Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል አዕላ   አንቀጽ:
وَیَتَجَنَّبُهَا الْاَشْقَی ۟ۙ
আৰু কাফিৰ সকলে উপদেশৰ পৰা পলায়ন কৰিবই, কিয়নো পৰকালত জাহান্নামত প্ৰৱেশ কৰোৱা সকলৰ ভিতৰত সিহঁত সৱাতোকৈ হতভাগ্য হব।
የአረብኛ ቁርኣን ማብራሪያ:
الَّذِیْ یَصْلَی النَّارَ الْكُبْرٰی ۟ۚ
যিয়ে জাহান্নামৰ ভীষণ জুইত প্ৰৱেশ কৰিব আৰু তাৰ তাপৰ সন্মুখীন হৈ থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ لَا یَمُوْتُ فِیْهَا وَلَا یَحْیٰی ۟ؕ
তাৰ পিছত সিহঁতে জাহান্নামত চিৰ দিনৰ বাবে প্ৰৱেশ কৰিব যাৰ ভিতৰত শাস্তিৰ পৰা মুক্তি পাবলৈ মৃত্যু কেতিয়াও নাহিব আৰু কোনো সন্মানজনক তথা আৰামদায়ক জীৱনো নাপাব।
የአረብኛ ቁርኣን ማብራሪያ:
قَدْ اَفْلَحَ مَنْ تَزَكّٰی ۟ۙ
সেই ব্যক্তি সফল হৈছে যিয়ে শ্বিৰ্ক আৰু পাপৰ পৰা পৱিত্ৰ হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَذَكَرَ اسْمَ رَبِّهٖ فَصَلّٰی ۟ؕ
তেওঁলোকৰ প্ৰতিপালকে শিকোৱা যিকিৰ- আযকাৰৰ দ্বাৰা তেওঁলোকে নিজ প্ৰতিপালকক স্মৰণ কৰিছে আৰু যিদৰে ছালাত আদায় কৰিবলৈ আদেশ দিছে সেইদৰেই আদায় কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
بَلْ تُؤْثِرُوْنَ الْحَیٰوةَ الدُّنْیَا ۟ۚۖ
বৰং তোমালোকে পাৰ্থিৱ জীৱনক অগ্ৰাধিকাৰ দিয়া আৰু ইয়াক পৰকালৰ ওপৰত প্ৰাধান্য দিয়া, অথচ দুয়োটাৰ মাজত আকাশ- পাতালৰ দৰে পাৰ্থক্য আছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالْاٰخِرَةُ خَیْرٌ وَّاَبْقٰی ۟ؕ
অথচ পৰকালৰ জীৱন পৃথিৱী আৰু তাৰ মাজত থকা সুখ, সামগ্ৰীতকৈ উত্তম আৰু চিৰস্থায়ী। কিয়নো তাত থকা অৱদানবোৰ কেতিয়াওঁ শেষ নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ هٰذَا لَفِی الصُّحُفِ الْاُوْلٰی ۟ۙ
ওপৰোল্লেখিত যিবোৰ আদেশ আৰু সংবাদ আমি তোমালোকৰ বাবে বৰ্ণনা কৰিলোঁ, সেইবোৰ কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বেও আকাশৰ পৰা অৱতীৰ্ণ হোৱা অন্যান্য গ্ৰন্থবোৰত মজুত আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
صُحُفِ اِبْرٰهِیْمَ وَمُوْسٰی ۟۠
সেই ছহীফাসমূহ হৈছে ইব্ৰাহিম আৰু মুছা আলাইহিমুছ ছালামৰ প্ৰতি অৱতীৰ্ণ ছহীফা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أهمية تطهير النفس من الخبائث الظاهرة والباطنة.
আত্মাক বাহ্যিক আৰু আভ্যন্তৰিণ মলিনতাৰ পৰা পৱিত্ৰ কৰাৰ মহত্ব।

• الاستدلال بالمخلوقات على وجود الخالق وعظمته.
সৃষ্টিৰ জৰিয়তে স্ৰষ্টাৰ অস্তিত্ব আৰু তেওঁৰ মহানতা প্ৰমাণ কৰা।

• مهمة الداعية الدعوة، لا حمل الناس على الهداية؛ لأن الهداية بيد الله.
আল্লাহৰ ফালে আহ্বানকাৰীৰ কাম কেৱল আহ্বান কৰা। হিদায়তৰ পথৰ প্ৰতি আহিবলৈ মানুহক বাধ্য কৰা নহয়। কিয়নো হিদায়ত কেৱল আল্লাহৰ হাতত।

 
የይዘት ትርጉም ምዕራፍ: አል አዕላ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት