Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አት-ተውባህ   አንቀጽ:
فَلَا تُعْجِبْكَ اَمْوَالُهُمْ وَلَاۤ اَوْلَادُهُمْ ؕ— اِنَّمَا یُرِیْدُ اللّٰهُ لِیُعَذِّبَهُمْ بِهَا فِی الْحَیٰوةِ الدُّنْیَا وَتَزْهَقَ اَنْفُسُهُمْ وَهُمْ كٰفِرُوْنَ ۟
এতেকে হে ৰাছুল! আপুনি মুনাফিকসকলৰ ধন-সম্পদ আৰু সন্তান-সন্ততিক লৈ আশ্চৰ্য প্ৰকাশ কৰিব নালাগে আৰু সিহঁতক ভাল পাবও নালাগে। কিয়নো সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততিৰ পৰিণাম বৰ বেয়া হ'ব। আল্লাহে সিহঁতক সিহঁতৰ বিৰুদ্ধে আযাব বনাই দিব। প্ৰকৃততে সেয়া অৰ্জন কৰাটোও এটা কষ্টসাধ্য তথা কঠিন কাম, লগতে সিহঁতৰ ওপৰত কিবা নহয় কিবা বিপদ আহিয়ে থাকিব। অৱশেষত কুফৰ অৱস্থাত আল্লাহে সিহঁতৰ প্ৰাণ হৰণ কৰিব আৰু সিহঁত জাহান্নামৰ একেবাৰে নিম্ন স্তৰত চিৰকাল অৱস্থান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَحْلِفُوْنَ بِاللّٰهِ اِنَّهُمْ لَمِنْكُمْ ؕ— وَمَا هُمْ مِّنْكُمْ وَلٰكِنَّهُمْ قَوْمٌ یَّفْرَقُوْنَ ۟
হে মুমিনসকল! মুনাফিকসকলে আল্লাহৰ শপত খাই কয় যে, সিহঁত তোমালোকৰ অন্তৰ্ভুক্ত। অথচ সিহঁত আভ্যন্তৰিণভাৱে তোমালোকৰ অন্তৰ্ভুক্ত নহয়, যদিও সিহঁতে নিজকে মুছলিম বুলি প্ৰকাশ কৰে। প্ৰকৃততে সিহঁতে মুশ্বৰিকসকলৰ দৰে হত্যা আৰু বন্দী হোৱাৰ ভয়ত নিজকে ৰক্ষা কৰিবলৈ মুছলিম বুলি পৰিচয় দিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
لَوْ یَجِدُوْنَ مَلْجَاً اَوْ مَغٰرٰتٍ اَوْ مُدَّخَلًا لَّوَلَّوْا اِلَیْهِ وَهُمْ یَجْمَحُوْنَ ۟
যদি এই মুনাফিকসকলে আশ্ৰয় লবলৈ কোনো দুৰ্গ পাই যায়, যত তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব, নাইবা পলায়ন কৰিবলৈ যদি পাহাৰত গুফা পাই যায়, যত আত্মগোপন কৰিব পাৰিব, অথবা কোনো সুৰংগ যদি পাই যায় যত প্ৰৱেশ কৰিব পাৰিব তেতিয়াহলে দ্ৰুত গতিত তাতগৈ আত্মগোপন কৰিলেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
وَمِنْهُمْ مَّنْ یَّلْمِزُكَ فِی الصَّدَقٰتِ ۚ— فَاِنْ اُعْطُوْا مِنْهَا رَضُوْا وَاِنْ لَّمْ یُعْطَوْا مِنْهَاۤ اِذَا هُمْ یَسْخَطُوْنَ ۟
হে নবী! মুনাফিকসকলৰ মাজত এনেকুৱা কিছুমান লোকো আছে, যিসকলে ছাদাকাহ বিতৰণক কেন্দ্ৰ কৰি আপোনাক সমালোচনা কৰে, কিয়নো সিহঁতে সেইটো নাপায় যিটো সিহঁতে বিচাৰে। কিন্তু যদি আপুনি সিহঁতে বিচৰা অনুযায়ী প্ৰদান কৰে তেন্তে সিহঁত উত্ফুল্লিত হয়। আনহাতে যদি সিহঁতক সিহঁতৰ আশা অনুযায়ী দিয়া নহয় তেন্তে সিহঁত অসন্তুষ্ট হয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَوْ اَنَّهُمْ رَضُوْا مَاۤ اٰتٰىهُمُ اللّٰهُ وَرَسُوْلُهٗ ۙ— وَقَالُوْا حَسْبُنَا اللّٰهُ سَیُؤْتِیْنَا اللّٰهُ مِنْ فَضْلِهٖ وَرَسُوْلُهٗۤ ۙ— اِنَّاۤ اِلَی اللّٰهِ رٰغِبُوْنَ ۟۠
ছাদাকাহ বিতৰণক কেন্দ্ৰ কৰি আপোনাক সমালোচনা কৰা এই মুনাফিকসকলে যদি আল্লাহ আৰু তেওঁৰ ৰাছুলে প্ৰদান কৰা অংশকলৈ সন্তুষ্ট থাকিলেহেঁতেন আৰু কোৱাহেঁতেন যে, আল্লাহেই আমাৰ বাবে যথেষ্ট, আল্লাহে নিজ অনুগ্ৰহত আমাক যি ইচ্ছা প্ৰদান কৰিব পাৰে, আৰু আল্লাহে যি দান কৰিছে ৰাছুলে আমাক সেয়াই প্ৰদান কৰিছে, আৰু আমি আল্লাহৰ ওচৰতেই প্ৰত্যাশী তেৱেঁই আমাক নিজ অনুগ্ৰহত দান কৰিব। যদি সিহঁতে এইদৰে কৰিলেহেঁতেন তেন্তে আপোনাৰ সমালোচনাতকৈ এয়া সিহঁতৰ পক্ষে কল্যাণকৰ হলেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّمَا الصَّدَقٰتُ لِلْفُقَرَآءِ وَالْمَسٰكِیْنِ وَالْعٰمِلِیْنَ عَلَیْهَا وَالْمُؤَلَّفَةِ قُلُوْبُهُمْ وَفِی الرِّقَابِ وَالْغٰرِمِیْنَ وَفِیْ سَبِیْلِ اللّٰهِ وَابْنِ السَّبِیْلِ ؕ— فَرِیْضَةً مِّنَ اللّٰهِ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟
ফৰজ যাকাত দৰিদ্ৰসকলৰ ওপৰত ব্যয় কৰা হ'ব, যাৰ ওচৰত জীৱিকা উপাৰ্জনৰ উপায় তথা মাধ্যমো আছে কিন্তু তাৰ পৰা অহা আয় তাৰ বাবে যথেষ্ট নহয়, তথাপিও তেওঁ আনৰ ওচৰত নিজৰ অৱস্থা ব্যক্ত নকৰে। লগতে এই ধন ব্যয় কৰা হ'ব মিছিকিনসকলৰ ওপৰত, যাৰ ওচৰত ধন বোলোতে একোৱে নাই, তাৰ কথা বাৰ্তা আৰু অৱস্থাই তাৰ পৰিচায়ক। লগতে ব্যয় কৰা হ'ব কৰ্মচাৰীসকলৰ ওপৰত, যিসকলক কৰ্তৃপক্ষই যাকাত সংগ্ৰহ কৰিবলৈ নিযুক্তি দিছে। লগতে এনেকুৱা অমুছলিমৰ ওপৰতো ব্যয় কৰা হ'ব, যাৰ অন্তৰ ইছলামৰ পিনে ধাবিত, যাতে ইছলাম গ্ৰহণ কৰে। আৰু দুৰ্বল ঈমানৰ অধিকাৰীসকলৰ ওপৰতো ব্যয় কৰা হ'ব, সিহঁতৰ ঈমান শক্তিশালী কৰিবলৈ। অথবা কাৰোবাক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ। লগতে ব্যয় কৰা হ'ব দাস মুক্তি কৰিবলৈ। আৰু এই ধন ব্যয় কৰা হব সেইসকল ঋণগ্ৰস্তৰ ওপৰত, যিসকলে অপচয় তথা অপকৰ্মত লিপ্ত নোহোৱাকৈ ঋণগ্ৰস্ত হৈছে আৰু ঋণ পৰিশোধ কৰাৰ শক্তি তেওঁলোকৰ নাই। লগতে এই ধন ব্যয় কৰা হ'ব আল্লাহৰ পথত যুদ্ধ কৰা মুজাহিদসকলৰ প্ৰস্তুতিৰ বাবে। আৰু সেই ভ্ৰমণকাৰীৰ ওপৰতো ব্যয় কৰা হ'ব, যাৰ ভ্ৰমণ অৱস্থাত সম্বল সমাপ্ত হৈছে। যাকাতৰ ধন এইসকল ব্যক্তি তথা শিতানত ব্যয় কৰাটোৱে হৈছে আল্লাহৰ জৰুৰী নিৰ্দেশ। আল্লাহ তেওঁৰ বান্দাসকলৰ কল্যাণ সম্পৰ্কে সম্যক অৱগত, চৰীয়ত প্ৰণয়ন তথা পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
وَمِنْهُمُ الَّذِیْنَ یُؤْذُوْنَ النَّبِیَّ وَیَقُوْلُوْنَ هُوَ اُذُنٌ ؕ— قُلْ اُذُنُ خَیْرٍ لَّكُمْ یُؤْمِنُ بِاللّٰهِ وَیُؤْمِنُ لِلْمُؤْمِنِیْنَ وَرَحْمَةٌ لِّلَّذِیْنَ اٰمَنُوْا مِنْكُمْ ؕ— وَالَّذِیْنَ یُؤْذُوْنَ رَسُوْلَ اللّٰهِ لَهُمْ عَذَابٌ اَلِیْمٌ ۟
মুনাফিকসকলৰ কিছুমানে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক কথাৰ দ্বাৰা কষ্ট দিয়ে। এতেকে সিহঁতে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহনশীলতা দেখি কয়, তেখেতে সকলোৰে কথা মানি চলে তথা সত্য আৰু অসত্যৰ মাজত কোনো পাৰ্থক্য নকৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ ৰাছুলে কল্যাণকৰ কথাৰ বাহিৰে একোৱে নামানে। তেখেতে আল্লাহৰ কথাক সত্য বুলি স্বীকাৰ কৰে আৰু সত্যবাদী মুমিনসকলৰ কথাক বিশ্বাস কৰে তথা তেওঁলোকৰ প্ৰতি দয়া কৰে। কিয়নো তেখেতক মুমিনসকলৰ প্ৰতি দয়ালুৰূপে প্ৰেৰণ কৰা হৈছে। যিসকলে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক কোনো প্ৰকাৰ কষ্ট দিয়ে, সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الأموال والأولاد قد تكون سببًا للعذاب في الدنيا، وقد تكون سببًا للعذاب في الآخرة، فليتعامل العبد معهما بما يرضي مولاه، فتتحقق بهما النجاة.
ধন-সম্পদ আৰু সন্তান-সন্ততি কেতিয়াবা পৃথিৱীত শাস্তিৰ কাৰণ হৈ থিয় দিয়ে। আকৌ কেতিয়াবা আখিৰাতত শাস্তিৰ কাৰণ হয়। এতেকে বান্দাই এই দুটাৰ লগত তেনেকুৱাই ব্যৱহাৰ কৰা উচিত, যেনেকুৱা ব্যৱহাৰ কৰিলে তাৰ প্ৰতিপালক সন্তুষ্ট হ'ব, যাতে বান্দাই মুক্তি লাভ কৰে।

• توزيع الزكاة موكول لاجتهاد ولاة الأمور يضعونها على حسب حاجة الأصناف وسعة الأموال.
যাকাত বন্টনৰ দায়িত্ব শাসকসকলৰ। তেওঁলোকে এইসকল লোকৰ মাজত আৱশ্যকতা অনুসাৰে আৰু ধনৰ পৰিমাণ অনুযায়ী বন্টন কৰিব।

• إيذاء الرسول صلى الله عليه وسلم فيما يتعلق برسالته كفر، يترتب عليه العقاب الشديد.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক তেওঁৰ ৰিছালতক কেন্দ্ৰ কৰি কষ্ট দিয়া কুফুৰী কৰ্ম আৰু ইয়াৰ শাস্তিও অতি কঠোৰ।

• ينبغي للعبد أن يكون أُذن خير لا أُذن شر، يستمع ما فيه الصلاح والخير، ويُعرض ترفُّعًا وإباءً عن سماع الشر والفساد.
বান্দাই বেয়া কথাৰ পৰিবৰ্তে কেৱল ভাল কথা শুনা উচিত। কেৱল এনেকুৱা কথা শুনা উচিত যাৰ জৰিয়তে সংশোধন হয় তথা যাৰ মাজত কল্যাণ আছে। আনহাতে বেয়া তথা কুংসস্কাৰমূলক কথাৰ পৰা বিৰত থকা উচিত।

 
የይዘት ትርጉም ምዕራፍ: አት-ተውባህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት