Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አን-ነሕል   አንቀጽ:
وَقَالَ الَّذِیْنَ اَشْرَكُوْا لَوْ شَآءَ اللّٰهُ مَا عَبَدْنَا مِنْ دُوْنِهٖ مِنْ شَیْءٍ نَّحْنُ وَلَاۤ اٰبَآؤُنَا وَلَا حَرَّمْنَا مِنْ دُوْنِهٖ مِنْ شَیْءٍ ؕ— كَذٰلِكَ فَعَلَ الَّذِیْنَ مِنْ قَبْلِهِمْ ۚ— فَهَلْ عَلَی الرُّسُلِ اِلَّا الْبَلٰغُ الْمُبِیْنُ ۟
আল্লাহৰ ইবাদতত আনক অংশী স্থাপন কৰা লোকসকলে কয়ঃ যদি আল্লাহে বিচাৰিলেহেঁতেন যে, আমি কেৱল তেওঁৰেই এককভাৱে ইবাদত কৰিব লাগে, আৰু তেওঁৰ লগত আন কাকো অংশী কৰিব নালাগে তেন্তে আমি অৱশ্যে নকৰিলোহেঁতেন, আনকি আমাৰ পূৰ্বে আমাৰ পিতৃপুৰুষসকলেও নকৰিলেহেঁতেন। ঠিক সেইদৰে আমি কোনো বস্তুক হাৰাম কৰাটো যদি তেওঁ নিবিচাৰিলেহেঁতেন তেন্তে আমি সেইটোক হাৰাম কৰিব নোৱাৰিলোহেঁতেন। এনেকুৱা ঠুনুকা যুক্তি পূৰ্বৱৰ্তী কাফিৰসকলেও উত্থাপন কৰিছিল। এতেকে ৰাছুলসকলৰ দায়িত্ব হৈছে স্পষ্টৰূপে পৌঁচাই দিয়া, যিটো পৌঁচাই দিয়াৰ আদেশ তেওঁলোকক প্ৰদান কৰা হৈছে। আৰু তেওঁলোকে এই দায়িত্ব পালন কৰিছে। কাফিৰসকলে ভাগ্যৰ অজুহাতো দেখুৱাব নোৱাৰিব, কিয়নো আল্লাহে সিহঁতক ইচ্ছা আৰু বিকল্প প্ৰদান কৰিছে, লগতে সিহঁতৰ প্ৰতি ৰাছুলো প্ৰেৰণ কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ بَعَثْنَا فِیْ كُلِّ اُمَّةٍ رَّسُوْلًا اَنِ اعْبُدُوا اللّٰهَ وَاجْتَنِبُوا الطَّاغُوْتَ ۚ— فَمِنْهُمْ مَّنْ هَدَی اللّٰهُ وَمِنْهُمْ مَّنْ حَقَّتْ عَلَیْهِ الضَّلٰلَةُ ؕ— فَسِیْرُوْا فِی الْاَرْضِ فَانْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِیْنَ ۟
নিশ্চয় আমি পূৰ্বৱৰ্তী সকলো উম্মতত একো একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছিলো, তেওঁলোকে নিজ নিজ উম্মতক এককভাৱে আল্লাহৰ ইবাদত কৰিবলৈ আদেশ দিছিল, তথা মূৰ্তি আৰু চয়তান আদিৰ উপাসনাৰ পৰা বিৰত ৰাখিছিল। এতেকে সেইসকল লোকৰ মাজৰ কিছুমানক আল্লাহে তাওফীক প্ৰদান কৰিছিল, যিসকলে নবীৰ প্ৰতি ঈমান আনিছিল। আৰু তেওঁলোকৰ ৰাছুলে যি লৈ আহিছিল তাৰ অনুসৰণ কৰিছিল। কিন্তু কিছুমানক তাওফীক দিয়া নাছিল, যিসকলে আল্লাহৰ লগত কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিছিল। ফলত সিহঁতৰ বাবে পথভ্ৰষ্টতা অনিবাৰ্য হৈ পৰিছিল। এতেকে পৃথিৱীত ঘূৰি পকি নিজ চকুৰে চোৱা, অস্বীকাৰকাৰী সকলৰ ওপৰত যেতিয়া ধ্বংস আৰু শাস্তি নামি আহিছিল তেতিয়া সিহঁতৰ কি পৰিণতি হৈছিল?
የአረብኛ ቁርኣን ማብራሪያ:
اِنْ تَحْرِصْ عَلٰی هُدٰىهُمْ فَاِنَّ اللّٰهَ لَا یَهْدِیْ مَنْ یُّضِلُّ وَمَا لَهُمْ مِّنْ نّٰصِرِیْنَ ۟
হে ৰাছুল! আপুনি সিহঁতক সঠিক পথত আনিবলৈ যিমানেই যত্ন নকৰক কিয়, আৰু যদিও সিহঁতৰ হিদায়তৰ প্ৰতি আপোনাৰ আগ্ৰহ আছে, কিন্তু আল্লাহে যাক পথভ্ৰষ্ট কৰিছে, তাক তেওঁ হিদায়ত নিদিয়ে। আনহাতে এনেকুৱা লোকে আল্লাহৰ বাহিৰে আন কাকো বিচাৰি নাপাব, যিয়ে সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَقْسَمُوْا بِاللّٰهِ جَهْدَ اَیْمَانِهِمْ ۙ— لَا یَبْعَثُ اللّٰهُ مَنْ یَّمُوْتُ ؕ— بَلٰی وَعْدًا عَلَیْهِ حَقًّا وَّلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟ۙ
আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰকাৰী এইসকল লোকে ডাঠি শপত খাই কয়ঃ আল্লাহে মৃত্যুবৰণকাৰীসকলক কেতিয়াও পুনৰ্জীৱিত নকৰিব। অথচ সিহঁতৰ ওচৰত এই সম্পৰ্কে কোনো প্ৰমাণো নাই। জানি থোৱা! নিশ্চয় আল্লাহে প্ৰত্যেক মৃত্যুবৰণকাৰীক পুনৰুত্থিত কৰিব। এইটো তেওঁৰ চিৰসত্য প্ৰতিশ্ৰুতি। কিন্তু অধিকাংশ লোকে এই কথাষাৰ নাজানে যে, আল্লাহে মৃতসকলক জীৱিত কৰিব। সেই কাৰণে সিহঁতে আখিৰাতৰ পুনৰুত্থানক অস্বীকাৰ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
لِیُبَیِّنَ لَهُمُ الَّذِیْ یَخْتَلِفُوْنَ فِیْهِ وَلِیَعْلَمَ الَّذِیْنَ كَفَرُوْۤا اَنَّهُمْ كَانُوْا كٰذِبِیْنَ ۟
আল্লাহে কিয়ামতৰ দিনা সকলো লোককে পুনৰ্জীৱিত কৰিব, যাতে সেই বিষয়বোৰৰ বাস্তৱিকতা স্পষ্ট কৰি দিয়ে, যিবোৰকলৈ সিহঁতে মতানৈক্য কৰিছিল, যেনেঃ তাওহীদ, পুনৰুত্থান আৰু নুবুওৱত সম্পৰ্কে। যাতে কাফিৰসকল আল্লাহৰ অংশীদাৰ স্থাপনৰ ক্ষেত্ৰত আৰু পুনৰুত্থানৰ বিষয়টোক অস্বীকাৰ কৰাৰ কাৰণে মিছলীয়া প্ৰমাণিত হয়।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّمَا قَوْلُنَا لِشَیْءٍ اِذَاۤ اَرَدْنٰهُ اَنْ نَّقُوْلَ لَهٗ كُنْ فَیَكُوْنُ ۟۠
নিশ্চয় আমি যেতিয়া মৃতসকলক জীৱিত কৰিম, তেতিয়া কোনেও আমাক বাধা দিব নোৱাৰিব। জানি থোৱা! আমি যেতিয়া কোনো বস্তুক সৃষ্টি কৰাৰ ইচ্ছা পোষণ কৰো, তেতিয়া কেৱল কৈ দিওঁ “হৈ যোৱা” আৰু সেইটো নিশ্চিতভাৱে হৈ যায়।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ هَاجَرُوْا فِی اللّٰهِ مِنْ بَعْدِ مَا ظُلِمُوْا لَنُبَوِّئَنَّهُمْ فِی الدُّنْیَا حَسَنَةً ؕ— وَلَاَجْرُ الْاٰخِرَةِ اَكْبَرُ ۘ— لَوْ كَانُوْا یَعْلَمُوْنَ ۟ۙ
যিসকল লোকে কাফিৰসকলৰ অত্যাচাৰ সহ্য কৰাৰ পিছত, নিজৰ ঘৰ-দুৱাৰ, পৰিয়াল আৰু সা-সম্পত্তি পৰিত্যাগ কৰি আল্লাহৰ সন্তুষ্টি লাভৰ বাবে কুফৰীৰ দেশৰ পৰা ইছলামী দেশলৈ হিজৰত কৰিছে, আমি সেইসকল লোকক পৃথিৱীত এনেকুৱা বাসস্থান দান কৰিম, য’ত তেওঁলোকৰ প্ৰভুত্ব থাকিব, আনহাতে আখিৰাতৰ প্ৰতিদান ইয়াতকৈও ডাঙৰ, কাৰণ তাত থাকিব জান্নাত। হিজৰত নকৰা লোকসকলে যদি হিজৰতৰ মহত্ব বুজি পালেহেঁতেন তেন্তে কেতিয়াও তেওঁলোক হিজৰতৰ পৰা পিছুৱাই নাথাকিলেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
الَّذِیْنَ صَبَرُوْا وَعَلٰی رَبِّهِمْ یَتَوَكَّلُوْنَ ۟
আল্লাহৰ পথত হিজৰতকাৰী লোকসকল হৈছে সেইসকল লোক, যিসকলে নিজ সম্প্ৰদায়ৰ শাস্তি আৰু পৰিয়াল-পৰিজন ত্যাগ কৰাৰ ক্ষেত্ৰত ধৈৰ্য ধাৰণ কৰিছে, আল্লাহৰ আনুগত্য পালনত ব্ৰতী আছিল, তেওঁলোকে নিজৰ সকলো কামতে আল্লাহৰ প্ৰতি ভৰসা কৰিছিল। সেয়ে আল্লাহে তেওঁলোকক এই মহান প্ৰতিফল দান কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• العاقل من يعتبر ويتعظ بما حل بالضالين المكذبين كيف آل أمرهم إلى الدمار والخراب والعذاب والهلاك.
বুদ্ধিমান হৈছে সেইজন ব্যক্তি, যিয়ে অস্বীকাৰকাৰী পথভ্ৰষ্ট সম্প্ৰদায়ৰ বিনাশৰ পৰা শিক্ষা গ্ৰহণ কৰে।

• الحكمة من البعث والمعاد إظهار الله الحقَّ فيما يختلف فيه الناس من أمر البعث وكل شيء.
পুনৰুত্থানৰ হিকমত হৈছে, যিসকল লোকে বিভিন্ন বিষয়ত মতানৈক্য কৰিছিল, পুনৰুত্থানেই হওঁক অথবা অন্যান্য বিষয়, সেইবোৰ বিষয়ে সত্যক স্পষ্ট কৰা।

• فضيلة الصّبر والتّوكل: أما الصّبر: فلما فيه من قهر النّفس، وأما التّوكل: فلأن فيه الثقة بالله تعالى والتعلق به.
ধৈৰ্য্য আৰু তাৱাক্কুলৰ গুৰুত্ব। ধৈৰ্য্য হৈছে নিজৰ নফচক দমন কৰা, আনহাতে তাৱাক্কুল বা ভৰসা কোৱা হয় যেনে- আল্লাহৰ প্ৰতি অমুক ব্যক্তিৰ অগাধ বিশ্বাস আছে তথা সম্পৰ্ক আছে।

• جزاء المهاجرين الذين تركوا ديارهم وأموالهم وصبروا على الأذى وتوكّلوا على ربّهم، هو الموطن الأفضل، والمنزلة الحسنة، والعيشة الرّضية، والرّزق الطّيّب الوفير، والنّصر على الأعداء، والسّيادة على البلاد والعباد.
যিসকল মুহাজিৰে নিজৰ ঘৰ-দুৱাৰ আৰু সা-সম্পত্তি ত্যাগ কৰিছে, শাস্তিৰ সন্মুখীন হৈ ধৈৰ্য ধাৰণ কৰিছে আৰু প্ৰতিপালকৰ ওপৰত ভৰসা কৰিছে, তেওঁলোকক দান কৰা হ'ব উত্তম দেশ, উত্তম বাসস্থান, সুখময় জীৱন, প্ৰচুৰ পৰিমাণৰ পৱিত্ৰ জীৱিকা, শত্ৰুক পৰাজিত কৰিবলৈ সহায়-সহযোগিতা আৰু আছে বহুতো দেশৰ ৰাজত্ব।

 
የይዘት ትርጉም ምዕራፍ: አን-ነሕል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት