Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አን-ነሕል   አንቀጽ:
وَاَلْقٰی فِی الْاَرْضِ رَوَاسِیَ اَنْ تَمِیْدَ بِكُمْ وَاَنْهٰرًا وَّسُبُلًا لَّعَلَّكُمْ تَهْتَدُوْنَ ۟ۙ
পৃথিৱীক মজবুত কৰিবলৈ তাত প্ৰতিষ্ঠা কৰিছে পৰ্বত, যাতে ই তোমালোকক লৈ কম্পমান হৈ নাথাকে। তাত নদী প্ৰবাহিত কৰিছে, যাতে তোমালোকে পানী খাব পাৰা আৰু তোমালোকৰ চতুষ্পদ জন্তুক খোৱাব পাৰা আৰু খেতি-বাতিত ব্যৱহাৰ কৰিব পাৰা। আৰু সুগম পথ উলিয়াই দিছে যাতে চলাফুৰা কৰিব পাৰা, আৰু দিশহাৰা নহৈ নিজ গন্তব্যস্থলত উপনীত হ'ব পাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَعَلٰمٰتٍ ؕ— وَبِالنَّجْمِ هُمْ یَهْتَدُوْنَ ۟
তোমালোকৰ বাবে পৃথিৱীত বহুতো স্পষ্ট নিদৰ্শন বনাইছে, যিবোৰৰ সহায়ত তোমালোকে দিনৰ পোহৰত পথ চিনি পোৱা। আৰু আকাশত তোমালোকৰ বাবে তৰা বনাইছে, যিবোৰৰ সহায়ত তোমালোকে ৰাতিৰ অন্ধকাৰত পথ বিচাৰি পোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَمَنْ یَّخْلُقُ كَمَنْ لَّا یَخْلُقُ ؕ— اَفَلَا تَذَكَّرُوْنَ ۟
এতেকে কোৱাচোন, এইবোৰ বস্তুৰ সৃষ্টিকৰ্তা সেইবোৰৰ দৰে নেকি, যিবোৰে একোৱেই সৃষ্টি কৰা নাই? তোমালোকে সেই আল্লাহৰ মহানতা বুজি নোপোৱানে যিয়ে সকলো বস্তু সৃষ্টি কৰে, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা উচিত আৰু তেওঁৰ লগত এনেকুৱা কাকো অংশী কৰা উচিত নহয়, যিসকলে একোৱে সৃষ্টি কৰিব নোৱাৰে?
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنْ تَعُدُّوْا نِعْمَةَ اللّٰهِ لَا تُحْصُوْهَا ؕ— اِنَّ اللّٰهَ لَغَفُوْرٌ رَّحِیْمٌ ۟
হে মানৱজাতি! তোমালোকে যদি আল্লাহে প্ৰদান কৰা নিয়ামতসমূহ গণনা কৰিব বিচৰা, সেইবোৰ ইমান বেছি আৰু ইমান প্ৰকাৰৰ যে, সেইবোৰ গণনা কৰি শেষ কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাশীল, সেই কাৰণেই এইবোৰ নিয়ামতৰ কৃতজ্ঞতাৰ ক্ষেত্ৰত তোমালোকে অৱহেলা কৰাৰ পিছতো তেওঁ তোমালোকক জবাবদিহি নকৰে। তেওঁ অতি দয়ালু, তোমালোকে গুনাহ আৰু অবাধ্যতা কৰাৰ পিছতো তেওঁ তোমালোকক নিয়ামতৰ পৰা বঞ্চিত নকৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاللّٰهُ یَعْلَمُ مَا تُسِرُّوْنَ وَمَا تُعْلِنُوْنَ ۟
হে বান্দাসকল! আল্লাহে তোমালোকৰ সেইবোৰ কৰ্ম সম্পৰ্কেও অৱগত যিবোৰ তোমালোকে গোপন কৰা আৰু যিবোৰক তোমালোকে প্ৰকাশ কৰা। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ لَا یَخْلُقُوْنَ شَیْـًٔا وَّهُمْ یُخْلَقُوْنَ ۟ؕ
মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰৰ উপাসনা কৰে, সেইবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে, যিমানেই সৰু বস্তু নহওঁক কিয়। বৰং সিহঁতে যিবোৰৰ উপাসনা কৰে, সেইবোৰক সিহঁতে নিজ হাতেৰে প্ৰস্তুত কৰে। এতেকে সিহঁতে যিবোৰ মূৰ্তিক নিজ হাতেৰে গঢ়ি তোলে, সেইবোৰক সিহঁতে কেনেকৈ আল্লাহৰ পৰিবৰ্তে উপাসনা কৰে?
የአረብኛ ቁርኣን ማብራሪያ:
اَمْوَاتٌ غَیْرُ اَحْیَآءٍ ؕۚ— وَمَا یَشْعُرُوْنَ ۙ— اَیَّانَ یُبْعَثُوْنَ ۟۠
কেৱল এয়াই নহয় যে, সিহঁতে নিজ হাতেৰে নিজৰ উপাস্য সাজি লৈছে, ডাঙৰ কথাটো হ'ল, সেইবোৰ হৈছে নিৰ্জীৱ। সেইবোৰৰ ভিতৰত প্ৰাণো নাই আৰু জ্ঞানো নাই। সিহঁতে এই কথাও নাজানে যে, কিয়ামতৰ দিনা সিহঁতক সিহঁতৰ উপাসনাকাৰী সকলৰ লগত কেতিয়া পুনৰুত্থিত কৰা হ'ব, যাতে জাহান্নামত নিক্ষেপ কৰিব পৰা যায়।
የአረብኛ ቁርኣን ማብራሪያ:
اِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ ۚ— فَالَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ قُلُوْبُهُمْ مُّنْكِرَةٌ وَّهُمْ مُّسْتَكْبِرُوْنَ ۟
তোমালোকৰ প্ৰকৃত উপাস্য কেৱল এজনেই। তেওঁৰ কোনো অংশীদাৰ নাই। আৰু তেওঁ হৈছে মহান আল্লাহ ছুবাহানাহু ওৱা তাআলা। যিসকলে প্ৰতিদানৰ বাবে পুনৰুত্থান দিৱসক অস্বীকাৰ কৰে, দৰাচলতে সিহঁতৰ অন্তৰত আল্লাহৰ ভয় নথকাৰ বাবে আল্লাহৰ একত্বক অস্বীকাৰ কৰে। সেইকাৰণেই সিহঁতে হিচাপ-কিতাপ আৰু শাস্তিক বিশ্বাস নকৰে। সিহঁতে অহংকাৰ কৰে, সত্যক স্বীকাৰ নকৰে। আৰু সত্যৰ প্ৰতি নত স্বীকাৰো নকৰে।
የአረብኛ ቁርኣን ማብራሪያ:
لَا جَرَمَ اَنَّ اللّٰهَ یَعْلَمُ مَا یُسِرُّوْنَ وَمَا یُعْلِنُوْنَ ؕ— اِنَّهٗ لَا یُحِبُّ الْمُسْتَكْبِرِیْنَ ۟
ইয়াত কোনো সন্দেহ নাই যে, আল্লাহে সিহঁতৰ গোপনীয় কৰ্মকো ভালদৰে জানে আৰু সিহঁতে যিবোৰ কৰ্মক প্ৰকাশ কৰে সেইবোৰকো তেওঁ ভালদৰে জানে। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। তেওঁ সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব। নিশ্চয় আল্লাহে সেইসকল অহংকাৰীক ভাল নাপায়, যিসকলে তেওঁৰ ইবাদতত আৰু তেওঁৰ প্ৰতি নত স্বীকাৰ কৰিবলৈ অহংকাৰ কৰে। বৰং তেওঁ সিহঁতৰ প্ৰতি ঘোৰ অসন্তষ্ট।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا قِیْلَ لَهُمْ مَّاذَاۤ اَنْزَلَ رَبُّكُمْ ۙ— قَالُوْۤا اَسَاطِیْرُ الْاَوَّلِیْنَ ۟ۙ
যিসকলে আল্লাহৰ একত্বক অস্বীকাৰ কৰে আৰু পুনৰুত্থানক মিছা বুলি ধাৰণা কৰে, যেতিয়া সিহঁতক কোৱা হয় যে, আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি কি অৱতীৰ্ণ কৰিছে? সিহঁতে কয়ঃ তেওঁৰ প্ৰতি একোৱে অৱতীৰ্ণ হোৱা নাই। বৰং তেওঁ নিজৰ ফালৰ পৰা পূৰ্বৱৰ্তী লোকসকলৰ মিছা কাহিনী ৰচনা কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
لِیَحْمِلُوْۤا اَوْزَارَهُمْ كَامِلَةً یَّوْمَ الْقِیٰمَةِ ۙ— وَمِنْ اَوْزَارِ الَّذِیْنَ یُضِلُّوْنَهُمْ بِغَیْرِ عِلْمٍ ؕ— اَلَا سَآءَ مَا یَزِرُوْنَ ۟۠
যাতে সিহঁতে কোনো হ্ৰাস নোহোৱাকৈ নিজৰ গুনাহ বহন কৰিব পাৰে। লগতে সেইসকল লোকৰ গুনাহৰো যাতে কিছু অংশ বহন কৰে যিসকলক সিহঁতে অজানিতে অথবা পূৰ্বৱৰ্তীসকলৰ অনুসৰণত ইছলামৰ পৰা বিভ্ৰান্ত কৰিছে। এতেকে সিহঁতৰ নিজৰ আৰু সিহঁতৰ অনুসাৰীসকলৰ গুনাহৰ বোজা কিমান যে নিকৃষ্ট, যিবোৰ সিহঁতে বহন কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
قَدْ مَكَرَ الَّذِیْنَ مِنْ قَبْلِهِمْ فَاَتَی اللّٰهُ بُنْیَانَهُمْ مِّنَ الْقَوَاعِدِ فَخَرَّ عَلَیْهِمُ السَّقْفُ مِنْ فَوْقِهِمْ وَاَتٰىهُمُ الْعَذَابُ مِنْ حَیْثُ لَا یَشْعُرُوْنَ ۟
ইহঁতৰ পূৰ্বেও কাফিৰসকলে নিজ নিজ ৰাছুলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল। ফলত আল্লাহে সিহঁতৰ বাসস্থানবোৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল, আৰু সিহঁতৰ ঘৰৰ চাদ সিহঁতৰ ওপৰত ভাঙি পৰিছিল। সিহঁতৰ ওপৰত শাস্তি এনেকৈ আহিছিল, যিটো সিহঁতে কেতিয়াও কামনা কৰা নাছিল। কিয়নো সিহঁতৰ পূৰ্ণ বিশ্বাস আছিল যে, সিহঁতৰ অট্টালিকাই সিহঁতক সুৰক্ষা প্ৰদান কৰিব। কিন্তু সিহঁতক সেইবোৰৰ দ্বাৰাই ধ্বংস কৰা হ'ল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• في الآيات من أصناف نعم الله على العباد شيء عظيم، مجمل ومفصل، يدعو الله به العباد إلى القيام بشكره وذكره ودعائه.
এই আয়াতসমূহত বান্দাৰ ওপৰত থকা আল্লাহৰ বহুতো নিয়ামতৰ কথা উল্লেখ হৈছে। কিছুমান সংক্ষিপ্তভাৱে আৰু কিছুমান বিস্তাৰিত। ইয়াৰ দ্বাৰা আল্লাহে বান্দাসকলক বাৰ্তা প্ৰেৰণ কৰিছে যে, তেওঁলোকে যেন আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে, তেওঁক স্মৰণ কৰে আৰু তেওঁকেই আহ্বান কৰে।

• طبيعة الإنسان الظلم والتجرُّؤ على المعاصي والتقصير في حقوق ربه، كَفَّار لنعم الله، لا يشكرها ولا يعترف بها إلا من هداه الله.
মানুহৰ প্ৰবৃত্তি সাধাৰণতে অন্যায়-অত্যাচাৰ, পাপ কৰ্ম কৰিবলৈ দুঃসাহস, আৰু নিজ প্ৰতিপালকৰ অধিকাৰ খৰ্ব কৰাত অভ্যস্ত। আল্লাহৰ নিয়ামতসমূহৰ অকৃতজ্ঞতা কৰে। এইবোৰৰ বাবে কেৱল সেইসকল লোকেই কৃতজ্ঞতা স্বীকাৰ কৰে, যিসকলে আল্লাহৰ হিদায়ত লাভ কৰিছে।

• مساواة المُضِلِّ للضال في جريمة الضلال؛ إذ لولا إضلاله إياه لاهتدى بنظره أو بسؤال الناصحين.
বিভ্ৰান্তকাৰীও বিভ্ৰান্ত হোৱা ব্যক্তিৰ দৰে সমান পাপী। কাৰণ যদি সি বিভ্ৰান্ত নকৰিলেহেঁতেন তেন্তে হয়তো সি চিন্তা-চৰ্চা কৰি অথবা কোনো শুভাকাংক্ষী ব্যক্তিক সুধি হিদায়ত লাভ কৰিব পাৰিলেহেঁতেন।

• أَخْذ الله للمجرمين فجأة أشد نكاية؛ لما يصحبه من الرعب الشديد، بخلاف الشيء الوارد تدريجيًّا.
আল্লাহে অপৰাধীক আকস্মিক গ্ৰেপ্তাৰ কৰাটোও এটা ডাঙৰ শাস্তি। কাৰণ লাহে লাহে অহা শাস্তিৰ তুলনাত ইয়াৰ ভয়-ভীতি অধিক থাকে।

 
የይዘት ትርጉም ምዕራፍ: አን-ነሕል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት