Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አት-ተውባህ   አንቀጽ:
وَالَّذِیْنَ اتَّخَذُوْا مَسْجِدًا ضِرَارًا وَّكُفْرًا وَّتَفْرِیْقًا بَیْنَ الْمُؤْمِنِیْنَ وَاِرْصَادًا لِّمَنْ حَارَبَ اللّٰهَ وَرَسُوْلَهٗ مِنْ قَبْلُ ؕ— وَلَیَحْلِفُنَّ اِنْ اَرَدْنَاۤ اِلَّا الْحُسْنٰی ؕ— وَاللّٰهُ یَشْهَدُ اِنَّهُمْ لَكٰذِبُوْنَ ۟
মুনাফিকসকলৰ মাজত এনেকুৱা লোকো আছে, যিসকলে এখন মছজিদ নিৰ্মাণ কৰিছিল কিন্তু সেয়া আল্লাহৰ আনুগত্য কৰাৰ বাবে নহয়, বৰং মুছলিমসকলক ক্ষতি কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল। কুফৰ প্ৰকাশ কৰি মুনাফিকসকলক শক্তিশালি কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ নিমিত্তে, আৰু মছজিদ নিৰ্মাণৰ পূৰ্বে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছিল, সিহঁতৰ বাবে প্ৰস্তুতি লোৱাৰ স্থান তথা খাপ পাতি ৰৈ থকাৰ বাবে নিৰ্দিষ্ট ঠাই বনোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল। অৱশ্যে এই মুনাফিকসকলে তোমালোকৰ সন্মুখত শপত খাই ক'ব যে, আমাৰ উদ্দেশ্য আছিল কেৱল মুছলিমসকলক সহায় কৰা। জানি থোৱা! আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁতৰ এই দাবী মিছলীয়া।
የአረብኛ ቁርኣን ማብራሪያ:
لَا تَقُمْ فِیْهِ اَبَدًا ؕ— لَمَسْجِدٌ اُسِّسَ عَلَی التَّقْوٰی مِنْ اَوَّلِ یَوْمٍ اَحَقُّ اَنْ تَقُوْمَ فِیْهِ ؕ— فِیْهِ رِجَالٌ یُّحِبُّوْنَ اَنْ یَّتَطَهَّرُوْا ؕ— وَاللّٰهُ یُحِبُّ الْمُطَّهِّرِیْنَ ۟
হে নবী! আপুনি এনেকুৱা মছজিদত ছালাত আদায়ৰ বাবে মুনাফিকসকলৰ আহ্বানত সঁহাৰি নিদিব। কিয়নো কুফৰৰ ওপৰত ভিত্তি কৰি স্থাপিত এই মছজিদতকৈ, কুবা মছজিদ যিটো আৰম্ভণিৰ পৰাই তাক্বৱাৰ ওপৰত স্থাপিত, তাত ছালাত আদায় কৰাটো আপোনাৰ পক্ষে অধিক গুৰুত্ববহন কৰে। কুবা মছজিদত এনেকুৱা কিছুমান লোক আছে যিসকলে অপৱিত্ৰতাৰ পৰা পানীৰ দ্বাৰা আৰু গুনাহৰ পৰা তাওবা আৰু ক্ষমা প্ৰাৰ্থনাৰ জৰিয়তে স্বচ্ছ থকাক পছন্দ কৰে। এতেকে আল্লাহেও অশুদ্ধতা, অপৱিত্ৰতা আৰু পাপ-পঙ্কিলতাৰ পৰা পৱিত্ৰ থকা ব্যক্তিসকলক ভালপায়।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَمَنْ اَسَّسَ بُنْیَانَهٗ عَلٰی تَقْوٰی مِنَ اللّٰهِ وَرِضْوَانٍ خَیْرٌ اَمْ مَّنْ اَسَّسَ بُنْیَانَهٗ عَلٰی شَفَا جُرُفٍ هَارٍ فَانْهَارَ بِهٖ فِیْ نَارِ جَهَنَّمَ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟
যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তথা বেছি বেছি নেক কৰ্ম কৰিবলৈ আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰিবলৈ তাক্বৱাৰ ওপৰত নিজৰ ভৱনৰ আধাৰশিলা স্থাপন কৰিছে, তেওঁ সেই ব্যক্তিৰ সমান নেকি যিয়ে মুছলিমসকলক ক্ষতি কৰিবলৈ আৰু কুফৰক শক্তিশালী কৰিবলৈ, লগতে মুছলিমসকলৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ মছজিদ নিৰ্মাণ কৰিছে? দুয়ো কেতিয়াও সমান হ'ব নোৱাৰে। প্ৰথম ব্যক্তিৰ ভৱন শক্তিশালী আৰু মজবুত হ'ব, আৰু সেই ভৱন ধ্বংস হোৱাৰ কোনো আশংকা নাই। আনহাতে দ্বিতীয় ব্যক্তিৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে কোনো গৰাখহনীয়াৰ পাৰত ভৱন নিৰ্মাণ কৰিলে আৰু অৱশেষত সেই ভৱন ধ্বংস স্তূপত পৰিণত হৈ জাহান্নামৰ নিম্নস্তৰত খহি পৰিল। প্ৰকৃততে আল্লাহে কুফৰ আৰু নিফাকৰ দ্বাৰা অন্যায় কৰা ব্যক্তিসকলক পোন পথৰ হিদায়ত নিদিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
لَا یَزَالُ بُنْیَانُهُمُ الَّذِیْ بَنَوْا رِیْبَةً فِیْ قُلُوْبِهِمْ اِلَّاۤ اَنْ تَقَطَّعَ قُلُوْبُهُمْ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟۠
সিহঁতৰ এই মছজিদ, যিটোক সিহঁতে মুছলিমসকলৰ ক্ষতি কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল, সদায় সেইটো সিহঁতৰ অন্তৰত সন্দেহ আৰু নিফাকৰ ৰূপত প্ৰতিষ্ঠিত হৈ থাকিব, আৰু এই ধাৰাবাহিকতা তেতিয়ালৈকে থাকিব যেতিয়ালৈকে সিহঁত মৃত্যু তথা তৰোৱালৰ দ্বাৰা হত্যা নহ'ব। আল্লাহ তেওঁৰ বান্দাসকলৰ কৰ্ম সম্পৰ্কে অৱগত, আৰু তেওঁ ভাল-বেয়া প্ৰতিদান দিয়াত মহাপ্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ اللّٰهَ اشْتَرٰی مِنَ الْمُؤْمِنِیْنَ اَنْفُسَهُمْ وَاَمْوَالَهُمْ بِاَنَّ لَهُمُ الْجَنَّةَ ؕ— یُقَاتِلُوْنَ فِیْ سَبِیْلِ اللّٰهِ فَیَقْتُلُوْنَ وَیُقْتَلُوْنَ ۫— وَعْدًا عَلَیْهِ حَقًّا فِی التَّوْرٰىةِ وَالْاِنْجِیْلِ وَالْقُرْاٰنِ ؕ— وَمَنْ اَوْفٰی بِعَهْدِهٖ مِنَ اللّٰهِ فَاسْتَبْشِرُوْا بِبَیْعِكُمُ الَّذِیْ بَایَعْتُمْ بِهٖ ؕ— وَذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟
নিসন্দেহে আল্লাহে নিজ কৃপাত মুমিনসকলৰ পৰা তেওঁলোকৰ প্ৰাণ অধিক মূল্যত অৰ্থাৎ জান্নাতৰ বিনিময়ত কিনি লৈছে, (যদিও তেওঁলোক আল্লাহৰেই অধীনস্থ)। কিয়নো তেওঁলোকে কাফিৰসকলৰ লগত আল্লাহৰ বাণী সুউচ্চ কৰিবলৈ যুদ্ধ কৰে, তেওঁলোকে কাফিৰসকলক হত্যাও কৰে আৰু সিহঁতৰ হাতত নিজেও নিহত হয়। আল্লাহে ইয়াৰ সত্য প্ৰতিশ্ৰুতি মূছা আলাইহিছ ছালামৰ পুথি তাওৰাতত আৰু ঈছা আলাইহিছ ছালামৰ পুথি ইঞ্জীলত, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পুথি কোৰআনত প্ৰদান কৰিছে। এতেকে আল্লাহতকৈ অধিক প্ৰতিশ্ৰুতি পূৰণকাৰী আন কোনো নাই। গতিকে হে মুমিনসকল! তোমালোকে এই ব্যৱসায়ত আনন্দ প্ৰকাশ কৰা, যিটো তোমালোকে আল্লাহৰ লগত কৰিছা। দৰাচলতে তোমালোকে এই ক্ষেত্ৰত বহুত লাভৱান হৈছা, আৰু এই ব্যৱসায় হৈছে এটা মহাসফলতা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• محبة الله ثابتة للمتطهرين من الأنجاس البدنية والروحية.
শাৰীৰিক তথা আধ্যাত্মিকক ৰূপে পৱিত্ৰতা অৰ্জনকাৰীসকলক যে আল্লাহে ভালপায় (এয়া) তাৰ প্ৰমাণ।

• لا يستوي من عمل عملًا قصد به وجه الله؛ فهذا العمل هو الذي سيبقى ويسعد به صاحبه، مع من قصد بعمله نصرة الكفر ومحاربة المسلمين؛ وهذا العمل هو الذي سيفنى ويشقى به صاحبه.
কোনোবাই যদি আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ কোনো কাম কৰে, তেন্তে তাৰ এই কাম সেই ব্যক্তিৰ কৰ্মৰ দৰে নহ'ব, যাৰ উদ্দেশ্য কুফৰক সহায় কৰা আৰু মুছলমানক ক্ষতি কৰা। প্ৰথম ব্যক্তিৰ আমল সুৰক্ষিত থাকিব, লগতে তাৰ বাবে এয়া সৌভাগ্যৰ কাৰণ হ'ব। পক্ষান্তৰে দ্বিতীয় ব্যক্তিৰ আমল ধ্বংস হ'ব, আৰু তাৰ বাবে ই দুৰ্ভাগ্যৰ পথ প্ৰশস্ত কৰিব।

• مشروعية الجهاد والحض عليه كانت في الأديان التي قبل الإسلام أيضًا.
ইছলামৰ পূৰ্ব ধৰ্ম বিলাকতো জিহাদৰ আদেশ দিয়া হৈছিল আৰু ইয়াৰ প্ৰেৰণাও দিয়া হৈছিল।

• كل حالة يحصل بها التفريق بين المؤمنين فإنها من المعاصي التي يتعين تركها وإزالتها، كما أن كل حالة يحصل بها جمع المؤمنين وائتلافهم يتعين اتباعها والأمر بها والحث عليها.
প্ৰত্যেক এনেকুৱা পৰিস্থিতি যিটোৱে মুছলিমসকলৰ মাজত বিভেদ সৃষ্টি কৰে, সেয়া পাপ কৰ্ম। তাৰ পৰা নিজকে ৰক্ষা কৰা আৰু এনেকুৱা পৰিস্থিতিৰ অৱসান ঘটোৱা অনিবাৰ্য। এইদৰে প্ৰত্যেক এনেকুৱা পৰিস্থিতি যিটোৱে মুছলিমসকলক একত্ৰিত কৰে বা সংযোগ কৰে আৰু তেওঁলোকৰ মাজত প্ৰেম-ভাৱ সৃষ্টি কৰে, তেনেকুৱা পৰিস্থিতিৰ অনুসৰণ কৰা, আনক উৎসাহিত কৰা আৰু মানুহক সেই পিনে আহ্বান কৰা জৰুৰী।

 
የይዘት ትርጉም ምዕራፍ: አት-ተውባህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት