Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አን-ነሕል   አንቀጽ:
ثُمَّ اِنَّ رَبَّكَ لِلَّذِیْنَ عَمِلُوا السُّوْٓءَ بِجَهَالَةٍ ثُمَّ تَابُوْا مِنْ بَعْدِ ذٰلِكَ وَاَصْلَحُوْۤا اِنَّ رَبَّكَ مِنْ بَعْدِهَا لَغَفُوْرٌ رَّحِیْمٌ ۟۠
হে ৰাছুল! যিসকল লোকে পৰিণাম নজনাকৈ বেয়া কৰ্ম কৰিছে, যদিও সেই কৰ্মটো জানি বুজি কৰিছে কিন্তু দুস্কাৰ্য কৰাৰ পিছত অনুতপ্ত হৈ তাওবা কৰিছে, লগতে সৎকৰ্ম কৰি নিজকে সংশোধন কৰিছে, তেনেকুৱা ব্যক্তিৰ তাওবা আপোনাৰ প্ৰতিপালকে কবূল কৰিব আৰু নিশ্চয় সিহঁতৰ গুনাহ ক্ষমা কৰিব আৰু সিহঁতৰ প্ৰতি দয়া কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ اِبْرٰهِیْمَ كَانَ اُمَّةً قَانِتًا لِّلّٰهِ حَنِیْفًا ؕ— وَلَمْ یَكُ مِنَ الْمُشْرِكِیْنَ ۟ۙ
নিশ্চয় ইব্ৰাহীম আলাইহিচ্ছালাম অতি উত্তম আদৰ্শৰ গৰাকী আছিল, সদায় নিজ প্ৰতিপালকৰ আনুগত্যত নিয়োজিত আছিল, সকলো ধৰ্মৰ পৰা ফালৰি কাটি ইছলামৰ প্ৰতি মনোনিৱেশ কৰিছিল। তেওঁ কদাপিও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
شَاكِرًا لِّاَنْعُمِهٖ ؕ— اِجْتَبٰىهُ وَهَدٰىهُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
তেওঁ আল্লাহৰ তৰফৰ পৰা পোৱা নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপনকাৰী আছিল। আল্লাহে তেওঁক নুবুওৱতৰ বাবে নিৰ্বাচিত কৰিছিল, লগতে তেওঁক সঠিক ধৰ্ম ইছলামৰ হিদায়ত প্ৰদান কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَاٰتَیْنٰهُ فِی الدُّنْیَا حَسَنَةً ؕ— وَاِنَّهٗ فِی الْاٰخِرَةِ لَمِنَ الصّٰلِحِیْنَ ۟ؕ
আমি তেওঁক পৃথিৱীত নুবুওৱত দান কৰিছিলো, উত্তম প্ৰশংসা আৰু পূণ্যৱান সন্তান দান কৰিছিলো। নিশ্চয় তেওঁ আখিৰাতত পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত হ'ব, যিসকলৰ বাবে আল্লাহে জান্নাতত মহান মৰ্যাদা প্ৰস্তুত কৰি ৰাখিছে।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ اَوْحَیْنَاۤ اِلَیْكَ اَنِ اتَّبِعْ مِلَّةَ اِبْرٰهِیْمَ حَنِیْفًا ؕ— وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ۟
হে ৰাছুল! তাৰ পিছত আমি আপোনাৰ প্ৰতি অহী প্ৰেৰণ কৰিছো যে, তাওহীদৰ ক্ষেত্ৰত, মুশ্বৰিকসকলৰ পৰা সম্পৰ্কচ্ছেদ, আল্লাহৰ প্ৰতি আহ্বান আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমল, লগতে সকলো ধৰ্ম ত্যাগ কৰি কেৱল ইছলামৰ পিনে ধাৱিত হোৱাৰ ক্ষেত্ৰত ইব্ৰাহীম আলাইহিচ্ছালামৰ অনুসৰণ কৰক। তেওঁ কদাপিও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল, যিদৰে মুশ্বৰিকসকলে ধাৰণা কৰে। বৰং তেওঁ আছিল এক আল্লাহৰ আনুগত্যকাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّمَا جُعِلَ السَّبْتُ عَلَی الَّذِیْنَ اخْتَلَفُوْا فِیْهِ ؕ— وَاِنَّ رَبَّكَ لَیَحْكُمُ بَیْنَهُمْ یَوْمَ الْقِیٰمَةِ فِیْمَا كَانُوْا فِیْهِ یَخْتَلِفُوْنَ ۟
শনিবাৰৰ দিনটোক সন্মান কৰা সেইসকল ইয়াহুদীৰ ওপৰত ফৰজ কৰা হৈছিল, যিসকলে এই বিষয়ে মতভেদ কৰিছিল। শুক্ৰবাৰৰ দিন সম্পৰ্কে বিভ্ৰান্ত হোৱাৰ পিছত, যিটো দিনত সিহঁতক সকলো কৰ্ম ত্যাগ কৰি ইবাদত কৰাৰ আদেশ দিয়া হৈছিল, যাতে সকলো কৰ্ম ত্যাগ কৰি শনিবাৰে সিহঁতে আল্লাহৰ ইবাদত কৰে। হে ৰাছুল! নিশ্চয় কিয়ামতৰ দিনা আপোনাৰ প্ৰতিপালকে সেইসকল মতানৈক্যকাৰীৰ মাজত মীমাংসা কৰি দিব যিটো বিষয়ত সিহঁতে মতানৈক্য কৰিছিল। আৰু প্ৰত্যেককে উপযুক্ত প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
اُدْعُ اِلٰی سَبِیْلِ رَبِّكَ بِالْحِكْمَةِ وَالْمَوْعِظَةِ الْحَسَنَةِ وَجَادِلْهُمْ بِالَّتِیْ هِیَ اَحْسَنُ ؕ— اِنَّ رَبَّكَ هُوَ اَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِیْلِهٖ وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟
হে ৰাছুল! আপুনি আৰু আপোনাৰ অনুসাৰী মুমিনসকলে দ্বীন ইছলামৰ প্ৰতি মানুহক আহ্বান কৰক, সম্বোধন কৰা ব্যক্তিৰ অৱস্থা, তাৰ বোধ শক্তি আৰু মানি চলাৰ আগ্ৰহৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত। ভয় তথা প্ৰেৰণাযুক্ত উপদেশৰ সৈতে ইছলামৰ দাৱাত প্ৰদান কৰা উচিত। উত্তম কথা আৰু উত্তম বিচাৰ, লগতে উত্তম সংস্কাৰৰ দ্বাৰা বাদানুবাদ কৰা উচিত। কাৰণ হিদায়ত দিয়াটো আপোনাৰ কৰ্তব্য নহয়, আপোনাৰ কৰ্তব্য হৈছে কেৱল পৌঁচাই দিয়া। নিশ্চয় আপোনাৰ প্ৰতিপালকে ভালকৈ জানে দ্বীন ইছলামৰ পৰা কোন ব্যক্তি বিভ্ৰান্ত হৈছে আৰু কোন সঠিক পথত পৰিচালিত। এতেকে আপুনি সিহঁতৰ প্ৰতি আক্ষেপ কৰি নিজৰ প্ৰাণ হানি নকৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنْ عَاقَبْتُمْ فَعَاقِبُوْا بِمِثْلِ مَا عُوْقِبْتُمْ بِهٖ ؕ— وَلَىِٕنْ صَبَرْتُمْ لَهُوَ خَیْرٌ لِّلصّٰبِرِیْنَ ۟
যদি তোমালোকে শত্ৰুৰ পৰা প্ৰতিশোধ লব বিচৰা তেন্তে তাক সিমানেই শাস্তি বিহিবা যিমানখিনি তেওঁ তোমালোকক কষ্ট দিছে, তাতকৈ বেছি নহয়। আনহাতে প্ৰতিশোধ লোৱাৰ শক্তি সামৰ্থ থকাৰ পিছতো যদি তোমালোকে ক্ষমা কৰি দিয়া তেন্তে প্ৰতিশোধ লোৱাতকৈ ক্ষমা কৰি দিয়াটোৱে ধৈৰ্যশীল লোকৰ বাবে উত্তম।
የአረብኛ ቁርኣን ማብራሪያ:
وَاصْبِرْ وَمَا صَبْرُكَ اِلَّا بِاللّٰهِ وَلَا تَحْزَنْ عَلَیْهِمْ وَلَا تَكُ فِیْ ضَیْقٍ مِّمَّا یَمْكُرُوْنَ ۟
হে ৰাছুল! সিহঁতৰ ফালৰ পৰা দিয়া কষ্টৰ প্ৰতি আপুনি ধৈৰ্য ধাৰণ কৰক। কেৱল আল্লাহেই আপোনাক ধৈৰ্য ধাৰণ কৰাৰ তাওফীক প্ৰদান কৰে। কাফিৰসকলৰ বিমুখতাই যেন আপোনাক চিন্তিত নকৰে, আৰু সিহঁতৰ ষড়যন্ত্ৰ আৰু চক্ৰান্তত আপোনাৰ বুকু যাতে সংকোচিত নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ اللّٰهَ مَعَ الَّذِیْنَ اتَّقَوْا وَّالَّذِیْنَ هُمْ مُّحْسِنُوْنَ ۟۠
নিশ্চয় আল্লাহ সেইসকল লোকৰ সহায়ক যিসকলে গুনাহ পৰিত্যাগ কৰি আল্লাহক ভয় কৰে। যিসকল আনুগত্যত অত্যন্ত পূণ্যৱান। তেওঁলোকে ছোৱাবৰ আশাত আল্লাহৰ আদেশ পালন কৰে। এতেকে তেৱেঁই তেওঁলোকৰ সহায়ক আৰু সমৰ্থক।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• اقتضت رحمة الله أن يقبل توبة عباده الذين يعملون السوء من الكفر والمعاصي، ثم يتوبون ويصلحون أعمالهم، فيغفر الله لهم.
এইটো আল্লাহৰ অন্যতম এক প্ৰকাৰ ৰহমত যে, তেওঁ সেই বান্দাসকলৰো তাওবা কবূল কৰে যিসকলে কুফৰী আৰু গুনাহৰ কাম কৰিছে। তাৰ পিছত তেওঁলোকে তাওবা কৰে আৰু নিজৰ কৰ্ম সংশোধন কৰে, ফলত আল্লাহে তেওঁলোকৰ গুনাহ ক্ষমা কৰি দিয়ে।

• يحسن بالمسلم أن يتخذ إبراهيم عليه السلام قدوة له.
প্ৰতিজন মুছলিমে ইব্ৰাহীম আলাইহিচ্ছালামক আদৰ্শ হিচাপে লোৱা উচিত।

• على الدعاة إلى دين الله اتباع هذه الطرق الثلاث: الحكمة، والموعظة الحسنة، والمجادلة بالتي هي أحسن.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোকসকলে এই তিনিটা বিষয়ৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত, হিকমত বা কৌশলৰ সৈতে কথা কোৱা উচিত, উত্তম উপদেশ দিয়া উচিত, লগতে উত্তমভাৱে বাদানুবাদ কৰা উচিত।

• العقاب يكون بالمِثْل دون زيادة، فالمظلوم منهي عن الزيادة في عقوبة الظالم.
অপৰাধৰ অনুপাতে শাস্তি হোৱা উচিত। তাতকৈ বেছি হ'ব নালাগে। এই ক্ষেত্ৰত নিৰ্যাতিত ব্যক্তিকো নিষেধ কৰা হৈছে যে, অত্যাচাৰীৰ পৰা প্ৰতিশোধ লোৱাৰ সময়ত যাতে সীমা অতিক্ৰম কৰা নহয়।

 
የይዘት ትርጉም ምዕራፍ: አን-ነሕል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት