Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版 * - Mục lục các bản dịch


Ý nghĩa nội dung Câu: (176) Chương: Al-Baqarah
ذٰلِكَ بِاَنَّ اللّٰهَ نَزَّلَ الْكِتٰبَ بِالْحَقِّ ؕ— وَاِنَّ الَّذِیْنَ اخْتَلَفُوْا فِی الْكِتٰبِ لَفِیْ شِقَاقٍ بَعِیْدٍ ۟۠
জ্ঞান তথা হিদায়ত গোপন কৰাৰ এই শাস্তি এই কাৰণেই যে, আল্লাহে তেওঁৰ পুথি সত্য সহকাৰে অৱতীৰ্ণ কৰিছিল আৰু ইয়াৰ দাবী আছিল, ইয়াক গোপন কৰাৰ পৰিবৰ্তে স্পষ্টভাৱে প্ৰকাশ কৰা। কিন্তু সিহঁতে এনেকুৱা কৰা নাছিল। যিসকলে ঐশী পুথিসমূহক লৈ মতানৈক্য কৰিছে, ইয়াৰ কিছু অংশক মানিছে আৰু কিছু অংশক গোপন কৰিছে; দৰাচলতে সিহঁতে সত্যৰ পৰা বহু দূৰ আঁতৰি গৈছে।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• أكثر ضلال الخلق بسبب تعطيل العقل، ومتابعة من سبقهم في ضلالهم، وتقليدهم بغير وعي.
অধিকাংশ মানুহ পথভ্ৰষ্ট হোৱাৰ কাৰণ হৈছে নিজৰ বিবেক ব্যৱহাৰ নকৰা আৰু চিন্তা-চৰ্চা নকৰাকৈ পূৰ্বপুৰুষসকলৰ ভ্ৰষ্টতাৰ অনুসৰণ কৰা।

• عدم انتفاع المرء بما وهبه الله من نعمة العقل والسمع والبصر، يجعله مثل من فقد هذه النعم.
আল্লাহে প্ৰদান কৰা বোধশক্তি, শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তিৰ দ্বাৰা মানুহে উপকৃত নোহোৱাৰ বাবে, তাক এইবোৰ অনুগ্ৰহৰ পৰা বঞ্চিত ব্যক্তিৰ দৰে বনাই দিয়ে।

• من أشد الناس عقوبة يوم القيامة من يكتم العلم الذي أنزله الله، والهدى الذي جاءت به رسله تعالى.
ক্বিয়ামতৰ দিনা আটাইতকৈ শাস্তি প্ৰাপ্তসকলৰ ভিতৰত সেই ব্যক্তিও থাকিব, যিয়ে আল্লাহে প্ৰদান কৰা জ্ঞান আৰু তেওঁৰ ৰাছুলে লৈ অহা হিদায়ত গোপন কৰে।

• من نعمة الله تعالى على عباده المؤمنين أن جعل المحرمات قليلة محدودة، وأما المباحات فكثيرة غير محدودة.
মুমিন বান্দাৰ প্ৰতি আল্লাহৰ অসংখ্য অনুগ্ৰহৰ ভিতৰত এইটোও এটা যে, তেওঁ হাৰাম বস্তুৰ সংখ্যা কম আৰু হালাল বস্তুৰ সংখ্যা অধিক তথা অগণন কৰিছে।

 
Ý nghĩa nội dung Câu: (176) Chương: Al-Baqarah
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版 - Mục lục các bản dịch

由古兰经研究诠释中心发行

Đóng lại