Prijevod značenja Plemenitog Kur'ana - Prevod djela Skraćeni tefsir Kur'ana na asamski jezik

prev

ইউছুফ

next
Intencije ove sure:
الاعتبار بلطف تدبير الله لأوليائه وتمكينهم، وحسن عاقبتهم.
মহান আল্লাহে তেওঁৰ নৈকট্য অৰ্জনকাৰী বান্দাসকলক সূক্ষ্মভাৱে চোৱাচিতা কৰে, তেওঁলোকক প্ৰতিষ্ঠা কৰে আৰু তেওঁলোকক উত্তম পৰিণাম দান কৰে, ইয়াৰ পৰা শিক্ষা লোৱা উচিত। info

1 : 12

الٓرٰ ۫— تِلْكَ اٰیٰتُ الْكِتٰبِ الْمُبِیْنِ ۟۫

(আলিফ-লাম-ৰা) এইটো আৰু এই ধৰণৰ আখৰ সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাত অৱতীৰ্ণ আয়াতসমূহ হৈছে সুস্পষ্ট কোৰআনৰ আয়াত। info
التفاسير: |

2 : 12

اِنَّاۤ اَنْزَلْنٰهُ قُرْءٰنًا عَرَبِیًّا لَّعَلَّكُمْ تَعْقِلُوْنَ ۟

হে আৰবৰ অধিবাসীসকল! আমি কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে ইয়াৰ অৰ্থ বুজিব পাৰা। info
التفاسير: |

3 : 12

نَحْنُ نَقُصُّ عَلَیْكَ اَحْسَنَ الْقَصَصِ بِمَاۤ اَوْحَیْنَاۤ اِلَیْكَ هٰذَا الْقُرْاٰنَ ۖۗ— وَاِنْ كُنْتَ مِنْ قَبْلِهٖ لَمِنَ الْغٰفِلِیْنَ ۟

হে ৰাছুল! আমি আপোনাক এনেকুৱা কাহিনী বৰ্ণনা কৰি আছোঁ যিটো সাহিত্যৰ দিশৰ পৰা, শব্দৰ শুদ্ধতা আৰু সত্যতাৰ ফালৰ পৰা অতি উত্তম। নিশ্চয় এইখন অৱতীৰ্ণ হোৱাৰ পূৰ্বে এই সম্পৰ্কে আপোনাৰ কোনো জ্ঞান নাছিল তথা আপুনি অমনোযোগী হৈ আছিল। info
التفاسير: |

4 : 12

اِذْ قَالَ یُوْسُفُ لِاَبِیْهِ یٰۤاَبَتِ اِنِّیْ رَاَیْتُ اَحَدَ عَشَرَ كَوْكَبًا وَّالشَّمْسَ وَالْقَمَرَ رَاَیْتُهُمْ لِیْ سٰجِدِیْنَ ۟

হে ৰাছুল! আমি আপোনাক সংবাদ দিওঁ যে, ইউছুফে যেতিয়া তেওঁৰ পিতৃ ইয়াকূবক কৈছিলঃ হে মোৰ পিতৃ! মই সপোনত দেখিছোঁ এঘাৰটা তৰা, লগতে সূৰ্য্য আৰু চন্দ্ৰ আটায়ে মোক ছাজদাহ কৰি আছে। এই সপোনটো আছিল ইউছুফ আলাইহিচ্ছালামৰ বাবে আগতীয়া সুসংবাদ। info
التفاسير: |
Poruke i pouke ajeta na ovoj stranici:
• بيان الحكمة من القصص القرآني، وهي تثبيت قلب النبي صلى الله عليه وسلم وموعظة المؤمنين.
কোৰআনত বৰ্ণিত ঘটনাৱলীৰ ৰহস্যৰ বৰ্ণনা। ইয়াৰ উদ্দেশ্য হৈছে, ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰ দৃঢ় কৰা আৰু মুমিনসকলক উপদেশ দিয়া। info

• انفراد الله تعالى بعلم الغيب لا يشركه فيه أحد.
অদৃশ্যৰ জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে, এই ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। info

• الحكمة من نزول القرآن عربيًّا أن يعقله العرب؛ ليبلغوه إلى غيرهم.
আৰবী ভাষাত কোৰআন অৱতীৰ্ণ হোৱাৰ উদ্দেশ্য হৈছে, যাতে আৰববাসীয়ে কোৰআন বুজি পায়, লগতে আন আন লোকসকললৈ পৌঁচাই দিয়ে। info

• اشتمال القرآن على أحسن القصص.
কোৰআনত উল্লিখিত ঘটনাবোৰ হৈছে সৰ্বোত্তম। info

prev

ইউছুফ

next
:
0:00 0:00