Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አት-ተውባህ   አንቀጽ:
یَحْلِفُوْنَ بِاللّٰهِ لَكُمْ لِیُرْضُوْكُمْ ۚ— وَاللّٰهُ وَرَسُوْلُهٗۤ اَحَقُّ اَنْ یُّرْضُوْهُ اِنْ كَانُوْا مُؤْمِنِیْنَ ۟
হে মুমিনসকল! মুনাফিকসকলে তোমালোকক সন্তুষ্ট কৰিবলৈ তোমালোকৰ সন্মুখত শপত খাই কয় যে, সিহঁতে এনেকুৱা কোনো কথা কোৱা নাই, যিটোৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মানসিকভাৱে কষ্ট দিয়ে। অথচ ঈমান আৰু নেক আমলৰ জৰিয়তে আল্লাহ আৰু তেওঁৰ ৰাছুলক সন্তুষ্ট কৰাটো অধিক প্ৰয়োজন যদি ইহঁত প্ৰকৃত মুমিন।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ یَعْلَمُوْۤا اَنَّهٗ مَنْ یُّحَادِدِ اللّٰهَ وَرَسُوْلَهٗ فَاَنَّ لَهٗ نَارَ جَهَنَّمَ خَالِدًا فِیْهَا ؕ— ذٰلِكَ الْخِزْیُ الْعَظِیْمُ ۟
এই মুনাফিকসকলে নাজানে নেকি যে, ইহঁতে নিজৰ এনেকুৱা কৰ্মৰ জৰিয়তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰি আছে? জানি থোৱা! যিয়েই তেওঁলোকৰ বিৰোধিতা কৰিব সি ক্বিয়ামতৰ দিনা চিৰস্থায়ীভাৱে জাহান্নামৰ জুইত প্ৰৱেশ কৰিব। এইটো বৰ ডাঙৰ অপমান।
የአረብኛ ቁርኣን ማብራሪያ:
یَحْذَرُ الْمُنٰفِقُوْنَ اَنْ تُنَزَّلَ عَلَیْهِمْ سُوْرَةٌ تُنَبِّئُهُمْ بِمَا فِیْ قُلُوْبِهِمْ ؕ— قُلِ اسْتَهْزِءُوْا ۚ— اِنَّ اللّٰهَ مُخْرِجٌ مَّا تَحْذَرُوْنَ ۟
মুনাফিকসকলে আশংকা কৰে যে, আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত এনেকুৱা কোনো ছুৰা অৱতীৰ্ণ কৰি দিয়ে নেকি য’ত সিহঁতৰ মনৰ গোপন কুফৰ সম্পৰ্কে মুমিনসকলক অৱগত কৰোৱা হ'ব। হে ৰাছুল! আপুনি কৈ দিয়ক, হে মুনাফিকসকল! তোমালোকে যিমান পাৰা উপলুঙা কৰি থাকা আৰু দ্বীনকলৈ উপহাস কৰা। নিশ্চয় আল্লাহে কোনো ছুৰা অৱতীৰ্ণ কৰি অথবা ৰাছুলক অৱগত কৰাই সেইবোৰ বিষয় স্পষ্ট কৰি দিব, যিবোৰ বিষয় প্ৰকাশ হোৱাক তোমালোকে ভয় কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَىِٕنْ سَاَلْتَهُمْ لَیَقُوْلُنَّ اِنَّمَا كُنَّا نَخُوْضُ وَنَلْعَبُ ؕ— قُلْ اَبِاللّٰهِ وَاٰیٰتِهٖ وَرَسُوْلِهٖ كُنْتُمْ تَسْتَهْزِءُوْنَ ۟
হে ৰাছুল! মুনাফিকসকলে আল্লাহ সম্পৰ্কে কৰা বেয়া মন্তব্য আৰু মুমিনসকলক গালি-শপনি দিয়া সম্পৰ্কে আল্লাহে আপোনাক অৱগত কৰোৱাৰ পিছত যদি আপুনি সিহঁতক এইবোৰৰ বিষয়ে সোধে তেন্তে সিহঁতে ক'বঃ আমি এনেই কৈছিলো আৰু হাঁহি ঠাট্টাহে কৰিছিলো। হে ৰাছুল! আপুনি তেতিয়া সিহঁতক কওঁক যে, উপহাস কৰিবলৈ তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াত আৰু তেওঁৰ ৰাছুলকেই পালা নেকি?
የአረብኛ ቁርኣን ማብራሪያ:
لَا تَعْتَذِرُوْا قَدْ كَفَرْتُمْ بَعْدَ اِیْمَانِكُمْ ؕ— اِنْ نَّعْفُ عَنْ طَآىِٕفَةٍ مِّنْكُمْ نُعَذِّبْ طَآىِٕفَةًۢ بِاَنَّهُمْ كَانُوْا مُجْرِمِیْنَ ۟۠
এতিয়া মিছা বাহানা কৰি লাভ নাই, তোমালোকে উপহাস কৰি নিজৰ গোপন কুফুৰী কাৰ্যক প্ৰকাশ কৰিছা। আমি তোমালোকৰ এটা দলক নিফাকৰ পৰা বিৰত থকাৰ কাৰণে তথা তাওবা কৰাৰ আৰু আল্লাহৰ সৈতে নিষ্ঠা থকাৰ কাৰণে ক্ষমা কৰি দিলেও আনটো দলক ক্ষমা কৰি নিদিওঁ, কিয়নো সিহঁত নিফাকৰ ওপৰত অটল থকাৰ কাৰণে আৰু তাওবা নকৰাৰ কাৰণে শাস্তি ভোগ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اَلْمُنٰفِقُوْنَ وَالْمُنٰفِقٰتُ بَعْضُهُمْ مِّنْ بَعْضٍ ۘ— یَاْمُرُوْنَ بِالْمُنْكَرِ وَیَنْهَوْنَ عَنِ الْمَعْرُوْفِ وَیَقْبِضُوْنَ اَیْدِیَهُمْ ؕ— نَسُوا اللّٰهَ فَنَسِیَهُمْ ؕ— اِنَّ الْمُنٰفِقِیْنَ هُمُ الْفٰسِقُوْنَ ۟
মুনাফিক পুৰুষ তথা মুনাফিক নাৰীসকল সকলোৱে নিফাকৰ ক্ষেত্ৰত একেই শ্ৰেণীৰ আৰু মুমিনসকলৰ পৰিপন্থী। অসৎকৰ্মৰ আদেশ দিয়ে আৰু সৎকৰ্মত বাধা প্ৰদান কৰে। ধন-সম্পদত কৃপণালী কৰে আৰু আল্লাহৰ পথত ব্যয় নকৰে। সিহঁতে আল্লাহৰ আনুগত্য এৰি দিছে, ফলত আল্লাহেও সিহঁতক তাওফীকৰ পৰা বঞ্চিত কৰিছে। নিশ্চয় মুনাফিকসকল আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত হৈছে আৰু সত্যৰ পৰা আঁতৰি গুনাহৰ আৰু ভ্ৰান্ত পথ অৱলম্বন কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَعَدَ اللّٰهُ الْمُنٰفِقِیْنَ وَالْمُنٰفِقٰتِ وَالْكُفَّارَ نَارَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَا ؕ— هِیَ حَسْبُهُمْ ۚ— وَلَعَنَهُمُ اللّٰهُ ۚ— وَلَهُمْ عَذَابٌ مُّقِیْمٌ ۟ۙ
মুনাফিকসকলৰ আৰু কাফিৰসকলৰ মাজৰ যিসকলে তাওবা কৰা নাই, আল্লাহে সিহঁতক জাহান্নামৰ জুইত প্ৰৱেশৰ প্ৰতিশ্ৰুতি দিছে, যত সিহঁত চিৰকাল অৱস্থান কৰিব। শাস্তিৰ বাবে এইটোৱে সিহঁতৰ পক্ষে যথেষ্ট। লগতে আল্লাহে সিহঁতক নিজ ৰহমতৰ পৰা বিতাৰিত কৰিছে, আৰু সিহঁতৰ বাবে আছে ধাৰাবাহিক শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• قبائح المنافقين كثيرة، ومنها الإقدام على الأيمان الكاذبة، ومعاداة الله ورسوله، والاستهزاء بالقرآن والنبي والمؤمنين، والتخوف من نزول سورة في القرآن تفضح شأنهم، واعتذارهم بأنهم هازلون لاعبون، وهو إقرار بالذنب، بل هو عذر أقبح من الذنب.
মুনাফিকসকলৰ মাজত বহু ধৰণৰ বেয়া স্বভাৱ পোৱা যায়। যেনেঃ মিছা শপত খোৱা, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত শত্ৰুতা পোষণ কৰা, কোৰআন তথা নবী আৰু মুমিনসকলকলৈ উপহাস কৰা, কোৰআনত সিহঁতৰ গোপন তথ্য প্ৰকাশ কৰি কোনো ছুৰা অৱতীৰ্ণ হয় নেকি সেই সম্পৰ্কে ভয় পোষণ কৰা, বাহানা আৰু ওজৰ দাঙি ধৰা যে, আমি এনেই ধেমালি কৰিছিলো, যদিও এইটো এটা গুনাহৰ স্বীকৃতি, বৰং এনেকুৱা গুনাহ যিটো বাহানাতকৈও ডাঙৰ।

• لا يُقبل الهزل في الدين وأحكامه، ويعد الخوض بالباطل في كتاب الله ورسله وصفاته كفرًا.
ধৰ্ম আৰু ইয়াৰ বিধান সম্পৰ্কীয় কোনো ধৰণৰ ঠাট্টা গ্ৰহণযোগ্য নহয়। আল্লাহৰ কিতাপ, তেওঁৰ ৰাছুল আৰু আল্লাহৰ ছিফাত সম্পৰ্কীয় যিকোনো বাতিল অনুসন্ধানক কুফুৰী বুলি গণ্য কৰা হ'ব।

• النّفاق: مرض عُضَال متأصّل في البشر، وأصحاب ذلك المرض متشابهون في كل عصر وزمان في الأمر بالمنكر والنّهي عن المعروف، وقَبْض أيديهم وإمساكهم عن الإنفاق في سبيل الله للجهاد، وفيما يجب عليهم من حق.
নিফাক মানুহৰ মাজত পোৱা এবিধ চিকিৎসাহীন বেমাৰ। আৰু এই বেমাৰত আক্ৰান্ত লোকসকলে সকলো যুগতে মানুহক অসৎকৰ্মৰ নিৰ্দেশ দি আহিছে, আৰু সৎকৰ্মৰ পৰা বাধা প্ৰদান কৰি আহিছে। আল্লাহৰ পথত যুদ্ধৰ বাবে আৰু প্ৰয়োজনীয় স্থানত ব্যয় কৰিবলৈ নিজকে বিৰত ৰাখিছে।

• الجزاء من جنس العمل، فالذي يترك أوامر الله ويأتي نواهيه يتركه من رحمته.
আমল অনুসাৰে প্ৰতিদান পোৱা যায়। এতেকে যিয়ে আল্লাহৰ আদেশ পৰিত্যাগ কৰিব, আৰু তেওঁৰ অবাধ্যতাত লিপ্ত হ'ব, আল্লাহেও তাক নিজ ৰহমতৰ পৰা বঞ্চিত কৰিব।

 
የይዘት ትርጉም ምዕራፍ: አት-ተውባህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት