Check out the new design

Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana * - Sadržaj prijevodā


Prijevod značenja Sura: El-A'la   Ajet:
وَیَتَجَنَّبُهَا الْاَشْقَی ۟ۙ
আৰু কাফিৰ সকলে উপদেশৰ পৰা পলায়ন কৰিবই, কিয়নো পৰকালত জাহান্নামত প্ৰৱেশ কৰোৱা সকলৰ ভিতৰত সিহঁত সৱাতোকৈ হতভাগ্য হব।
Tefsiri na arapskom jeziku:
الَّذِیْ یَصْلَی النَّارَ الْكُبْرٰی ۟ۚ
যিয়ে জাহান্নামৰ ভীষণ জুইত প্ৰৱেশ কৰিব আৰু তাৰ তাপৰ সন্মুখীন হৈ থাকিব।
Tefsiri na arapskom jeziku:
ثُمَّ لَا یَمُوْتُ فِیْهَا وَلَا یَحْیٰی ۟ؕ
তাৰ পিছত সিহঁতে জাহান্নামত চিৰ দিনৰ বাবে প্ৰৱেশ কৰিব যাৰ ভিতৰত শাস্তিৰ পৰা মুক্তি পাবলৈ মৃত্যু কেতিয়াও নাহিব আৰু কোনো সন্মানজনক তথা আৰামদায়ক জীৱনো নাপাব।
Tefsiri na arapskom jeziku:
قَدْ اَفْلَحَ مَنْ تَزَكّٰی ۟ۙ
সেই ব্যক্তি সফল হৈছে যিয়ে শ্বিৰ্ক আৰু পাপৰ পৰা পৱিত্ৰ হৈছে।
Tefsiri na arapskom jeziku:
وَذَكَرَ اسْمَ رَبِّهٖ فَصَلّٰی ۟ؕ
তেওঁলোকৰ প্ৰতিপালকে শিকোৱা যিকিৰ- আযকাৰৰ দ্বাৰা তেওঁলোকে নিজ প্ৰতিপালকক স্মৰণ কৰিছে আৰু যিদৰে ছালাত আদায় কৰিবলৈ আদেশ দিছে সেইদৰেই আদায় কৰিছে।
Tefsiri na arapskom jeziku:
بَلْ تُؤْثِرُوْنَ الْحَیٰوةَ الدُّنْیَا ۟ۚۖ
বৰং তোমালোকে পাৰ্থিৱ জীৱনক অগ্ৰাধিকাৰ দিয়া আৰু ইয়াক পৰকালৰ ওপৰত প্ৰাধান্য দিয়া, অথচ দুয়োটাৰ মাজত আকাশ- পাতালৰ দৰে পাৰ্থক্য আছে।
Tefsiri na arapskom jeziku:
وَالْاٰخِرَةُ خَیْرٌ وَّاَبْقٰی ۟ؕ
অথচ পৰকালৰ জীৱন পৃথিৱী আৰু তাৰ মাজত থকা সুখ, সামগ্ৰীতকৈ উত্তম আৰু চিৰস্থায়ী। কিয়নো তাত থকা অৱদানবোৰ কেতিয়াওঁ শেষ নহয়।
Tefsiri na arapskom jeziku:
اِنَّ هٰذَا لَفِی الصُّحُفِ الْاُوْلٰی ۟ۙ
ওপৰোল্লেখিত যিবোৰ আদেশ আৰু সংবাদ আমি তোমালোকৰ বাবে বৰ্ণনা কৰিলোঁ, সেইবোৰ কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বেও আকাশৰ পৰা অৱতীৰ্ণ হোৱা অন্যান্য গ্ৰন্থবোৰত মজুত আছিল।
Tefsiri na arapskom jeziku:
صُحُفِ اِبْرٰهِیْمَ وَمُوْسٰی ۟۠
সেই ছহীফাসমূহ হৈছে ইব্ৰাহিম আৰু মুছা আলাইহিমুছ ছালামৰ প্ৰতি অৱতীৰ্ণ ছহীফা।
Tefsiri na arapskom jeziku:
Poruke i pouke ajeta na ovoj stranici:
• أهمية تطهير النفس من الخبائث الظاهرة والباطنة.
আত্মাক বাহ্যিক আৰু আভ্যন্তৰিণ মলিনতাৰ পৰা পৱিত্ৰ কৰাৰ মহত্ব।

• الاستدلال بالمخلوقات على وجود الخالق وعظمته.
সৃষ্টিৰ জৰিয়তে স্ৰষ্টাৰ অস্তিত্ব আৰু তেওঁৰ মহানতা প্ৰমাণ কৰা।

• مهمة الداعية الدعوة، لا حمل الناس على الهداية؛ لأن الهداية بيد الله.
আল্লাহৰ ফালে আহ্বানকাৰীৰ কাম কেৱল আহ্বান কৰা। হিদায়তৰ পথৰ প্ৰতি আহিবলৈ মানুহক বাধ্য কৰা নহয়। কিয়নো হিদায়ত কেৱল আল্লাহৰ হাতত।

 
Prijevod značenja Sura: El-A'la
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana - Sadržaj prijevodā

Izdavač: centar za kur'anske studije "Tefsir".

Zatvaranje