Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አት-ተውባህ   አንቀጽ:
كَالَّذِیْنَ مِنْ قَبْلِكُمْ كَانُوْۤا اَشَدَّ مِنْكُمْ قُوَّةً وَّاَكْثَرَ اَمْوَالًا وَّاَوْلَادًا ؕ— فَاسْتَمْتَعُوْا بِخَلَاقِهِمْ فَاسْتَمْتَعْتُمْ بِخَلَاقِكُمْ كَمَا اسْتَمْتَعَ الَّذِیْنَ مِنْ قَبْلِكُمْ بِخَلَاقِهِمْ وَخُضْتُمْ كَالَّذِیْ خَاضُوْا ؕ— اُولٰٓىِٕكَ حَبِطَتْ اَعْمَالُهُمْ فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ— وَاُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟
হে মুনাফিকসকল! কুফৰ আৰু উপহাসৰ ক্ষেত্ৰত তোমালোক সেইসকল মিছলীয়া সম্প্ৰদায়ৰ দৰে যিসকল তোমালোকৰ পূৰ্বে অতিবাহিত হৈছে। সিহঁত শক্তি সামৰ্থত তোমালোকতকৈও শক্তিশালী আছিল, লগতে ধন-সম্পদ আৰু সন্তান-সন্ততিও তোমালোকতকৈ বেছি আছিল। এতেকে সিহঁতে পাৰ্থিৱ জীৱনৰ সুখ-সুবিধাৰ যি অংশ পাবলগীয়া আছিল সেয়া সিহঁতে উপভোগ কৰিছে। হে মুনাফিকসকল! সেইদৰে তোমালোকেও নিজৰ নিৰ্ধাৰিত অংশৰ সুখ সুবিধা উপভোগ কৰিছা। তোমালোকেও সিহঁতৰ দৰেই সত্যক প্ৰত্যাখ্যান কৰিছা আৰু ৰাছুলৰ প্ৰতি অপবাদ দিছা, যিদৰে সিহঁতে সত্য প্ৰত্যাখ্যান কৰিছিল আৰু সিহঁতৰ ৰাছুলসকলক অপবাদ দিছিল। এইবোৰ বেয়া বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰেই আমলসমূহ অথলে গৈছে, কাৰণ সিহঁত আল্লাহৰ লগত কুফৰী কৰিছে। ইহঁতেই প্ৰকৃত ক্ষতিগ্ৰস্ত, যিসকলে নিজক ধ্বংসাত্মক দিশত আগুৱাই লৈ গৈ ধ্বংসপ্ৰাপ্ত হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ یَاْتِهِمْ نَبَاُ الَّذِیْنَ مِنْ قَبْلِهِمْ قَوْمِ نُوْحٍ وَّعَادٍ وَّثَمُوْدَ ۙ۬— وَقَوْمِ اِبْرٰهِیْمَ وَاَصْحٰبِ مَدْیَنَ وَالْمُؤْتَفِكٰتِ ؕ— اَتَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ ۚ— فَمَا كَانَ اللّٰهُ لِیَظْلِمَهُمْ وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟
এইসকল মুনাফিকৰ ওচৰত পূৰ্বৱৰ্তী জাতিসকলৰ, যেনেঃ নূহ আলাইহিছ ছালামৰ জাতি, হূদ আলাইহিছ ছালামৰ জাতি, ছলেহ আলাইহিছ ছালামৰ জাতি, ইব্ৰাহিম আলাইহিছ ছালামৰ জাতি, মাদিয়ানৰ অধিবাসীসকলৰ, লূত আলাইহিছ ছালামৰ জাতিৰ এলেকাৰ খবৰ আহি পোৱা নাইনে, এইবোৰ জাতিৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য যুক্তি লৈ আগমণ কৰিছিল। এইটো নহয় যে, আল্লাহে সিহঁতৰ ওপৰত অত্যাচাৰ কৰিব বিচাৰিছিল। কিয়নো সিহঁতৰ ৰাছুলসকলে সিহঁতক সাৱধান কৰিছিল। কিন্তু সিহঁতে আল্লাহৰ লগত কুফুৰী কৰি আৰু ৰাছুলসকলক অস্বীকাৰ কৰি নিজৰে অন্যায় কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَالْمُؤْمِنُوْنَ وَالْمُؤْمِنٰتُ بَعْضُهُمْ اَوْلِیَآءُ بَعْضٍ ۘ— یَاْمُرُوْنَ بِالْمَعْرُوْفِ وَیَنْهَوْنَ عَنِ الْمُنْكَرِ وَیُقِیْمُوْنَ الصَّلٰوةَ وَیُؤْتُوْنَ الزَّكٰوةَ وَیُطِیْعُوْنَ اللّٰهَ وَرَسُوْلَهٗ ؕ— اُولٰٓىِٕكَ سَیَرْحَمُهُمُ اللّٰهُ ؕ— اِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟
আনহাতে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল ইজনে সিজনৰ সহায়ক। কিয়নো ঈমানে তেওঁলোকক একত্ৰিত কৰিছে। তেওঁলোকে সৎকৰ্মৰ অৰ্থাৎ আনুগত্যৰ দিশৰ পৰা প্ৰত্যেক সেই কামৰ আদেশ দিয়ে যিটোক আল্লাহে পছন্দ কৰে, যেনেঃ তাওহীদ (একত্ববাদৰ) আৰু ছালাত প্ৰতিষ্ঠা আদিৰ। লগতে অসৎকৰ্মৰ পৰা নিষেধ কৰে অৰ্থাৎ প্ৰত্যেক সেই কামৰ পৰা বিৰত ৰাখে যিটোৰ দ্বাৰা আল্লাহ ক্ৰোধান্বিত হয়, গুনাহৰ মাজত যেনে কুফৰ আৰু সুত আদান প্ৰদান। তেওঁলোকে পৰিপূৰ্ণভাৱে ছালাত প্ৰতিষ্ঠা কৰে, তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিধান মতে জীৱন-যাপন কৰে। এওঁলোকেই হৈছে উৎকৃষ্ট বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তি, তেওঁলোককেই আল্লাহে নিজ ৰহমতত প্ৰৱেশ কৰাব। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে, তেওঁ সৃষ্টি, পৰিচালনা আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
وَعَدَ اللّٰهُ الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا وَمَسٰكِنَ طَیِّبَةً فِیْ جَنّٰتِ عَدْنٍ ؕ— وَرِضْوَانٌ مِّنَ اللّٰهِ اَكْبَرُ ؕ— ذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟۠
আল্লাহে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক ক্বিয়ামতৰ দিনা এনেকুৱা জান্নাতত প্ৰৱেশ কৰোৱাৰ প্ৰতিশ্ৰুতি দিছে, যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰকাল অৱস্থান কৰিব। তাত তেওঁলোকৰ মৃত্যুও নহ'ব আৰু সেই জান্নাতৰ নিয়ামতসমূহো শেষ নহ'ব। লগতে আল্লাহে তেওঁলোকক স্থায়ী জান্নাতৰ বাসস্থানত প্ৰৱেশৰো প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে আল্লাহৰ যি সন্তুষ্টি লাভ কৰিব, সেয়া এই সকলো নিয়ামততকৈ ডাঙৰ। এই প্ৰতিদান, যিটোৰ বিৱৰণ দিয়া হ'ল, ই এনেকুৱা সফলতা যিটোৰ তুলনা আন কোনো সফলতাৰে কৰিব নোৱাৰি।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سبب العذاب للكفار والمنافقين واحد في كل العصور، وهو إيثار الدّنيا على الآخرة والاستمتاع بها، وتكذيب الأنبياء والمكر والخديعة والغدر بهم.
যুগে যুগে কাফিৰ আৰু মুনাফিকসকলৰ ওপৰত শাস্তি অৱতীৰ্ণ হোৱাৰ মূল কাৰণটো হৈছে, আখিৰাতৰ ওপৰত পাৰ্থিৱ জীৱনক প্ৰাধান্য দিয়া, আৰু ইয়াৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা। লগতে নবীসকলক অস্বীকাৰ কৰা আৰু তেওঁলোকৰ লগত ঠগবাজি, চক্ৰান্ত আৰু প্ৰৱঞ্চনা কৰা।

• إهلاك الأمم والأقوام الغابرة بسبب كفرهم وتكذيبهم الأنبياء فيه عظة وعبرة للمعتبر من العقلاء.
কুফৰ আৰু নবীসকলক অস্বীকাৰ কৰাৰ কাৰণে পূৰ্বৱৰ্তী জাতিবোৰক ধ্বংস কৰা ঘটনাত জ্ঞান-বুদ্ধি থকা বিবেকৱানসকলৰ বাবে পাঠ বা শিক্ষা আছে।

• أهل الإيمان رجالًا ونساء أمة واحدة مترابطة متعاونة متناصرة، قلوبهم متحدة في التوادّ والتحابّ والتعاطف.
ঈমানৰ অধিকাৰী পুৰুষ-নাৰী সকলোৱে একেই উম্মতৰ অন্তৰ্ভুক্ত। তেওঁলোক পৰস্পৰে পৰস্পৰৰ লগত সম্পৃক্ত, ইজনে সিজনক সহায় কৰে, সহায়-সহানুভূতি আৰু ভালপোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অন্তৰ এক।

• رضا رب الأرض والسماوات أكبر من نعيم الجنات؛ لأن السعادة الروحانية أفضل من الجسمانية.
আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালকৰ সন্তুষ্টি লাভ কৰাটো জান্নাতৰ নিয়ামত লাভ কৰাতকৈও অধিক ডাঙৰ বিষয়। কিয়নো আধ্যাত্মিক আনন্দ, শাৰীৰিক আনন্দতকৈ অধিক উৎকৃষ্ট।

 
የይዘት ትርጉም ምዕራፍ: አት-ተውባህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት