Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አን-ነሕል   አንቀጽ:
وَلَا تَتَّخِذُوْۤا اَیْمَانَكُمْ دَخَلًا بَیْنَكُمْ فَتَزِلَّ قَدَمٌ بَعْدَ ثُبُوْتِهَا وَتَذُوْقُوا السُّوْٓءَ بِمَا صَدَدْتُّمْ عَنْ سَبِیْلِ اللّٰهِ ۚ— وَلَكُمْ عَذَابٌ عَظِیْمٌ ۟
তোমালোকে শপতক ঢাল বনাই ইজনে সিজনক প্ৰৱঞ্চনা নকৰিবা। এনেকুৱা যাতে নহয় যে, প্ৰবৃত্তিৰ অনুসৰণ কৰি যেতিয়া তেতিয়াই শপত ভঙ্গ কৰিবা আৰু যেতিয়া ইচ্ছা তেতিয়াই পূৰণ কৰিবা। যদি তোমালোকে এনেকুৱা কৰা তেন্তে সঠিক পথত প্ৰতিষ্ঠিত হোৱাৰ পিছত আকৌ তোমালোকৰ ভৰি বিচলিত হ'ব। আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট হোৱাৰ কাৰণে আৰু আনকো পথভ্ৰষ্ট কৰাৰ ফলত তোমালোকে শাস্তি ভোগ কৰিবা, লগতে তোমালোকৰ বাবে থাকিব অতিৰিক্ত শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا تَشْتَرُوْا بِعَهْدِ اللّٰهِ ثَمَنًا قَلِیْلًا ؕ— اِنَّمَا عِنْدَ اللّٰهِ هُوَ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟
স্বল্পমূল্যৰ বিনিময়ত তোমালোকে আল্লাহৰ লগত কৰা অঙ্গীকাৰ ভঙ্গ নকৰিবা, আৰু সেইটো পূৰণ কৰাৰ পৰা বিৰত নাথাকিবা। জানি থোৱা! আল্লাহে পৃথিৱীত যি সহায়-সহযোগিতা আৰু ধন-সম্পদ প্ৰদান কৰিব, লগতে আখিৰাতত তেওঁৰ ওচৰত যি চিৰস্থায়ী নিয়ামতবোৰ আছে, এই সকলোবোৰ অঙ্গীকাৰ ভঙ্গৰ ফলত লাভ কৰা নগণ্য বিনিময়ৰ তুলনাত অতি উত্তম।
የአረብኛ ቁርኣን ማብራሪያ:
مَا عِنْدَكُمْ یَنْفَدُ وَمَا عِنْدَ اللّٰهِ بَاقٍ ؕ— وَلَنَجْزِیَنَّ الَّذِیْنَ صَبَرُوْۤا اَجْرَهُمْ بِاَحْسَنِ مَا كَانُوْا یَعْمَلُوْنَ ۟
হে মানৱজাতি! তোমালোকৰ ওচৰত যি ধন-সম্পদ, সুখ-সামগ্ৰী আৰু নিয়ামত আছে, সেইবোৰ যিমান পৰিমাণেই নাথাকক কিয়, এদিন সেইবোৰ সমাপ্ত হ'ব। কিন্তু আল্লাহৰ ওচৰত যি প্ৰতিদান আছে সেইবোৰ কেতিয়াও শেষ নহ'ব, সেইবোৰ হৈছে চিৰস্থায়ী। তেন্তে তোমালোকে চিৰস্থায়ী নিয়ামতক এৰি ধ্বংসশীল বস্তুৰ পিচে পিচে কিয় দৌৰি আছা? যিসকল লোকে অঙ্গীকাৰ পালনত ধৈৰ্য ধাৰণ কৰিছে, ফলত তেওঁলোকে অঙ্গীকাৰ ভঙ্গ কৰা নাই, তেওঁলোকক আমি তেওঁলোকৰ ছোৱাবৰ বিনিময়ত উত্তম প্ৰতিদান দান কৰিম। এতেকে প্ৰত্যেক ভাল কৰ্মৰ বিনিময়ত দহটা নেকী প্ৰদান কৰিম। আনকি সাত শ গুণ পৰ্যন্ত বৃদ্ধি কৰিম, আৰু কেতিয়াবা তাতকৈও বেছি।
የአረብኛ ቁርኣን ማብራሪያ:
مَنْ عَمِلَ صَالِحًا مِّنْ ذَكَرٍ اَوْ اُ وَهُوَ مُؤْمِنٌ فَلَنُحْیِیَنَّهٗ حَیٰوةً طَیِّبَةً ۚ— وَلَنَجْزِیَنَّهُمْ اَجْرَهُمْ بِاَحْسَنِ مَا كَانُوْا یَعْمَلُوْنَ ۟
চৰীয়ত অনুযায়ী যিয়েই নেক কৰ্ম কৰিব, নাৰীয়েই হওক অথবা পুৰুষ, যদি তেওঁ আল্লাহৰ প্ৰতি বিশ্বাসী হয় তেন্তে আমি তেওঁক আল্লাহৰ ফয়চালাৰ প্ৰতি সন্তুষ্ট, লোভ-লালসা নথকা আৰু নেক কৰ্মৰ তাওফীক ভৰা পৱিত্ৰ জীৱন প্ৰদান কৰিম। লগতে আখিৰাতত আমি তেওঁলোকক পৃথিৱীত কৰা নেক আমলৰ উত্তম প্ৰতিফল দান কৰিম।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِذَا قَرَاْتَ الْقُرْاٰنَ فَاسْتَعِذْ بِاللّٰهِ مِنَ الشَّیْطٰنِ الرَّجِیْمِ ۟
হে মুমিন ব্যক্তি! যেতিয়া তুমি কোৰআন তিলাৱত কৰিবা, তেতিয়া বিতাড়িত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهٗ لَیْسَ لَهٗ سُلْطٰنٌ عَلَی الَّذِیْنَ اٰمَنُوْا وَعَلٰی رَبِّهِمْ یَتَوَكَّلُوْنَ ۟
সেইসকল লোকৰ ওপৰত চয়তানৰ কোনো প্ৰভাৱ নপৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু নিজৰ সকলো কামতে আল্লাহৰ ওপৰত ভৰসা কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّمَا سُلْطٰنُهٗ عَلَی الَّذِیْنَ یَتَوَلَّوْنَهٗ وَالَّذِیْنَ هُمْ بِهٖ مُشْرِكُوْنَ ۟۠
কুমন্ত্ৰণাৰ ক্ষেত্ৰত চয়তানৰ প্ৰভাৱ সেইসকল লোকৰ ওপৰত পৰে, যিসকলে তাক নিজৰ অভিভাৱক বনাই লৈছে, আৰু তাৰ কুমন্ত্ৰণাৰ অনুসৰণ কৰে। আৰু যিসকলে চয়তানৰ জালত পৰি আল্লাহৰ লগত শ্বিৰ্ক কৰে আৰু তেওঁৰ লগত আনক অংশীদাৰ স্থাপন কৰি তাৰ পূজা-পাঠ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا بَدَّلْنَاۤ اٰیَةً مَّكَانَ اٰیَةٍ ۙ— وَّاللّٰهُ اَعْلَمُ بِمَا یُنَزِّلُ قَالُوْۤا اِنَّمَاۤ اَنْتَ مُفْتَرٍ ؕ— بَلْ اَكْثَرُهُمْ لَا یَعْلَمُوْنَ ۟
আৰু আমি যেতিয়া কোৰআনৰ কোনো এটা আয়াত আন এটা আয়াতৰ দ্বাৰা ৰহিত কৰোঁ, (এই ক্ষেত্ৰত আল্লাহেই সৰ্বজ্ঞ, কোনটো আয়াত ৰহিত কৰা উচিত আৰু কোনটো নহয়) তেতিয়া সিহঁতে কয়ঃ হে মুহাম্মদ! তুমি এজন মিছলীয়া, আল্লাহ সম্পৰ্কে মিছা কথা বিয়পাই আছা। প্ৰকৃততে সিহঁতৰ অধিকাংশই নাজানে যে, ৰহিত কৰাৰ দায়িত্ব আল্লাহৰ হাতত, তেওঁ বিশেষ হিকমতত এনেকুৱা কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ نَزَّلَهٗ رُوْحُ الْقُدُسِ مِنْ رَّبِّكَ بِالْحَقِّ لِیُثَبِّتَ الَّذِیْنَ اٰمَنُوْا وَهُدًی وَّبُشْرٰی لِلْمُسْلِمِیْنَ ۟
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, এই কোৰআন আল্লাহৰ ফালৰ পৰা সত্য সহকাৰে জিব্ৰীল আলাইহিচ্ছালামে লৈ আহিছে, য'ত কোনো ধৰণৰ ত্ৰুটি নাই, পৰিবৰ্তন তথা বিকৃত কৰাৰো অৱকাশ নাই। যাতে মুমিনসকলৰ ঈমান আল্লাহৰ প্ৰতি আৰু অধিক মজবুত হয়, যেতিয়া কোনো নতুন আয়াত অৱতীৰ্ণ হয় অথবা কোনো আয়াত ৰহিত হয়। যাতে এই কোৰআন সিহঁতক সত্যৰ পথ দেখুৱায় আৰু মুছলিমসকলক উৎকৃষ্ট প্ৰতিদানৰ সুসংবাদ দিয়ে, যিবোৰ তেওঁলোকে আখিৰাতত লাভ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• العمل الصالح المقرون بالإيمان يجعل الحياة طيبة.
ঈমানৰ দ্বাৰা সুসজ্জিত নেক আমলে জীৱনক পৱিত্ৰ কৰি তোলে।

• الطريق إلى السلامة من شر الشيطان هو الالتجاء إلى الله، والاستعاذة به من شره.
চয়তানৰ অনিষ্টৰ পৰা ৰক্ষা পাবলৈ হ'লে আল্লাহৰ ওচৰত দুআ কৰিব লাগিব, লগতে চয়তানৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগিব।

• على المؤمنين أن يجعلوا القرآن إمامهم، فيتربوا بعلومه، ويتخلقوا بأخلاقه، ويستضيئوا بنوره، فبذلك تستقيم أمورهم الدينية والدنيوية.
মুমিনসকলে কোৰআনক নেতৃত্ব হিচাপে লোৱা উচিত, আৰু ইয়াৰ জ্ঞানৰ দ্বাৰা নিজৰ জীৱনক বাস্তৱায়ন কৰা উচিত। ইয়াৰ শিষ্টাচাৰসমূহ অৱলম্বন কৰা উচিত, ইয়াৰ জ্যোতিৰে উপকৃত হোৱা উচিত। ইয়াৰ দ্বাৰাই তেওঁলোকৰ দ্বীন আৰু দুনিয়াৰ সকলো সমস্যা সমাধান কৰা সম্ভৱ।

• نسخ الأحكام واقع في القرآن زمن الوحي لحكمة، وهي مراعاة المصالح والحوادث، وتبدل الأحوال البشرية.
অহীৰ ধাৰাবাহিকতা চলি থকা অৱস্থাত কিছুমান বিধানক ৰহিত কৰি আন কিছুমান বিধানক স্থান দিয়া হৈছিল। বিশেষ কাৰণত এইটো কৰিছিল, মানুহৰ অৱস্থাৰ পৰিবৰ্তন, নতুন নতুন ঘটনা তথা বিভিন্ন কল্যাণৰ কাৰণে।

 
የይዘት ትርጉም ምዕራፍ: አን-ነሕል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት