Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ፋጢር   አንቀጽ:
هُوَ الَّذِیْ جَعَلَكُمْ خَلٰٓىِٕفَ فِی الْاَرْضِ ؕ— فَمَنْ كَفَرَ فَعَلَیْهِ كُفْرُهٗ ؕ— وَلَا یَزِیْدُ الْكٰفِرِیْنَ كُفْرُهُمْ عِنْدَ رَبِّهِمْ اِلَّا مَقْتًا ۚ— وَلَا یَزِیْدُ الْكٰفِرِیْنَ كُفْرُهُمْ اِلَّا خَسَارًا ۟
হে মানৱজাতি! তেৱেঁই তোমালোকক প্ৰজন্ম আকাৰে সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। এতেকে যিয়ে আল্লাহৰ লগত কুফৰী কৰিব আৰু ৰাছুলে লৈ অহা বাৰ্তাক অগ্ৰাহ্য কৰিব, সেই কুফৰীৰ গুনাহ আৰু শাস্তি সি নিজেই ভোগ কৰিব। তাৰ কুফৰীয়ে তাৰ প্ৰতিপালকৰ একো ক্ষতি কৰিব নোৱাৰিব। কাফিৰসকলৰ কুফৰীয়ে সিহঁতৰ বাবে প্ৰতিপালকৰ ওচৰত কেৱল ক্ৰোধহে বৃদ্ধি কৰে। লগতে কাফিৰসকলৰ কুফৰীয়ে সিহঁতৰ বাবে ক্ষতিগ্ৰস্ততাহে বৃদ্ধি কৰিব। কিয়নো সিহঁতে সেই জান্নাতৰ পৰা বঞ্চিত থাকিব, যিখন আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰিছিল, যদি সিহঁত ঈমান আনিলেহেঁতেন!
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اَرَءَیْتُمْ شُرَكَآءَكُمُ الَّذِیْنَ تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ ؕ— اَرُوْنِیْ مَاذَا خَلَقُوْا مِنَ الْاَرْضِ اَمْ لَهُمْ شِرْكٌ فِی السَّمٰوٰتِ ۚ— اَمْ اٰتَیْنٰهُمْ كِتٰبًا فَهُمْ عَلٰی بَیِّنَتٍ مِّنْهُ ۚ— بَلْ اِنْ یَّعِدُ الظّٰلِمُوْنَ بَعْضُهُمْ بَعْضًا اِلَّا غُرُوْرًا ۟
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধক, তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক তেওঁৰ অংশীদাৰ স্থাপন কৰি উপাসনা কৰা সেইবোৰৰ বিষয়ে কোৱাচোন, সেইবোৰে পৃথিৱীৰ কোনটো বস্তু সৃষ্টি কৰিছে? সিহঁতে এই পৰ্বতবোৰ সৃষ্টি কৰিছে নেকি? নে এই নদীসমূহ সৃষ্টি কৰিছে? নে ইয়াত থকা জীৱ-জন্তুবোৰ সৃষ্টি কৰিছে? অথবা আকাশমণ্ডল সৃষ্টি কৰাৰ ক্ষেত্ৰত সিহঁতে আল্লাহক সহায় কৰিছে নেকি? নাইবা সিহঁতক আমি এনেকুৱা কোনো গ্ৰন্থ প্ৰদান কৰিছোঁ নেকি, য’ত এইবোৰক অংশী কৰি ইবাদত কৰা বিষয়টোক অনুমোদন দিয়া হৈছে? নিশ্চয় এইবোৰৰ এটাৰো ভিত্তি নাই। দৰাচলতে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰা লোকসকলে ইজনে সিজনক প্ৰবঞ্চনামূলক প্ৰতিশ্ৰুতি দিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ اللّٰهَ یُمْسِكُ السَّمٰوٰتِ وَالْاَرْضَ اَنْ تَزُوْلَا ۚ۬— وَلَىِٕنْ زَالَتَاۤ اِنْ اَمْسَكَهُمَا مِنْ اَحَدٍ مِّنْ بَعْدِهٖ ؕ— اِنَّهٗ كَانَ حَلِیْمًا غَفُوْرًا ۟
নিশ্চয় আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱীক আয়ত্তত ৰাখিছে, যাতে স্থানচ্যুত নহয়। ধৰি লোৱা হ’ল, যদি স্থানচ্যুত হয় তেন্তে আল্লাহৰ বাহিৰে আন কোনেও ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰিব। নিশ্চয় তেওঁ অতি সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে। তাওবাকাৰী বান্দাসকলৰ প্ৰতি তেওঁ অত্যন্ত ক্ষমাশীল।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَقْسَمُوْا بِاللّٰهِ جَهْدَ اَیْمَانِهِمْ لَىِٕنْ جَآءَهُمْ نَذِیْرٌ لَّیَكُوْنُنَّ اَهْدٰی مِنْ اِحْدَی الْاُمَمِ ۚ— فَلَمَّا جَآءَهُمْ نَذِیْرٌ مَّا زَادَهُمْ اِلَّا نُفُوْرَا ۟ۙ
এই অস্বীকাৰকাৰী কাফিৰসকলে দৃঢ় শপত খাই কৈছিল যে, যদি আল্লাহে তেওঁৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ সিহঁতৰ ওচৰলৈ কোনো ৰাছুল প্ৰেৰণ কৰে, তেন্তে সিহঁত ইয়াহুদী আৰু খৃষ্টানসকলতকৈও অধিক সঠিক পথত পৰিচালিত হ’ব তথা সত্যৰ অনুসৰণ কৰি দেখুৱাব। কিন্তু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত হ’ল, তথা সিহঁতক তেওঁৰ শাস্তিৰ পৰা সতৰ্ক কৰিলে, ফলত তেওঁৰ আগমনত সিহঁত আৰু অধিক সত্যৰ পৰা আঁতৰি গ’ল, লগতে বাতিলৰ লগত মিলিত হ’ল। এতেকে সিহঁতে পূৰ্বৱৰ্তী লোকসকলতকৈ অধিক সঠিক পথত থকাৰ যি দৃঢ় অঙ্গীকাৰ কৰিছিল, সেই দৃঢ় অঙ্গীকাৰৰ ওপৰত সিহঁতে প্ৰতিষ্ঠিত থাকিব নোৱাৰিলে।
የአረብኛ ቁርኣን ማብራሪያ:
١سْتِكْبَارًا فِی الْاَرْضِ وَمَكْرَ السَّیِّئ ؕ— وَلَا یَحِیْقُ الْمَكْرُ السَّیِّئُ اِلَّا بِاَهْلِهٖ ؕ— فَهَلْ یَنْظُرُوْنَ اِلَّا سُنَّتَ الْاَوَّلِیْنَ ۚ— فَلَنْ تَجِدَ لِسُنَّتِ اللّٰهِ تَبْدِیْلًا ۚ۬— وَلَنْ تَجِدَ لِسُنَّتِ اللّٰهِ تَحْوِیْلًا ۟
আল্লাহৰ শপত খাই সিহঁতে কৰা এই প্ৰতিশ্ৰুতিৰ উদ্দেশ্য সঠিক নাছিল। ইয়াৰ উদ্দেশ্য আছিল পৃথিৱীত অহংকাৰ কৰি ফুৰা আৰু মানুহক প্ৰবঞ্চনা কৰা। প্ৰকৃততে বেয়া চক্ৰান্তই একমাত্ৰ চক্ৰান্তকাৰীকহে ক্ষতি কৰে। এই অহংকাৰকাৰীসকলে তথা চক্ৰান্তকাৰীসকলে আল্লাহৰ প্ৰতিষ্ঠিত নীতিৰ অপেক্ষাত আছে নেকি, অৰ্থাৎ সেই ধ্বংসৰ অপেক্ষাত আছে নেকি, যিদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা হৈছিল। অহংকাৰীসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত আপুনি আল্লাহৰ নীতিত কোনো ধৰণৰ পৰিবৰ্তন নাপাব। তেওঁ কেতিয়াও সিহঁতক শাস্তি নিদিয়াকৈ এৰি নিদিব। আপুনি আল্লাহৰ এই নীতিত কোনো ওলট-পালটো নাপাব যে, সিহঁতৰ স্থানত বেলেগক শাস্তি বিহিব। কিয়নো এইটো আল্লাহৰ প্ৰতিষ্ঠিত নীতি।
የአረብኛ ቁርኣን ማብራሪያ:
اَوَلَمْ یَسِیْرُوْا فِی الْاَرْضِ فَیَنْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الَّذِیْنَ مِنْ قَبْلِهِمْ وَكَانُوْۤا اَشَدَّ مِنْهُمْ قُوَّةً ؕ— وَمَا كَانَ اللّٰهُ لِیُعْجِزَهٗ مِنْ شَیْءٍ فِی السَّمٰوٰتِ وَلَا فِی الْاَرْضِ ؕ— اِنَّهٗ كَانَ عَلِیْمًا قَدِیْرًا ۟
কুৰাইশ্বৰ মাজৰ যিসকল লোকে আপোনাক অস্বীকাৰ কৰিছে, সিহঁতে পৃথিৱীত ঘূৰি পকি চোৱা নাই নেকি, তেতিয়াহে সিহঁতে গম পালেহেঁতেন যে, পূৰ্বৱৰ্তী উম্মতৰ যিসকল লোকে অস্বীকাৰ কৰিছিল, সিহঁতৰ শেষ পৰিণতি কেনেকুৱা হৈছিল? সিহঁতৰ পৰিণতি বেয়া নাছিলনে? তথা সিহঁতক আল্লাহে ধ্বংস কৰা নাছিলনে? অথচ সিহঁত কুৰাইশ্বতকৈও অধিক শক্তিশালী আছিল।আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই আল্লাহৰ পৰা গোপন নহয়। নিশ্চয় তেওঁ এই অস্বীকাৰকাৰীসকলৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ আয়ত্তৰ বাহিৰত নহয় তথা গোপন নহয়। তেওঁ যেতিয়াই ইচ্ছা তেতিয়াই সিহঁতক ধ্বংস কৰিবলৈ সক্ষম।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكفر سبب لمقت الله، وطريق للخسارة والشقاء.
কুফৰ হৈছে আল্লাহৰ ওচৰত ঘৃণাৰ কাৰণ। তথা ই মানুহক লোকচান আৰু দুৰ্ভাগ্যৰ পিনে লৈ যায়।

• المشركون لا دليل لهم على شركهم من عقل ولا نقل.
মুশ্বৰিকসকলৰ ওচৰত সিহঁতৰ শ্বিৰ্কৰ কোনো প্ৰমাণ নাই, যুক্তিও নাই উক্তিও নাই।

• تدمير الظالم في تدبيره عاجلًا أو آجلًا.
অন্যায়কাৰীসকলৰ ষড়যন্ত্ৰ সোনকালেই হওক অথবা পলমকৈ সিহঁতকেই ধ্বংস কৰে।

 
የይዘት ትርጉም ምዕራፍ: ፋጢር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት