৰু সেই ব্যক্তিয়ে সেইটোক ভাল বুলি ধাৰণা কৰে। এনেকুৱা ব্যক্তি কেতিয়াও সেই ব্যক্তিৰ দৰে হ'ব নোৱাৰে, যাৰ বাবে সত্যক আল্লাহে শোভনীয় কৰি দিছে আৰু তেওঁ সেইটোক ভাল বুলি ভাৱে। দৰাচলতে আল্লাহে যাক ইচ্ছা কৰে হিদায়ত দিয়ে আৰু যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰি দিয়ে। তেওঁক বাধ্য কৰিব পৰা কোনো নাই। এতেকে হে ৰাছুল! আপুনি এই পথভ্ৰষ্টসকলৰ পথভ্ৰষ্টতাত চিন্তিত হৈ নিজকে বিনাশ নকৰিব। নিশ্চয় আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَاللّٰهُ الَّذِیْۤ اَرْسَلَ الرِّیٰحَ فَتُثِیْرُ سَحَابًا فَسُقْنٰهُ اِلٰی بَلَدٍ مَّیِّتٍ فَاَحْیَیْنَا بِهِ الْاَرْضَ بَعْدَ مَوْتِهَا ؕ— كَذٰلِكَ النُّشُوْرُ ۟
আল্লাহেই বতাহ প্ৰেৰণ কৰে। এই বতাহেই মেঘক সঞ্চালন কৰে। ইয়াৰ পিছত আমি সেই মেঘক এনেকুৱা ঠাই লৈ খেদি লৈ যাওঁ, যি ঠাইত কোনো উদ্ভিদ নাই। তথা সেই পানীৰে উদ্ভিদ উৎপন্ন কৰি মৃত ভূমিক জীৱিত কৰোঁ। যিদৰে আমি উদ্ভিদ উৎপন্ন কৰি মৃত ভূমিক জীৱিত কৰোঁ, ঠিক সেইদৰেই কিয়ামতৰ দিনা মৃত ব্যক্তিসকলক আমি পুনৰ্জীৱিত কৰিম।
የአረብኛ ቁርኣን ማብራሪያ:
مَنْ كَانَ یُرِیْدُ الْعِزَّةَ فَلِلّٰهِ الْعِزَّةُ جَمِیْعًا ؕ— اِلَیْهِ یَصْعَدُ الْكَلِمُ الطَّیِّبُ وَالْعَمَلُ الصَّالِحُ یَرْفَعُهٗ ؕ— وَالَّذِیْنَ یَمْكُرُوْنَ السَّیِّاٰتِ لَهُمْ عَذَابٌ شَدِیْدٌ ؕ— وَمَكْرُ اُولٰٓىِٕكَ هُوَ یَبُوْرُ ۟
যি ব্যক্তিয়ে পৃথিৱী অথবা আখিৰাতত সন্মান কামনা কৰে তেওঁ আল্লাহৰ বাহিৰে আনৰ ওচৰত সন্মান কামনা কৰা উচিত নহয়। কাৰণ সন্মানৰ কৰ্তৃত্ব একমাত্ৰ আল্লাহৰ হাতত। বান্দাৰ ভাল চৰ্চা তেওঁৰ ওচৰলৈকেই আৰোহণ কৰে আৰু বান্দাৰ সৎকৰ্মও তেওঁৰ ওচৰলৈ উঠি যায়। যিসকলে কুচক্ৰান্ত ৰচে, যেনে- ৰাছুলক হত্যা কৰাৰ ষড়যন্ত্ৰ- সিহঁতৰ বাবে আছে কঠিন শাস্তি। নিশ্চয় কাফিৰসকলৰ ষড়যন্ত্ৰ বিফল হ’ব। সিহঁতৰ কোনো উদ্দেশ্যই সফল নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاللّٰهُ خَلَقَكُمْ مِّنْ تُرَابٍ ثُمَّ مِنْ نُّطْفَةٍ ثُمَّ جَعَلَكُمْ اَزْوَاجًا ؕ— وَمَا تَحْمِلُ مِنْ اُ وَلَا تَضَعُ اِلَّا بِعِلْمِهٖ ؕ— وَمَا یُعَمَّرُ مِنْ مُّعَمَّرٍ وَّلَا یُنْقَصُ مِنْ عُمُرِهٖۤ اِلَّا فِیْ كِتٰبٍ ؕ— اِنَّ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرٌ ۟
আল্লাহেই তোমালোকৰ আদি পিতা আদমক মাটিৰে সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকক বীৰ্যৰে সৃষ্টি কৰিছে। তেৱেঁই তোমালোকক নাৰী আৰু পুৰুষৰূপে সৃষ্টি কৰিছে, যাতে পৰস্পৰক বিবাহ কৰিব পাৰা। যেতিয়াই কোনো নাৰীয়ে গৰ্ভ ধাৰণ কৰে, অথবা প্ৰসৱ কৰে বিষয়টো তেওঁ অৱগত থাকে। কোনো এটা বিষয়েই তেওঁৰ পৰা গোপন নহয়। তেওঁৰ সৃষ্টিৰ মাজৰ কাৰো আয়ু বৃদ্ধি হওক অথবা হ্ৰাস, সেইটো লিখা আছে লওহে মাহফুজত। এতেকে উক্ত বিষয়বোৰ অৰ্থাৎ প্ৰথমে মাটিৰে তোমালোকক সৃষ্টি কৰা আৰু তাৰ পিছত পৰ্যায়ক্ৰমে সৃষ্টি কৰা, লগতে লওহে মাহফুজত তোমালোকৰ আয়ু লিপিবদ্ধ থকা আদি বিষয়বোৰ আল্লাহৰ বাবে অতি সহজ।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تسلية الرسول صلى الله عليه وسلم بذكر أخبار الرسل مع أقوامهم.
আন আন ৰাছুলসকলৰ লগত তেওঁলোকৰ সম্প্ৰদায়ে কেনেকুৱা আচৰণ কৰিছিল, সেই সংবাদবোৰ উল্লেখ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সান্ত্বনা দিয়া হৈছে।

• الاغترار بالدنيا سبب الإعراض عن الحق.
সত্যৰ পৰা আঁতৰি থকাৰ অন্যতম এটা কাৰণ হৈছে পাৰ্থিৱ জীৱনৰ মোহ।

• اتخاذ الشيطان عدوًّا باتخاذ الأسباب المعينة على التحرز منه؛ من ذكر الله، وتلاوة القرآن، وفعل الطاعة، وترك المعاصي.
চয়তানক শত্ৰু হিচাপে গ্ৰহণ কৰিবলৈ সেইবোৰ কাম কৰাও অতি গুৰুত্বপূৰ্ণ, যিবোৰ কৰিলে সহজে তাৰ পৰা ৰক্ষা পাব পাৰি। যেনে- আল্লাহৰ জিকৰ, কোৰআন তিলাৱত, অন্যান্য সৎকৰ্ম আৰু গুনাহৰ পৰা বিৰত থকা ইত্যাদি।

• ثبوت صفة العلو لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘সুউচ্চ’ ইয়াৰ প্ৰমাণ পোৱা গ’ল।

 
የይዘት ትርጉም ምዕራፍ: ፋጢር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት