Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አን-ነሕል   አንቀጽ:
اَلَّذِیْنَ كَفَرُوْا وَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ زِدْنٰهُمْ عَذَابًا فَوْقَ الْعَذَابِ بِمَا كَانُوْا یُفْسِدُوْنَ ۟
যিসকল লোকে আল্লাহক অস্বীকাৰ কৰিছে আৰু আন আন লোকসকলকো আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰিছে, সিহঁতে নিজৰ কুফৰীৰ কাৰণে যি শাস্তিৰ উপযুক্ত আছিল, সিহঁতৰ সেই শাস্তি বৃদ্ধি কৰি দিয়া হ'ব, কাৰণ সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিছিল আৰু বিপৰ্যয় সৃষ্টি কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَوْمَ نَبْعَثُ فِیْ كُلِّ اُمَّةٍ شَهِیْدًا عَلَیْهِمْ مِّنْ اَنْفُسِهِمْ وَجِئْنَا بِكَ شَهِیْدًا عَلٰی هٰۤؤُلَآءِ ؕ— وَنَزَّلْنَا عَلَیْكَ الْكِتٰبَ تِبْیَانًا لِّكُلِّ شَیْءٍ وَّهُدًی وَّرَحْمَةً وَّبُشْرٰی لِلْمُسْلِمِیْنَ ۟۠
হে ৰাছুল! সেই দিৱসটোক স্মৰণ কৰক, যেতিয়া আমি প্ৰত্যেক সম্প্ৰদায়ৰ একোজনকৈ ৰাছুল উপস্থিত কৰাম, তেওঁলোকে সেই সম্প্ৰদায়ৰ কুফৰী আৰু ঈমানৰ সাক্ষ্য দান কৰিব। ৰাছুলজন সেই সম্প্ৰদায়ৰে হ'ব আৰু সিহঁতৰ ভাষাতেই কথা ক'ব। হে ৰাছুল! আমি আপোনাক সকলো সম্প্ৰদায়ৰ সাক্ষী হিচাপে উপস্থাপন কৰিম। আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো যাতে আপুনি হালাল-হাৰাম, নেকী আৰু শাস্তিৰ বিষয়বোৰ স্পষ্টভাৱে বৰ্ণনা কৰে, যিবোৰ বৰ্ণনা কৰা আৱশ্যক। আমি ইয়াক মানুহৰ বাবে সত্যৰ পথপ্ৰদৰ্শক হিচাপে আৰু সেইসকল লোকৰ বাবে ৰহমত হিচাপে অৱতীৰ্ণ কৰিছোঁ যিসকলে ইয়াৰ প্ৰতি ঈমান আনিছে আৰু তাত থকা বিধি-বিধান অনুযায়ী আমল কৰিছে। লগতে এইখনক মুমিনসকলৰ বাবে আল্লাহৰ চিৰস্থায়ী নিয়ামতৰ সুসংবাদৰূপে অৱতীৰ্ণ কৰিছোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ اللّٰهَ یَاْمُرُ بِالْعَدْلِ وَالْاِحْسَانِ وَاِیْتَآئِ ذِی الْقُرْبٰی وَیَنْهٰی عَنِ الْفَحْشَآءِ وَالْمُنْكَرِ وَالْبَغْیِ ۚ— یَعِظُكُمْ لَعَلَّكُمْ تَذَكَّرُوْنَ ۟
নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলক ন্যায়ৰ আদেশ দিয়ে, যাতে বান্দাই আল্লাহৰ আৰু বান্দাসকলৰ হক আদায় কৰে। মীমাংসাৰ সময়ত অন্যায়ভাৱে যাতে কাৰোবাক আন কাৰোবাৰ ওপৰত প্ৰাধান্য নিদিয়ে। লগতে উপকাৰৰ আদেশ দিয়ে, যাতে বান্দাই এনেকুৱা উপকাৰ কৰে যিটো তাৰ বাবে জৰুৰী নহয়, যেনেঃ ইচ্ছানুযায়ী ব্যায় কৰা আৰু অন্যায়কাৰীক ক্ষমা কৰি দিয়া। আত্মীয়সকলক সিহঁতৰ প্ৰয়োজনীয় বস্তু প্ৰদান কৰাৰ আদেশ দিয়ে। আৰু প্ৰত্যেক বেয়া কৰ্মৰ পৰা নিষেধ কৰে, সেই কৰ্মৰ সম্পৰ্ক কথাৰ লগতে হওক যেনেঃ বেয়া কথা কোৱা। অথবা কৰ্মৰ লগত, যেনেঃ ব্যভিচাৰ। আৰু সেই কৰ্মৰ পৰাও নিষেধ কৰে যিটো চৰীয়তৰ দৃষ্টিত অপছন্দনীয়, প্ৰত্যেক পাপকৰ্ম ইয়াৰ অন্তৰ্ভুক্ত। মানুহৰ প্ৰতি অন্যায় আৰু অহংকাৰ কৰিবলৈও নিষেধ কৰে। আল্লাহে এই আয়াতত তোমালোকক যিবোৰ বিষয়ৰ আদেশ দিছে আৰু যিবোৰ কৰ্মৰ পৰা নিষেধ কৰিছে, সেইবোৰ হৈছে তোমালোকৰ প্ৰতি তেওঁৰ উপদেশ। যাতে তোমালোকে এইবোৰ উপদেশ মানি চলা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَوْفُوْا بِعَهْدِ اللّٰهِ اِذَا عٰهَدْتُّمْ وَلَا تَنْقُضُوا الْاَیْمَانَ بَعْدَ تَوْكِیْدِهَا وَقَدْ جَعَلْتُمُ اللّٰهَ عَلَیْكُمْ كَفِیْلًا ؕ— اِنَّ اللّٰهَ یَعْلَمُ مَا تَفْعَلُوْنَ ۟
আল্লাহৰ লগত কৰা আৰু মানুহৰ লগত কৰা প্ৰত্যেক প্ৰতিশ্ৰুতি পূৰণ কৰিবা। মজবুতভাৱে আল্লাহৰ শপত খোৱাৰ পিছত সেইটো ভঙ্গ নকৰিবা। কাৰণ যি বিষয়ে তোমালোকে শপত গ্ৰহণ কৰিছা, সেই ক্ষেত্ৰত তোমালোকে আল্লাহক সাক্ষী ৰাখিছা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا تَكُوْنُوْا كَالَّتِیْ نَقَضَتْ غَزْلَهَا مِنْ بَعْدِ قُوَّةٍ اَنْكَاثًا ؕ— تَتَّخِذُوْنَ اَیْمَانَكُمْ دَخَلًا بَیْنَكُمْ اَنْ تَكُوْنَ اُمَّةٌ هِیَ اَرْبٰی مِنْ اُمَّةٍ ؕ— اِنَّمَا یَبْلُوْكُمُ اللّٰهُ بِهٖ ؕ— وَلَیُبَیِّنَنَّ لَكُمْ یَوْمَ الْقِیٰمَةِ مَا كُنْتُمْ فِیْهِ تَخْتَلِفُوْنَ ۟
তোমালোকে প্ৰতিশ্ৰুতি ভঙ্গ কৰি কমবুদ্ধি তথা নিৰ্বোধ হোৱাৰ প্ৰমাণ নিদিবা। সেই মুৰ্খ মহিলাৰ দৰে, যিয়ে অতি কষ্টেৰে সূতা কটাৰ পিছত, নিজেই সেইবোৰ ছিঙি টুকুৰা-টুকুৰ কৰি পেলায়। তাই সূতা কটাত আৰু ছিঙাত, দুয়ো অৱস্থাতেই কষ্টহে কৰিছে কিন্তু লাভ একো হোৱা নাই। তোমালোকে শপতক ইজনে সিজনক প্ৰৱঞ্চনা কৰাৰ সাধন বনাই লৈছা, যাতে তোমালোকৰ সম্প্ৰদায় শত্ৰু সম্প্ৰদায়তকৈ সংখ্যাগৰিষ্ঠ তথা শক্তিশালী হয়। দৰাচলতে আল্লাহে প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত তোমালোকক পৰীক্ষা কৰি আছে, তোমালোকে সেয়া পূৰণ কৰা নে ভঙ্গ কৰা, কিয়ামতৰ দিনা আল্লাহে সেই সকলো বিষয় স্পষ্ট কৰি দিব যিবোৰকলৈ তোমালোকে পৃথিৱীত মতভেদ কৰিছা। এতেকে তেওঁ প্ৰকাশ কৰি দিব, কোন সৎপথত আছিল আৰু কোন বিপথত আছিল। লগতে কোন সত্যবাদী আছিল আৰু কোন মিছলীয়া আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَوْ شَآءَ اللّٰهُ لَجَعَلَكُمْ اُمَّةً وَّاحِدَةً وَّلٰكِنْ یُّضِلُّ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ؕ— وَلَتُسْـَٔلُنَّ عَمَّا كُنْتُمْ تَعْمَلُوْنَ ۟
আল্লাহে ইচ্ছা কৰিলে তোমালোকক সত্যৰ ওপৰত প্ৰতিষ্ঠিত একেই উম্মতৰ অন্তৰ্ভুক্ত কৰিলেহেঁতেন। কিন্তু আল্লাহে যাক ইচ্ছা কৰে ন্যায়ৰ সৈতে সত্যৰ পৰা আঁতৰ কৰি দিয়ে, আৰু প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পৰা বঞ্চিত কৰি দিয়ে। আৰু যাক ইচ্ছা কৰে নিজ অনুগ্ৰহত সেয়া পূৰণ কৰিবলৈ তাওফীক দিয়ে। পৃথিৱীত তোমালোকে যি যি কৰিছা সেই সম্পৰ্কে কিয়ামতৰ দিনা অৱশ্যে প্ৰশ্ন কৰা হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• للكفار الذين يصدون عن سبيل الله عذاب مضاعف بسبب إفسادهم في الدنيا بالكفر والمعصية.
আল্লাহৰ পথত বাধা প্ৰদান কৰা কাফিৰসকলক কেই গুণ বৃদ্ধি কৰি শাস্তি দিয়া হ'ব, কাৰণ সিহঁতে পৃথিৱীত কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে বিপৰ্যয় সৃষ্টি কৰিছিল।

• لا تخلو الأرض من أهل الصلاح والعلم، وهم أئمة الهدى خلفاء الأنبياء، والعلماء حفظة شرائع الأنبياء.
পৃথিৱী কেতিয়াও জ্ঞানী আৰু সংস্কাৰী ব্যক্তিৰ পৰা খালী নহ'ব। দৰাচলতে তেওঁলোকেই হৈছে হিদায়তৰ পথত নেতৃত্বদানকাৰী আৰু নবীসকলৰ উত্তৰাধিকাৰী। আৰু উলামাসকল হৈছে নবীসকলৰ চৰীয়তৰ সংৰক্ষক।

• حدّدت هذه الآيات دعائم المجتمع المسلم في الحياة الخاصة والعامة للفرد والجماعة والدولة.
উক্ত আয়াতবোৰত ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ ক্ষেত্ৰত ব্যক্তিগত আৰু সাৰ্বজনিক জীৱনত মুছলিম সমাজৰ ভিত্তিসমূহ চিহ্নিত কৰা হৈছে।

• النهي عن الرشوة وأخذ الأموال على نقض العهد.
উৎকোচ লোৱা আৰু ধন লৈ প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ পৰা নিষেধ কৰা হৈছে।

 
የይዘት ትርጉም ምዕራፍ: አን-ነሕል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት