Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ጣሃ   አንቀጽ:
كَذٰلِكَ نَقُصُّ عَلَیْكَ مِنْ اَنْۢبَآءِ مَا قَدْ سَبَقَ ۚ— وَقَدْ اٰتَیْنٰكَ مِنْ لَّدُنَّا ذِكْرًا ۟ۖۚ
হে ৰাছুল! যিদৰে আমি আপোনাৰ সন্মুখত মূছা আৰু ফিৰআউন তথা সিহঁতৰ সম্প্ৰদায়ৰ বিষয়ে আলোকপাত কৰিলোঁ, ঠিক সেইদৰে আপোনাক সিহঁতৰ পূৰ্বে অহা আম্বীয়া আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ বিষয়েও বহু কথা অৱগত কৰাইছোঁ, যাতে ইয়াৰ দ্বাৰা আপুনি সান্তনা লভিব পাৰে, নিশ্চয় আমি আপোনাক আমাৰ ফালৰ পৰা কোৰআন প্ৰদান কৰিছোঁ, যাৰ দ্বাৰা উপদেশ গ্ৰহণকাৰীয়ে উপদেশ গ্ৰহণ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
مَنْ اَعْرَضَ عَنْهُ فَاِنَّهٗ یَحْمِلُ یَوْمَ الْقِیٰمَةِ وِزْرًا ۟ۙ
আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনৰ পৰা যিয়ে বিমুখ হ'ব, আৰু ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিব, তথা ইয়াৰ মাজত থকা শিক্ষাৰ প্ৰতি আমল নকৰিব, তেনেকুৱা ব্যক্তিয়ে কিয়ামতৰ দিনা মহাপাপ বহন কৰি আহিব, আৰু সি কষ্টদায়ক শাস্তিৰ উপযুক্ত হৈ আহিব।
የአረብኛ ቁርኣን ማብራሪያ:
خٰلِدِیْنَ فِیْهِ ؕ— وَسَآءَ لَهُمْ یَوْمَ الْقِیٰمَةِ حِمْلًا ۟ۙ
সিহঁত চিৰকাল শাস্তিৰ মাজত অৱস্থান কৰিব, কিমান যে নিকৃষ্ট বোজা সেইটো যিটো সিহঁতে কিয়ামতৰ দিনা বহন কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
یَّوْمَ یُنْفَخُ فِی الصُّوْرِ وَنَحْشُرُ الْمُجْرِمِیْنَ یَوْمَىِٕذٍ زُرْقًا ۟
পুনৰুত্থানৰ বাবে ফিৰিস্তাই যিদিনা শিঙাত দ্বিতীয়বাৰ ফুঁ দিব, সেইদিনা আমি কাফিৰসকলক এনেকুৱা অৱস্থাত একত্ৰিত কৰিম যে, কিয়ামতৰ ভয়ৱহতাৰ সন্মুখীন হোৱাৰ কাৰণে সিহঁতৰ শৰীৰ তথা চকুৰ ৰং নীলা হৈ পৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
یَّتَخَافَتُوْنَ بَیْنَهُمْ اِنْ لَّبِثْتُمْ اِلَّا عَشْرًا ۟
সিহঁতে ইজনে সিজনক কাণত ফুচফুচাই ক'বঃ মৃত্যুৰ পিচত বাৰঝাখত তোমালোকে কেৱল দহদিন মানহে অতিবাহিত কৰিছা, ইয়াতকৈ বেছি নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
نَحْنُ اَعْلَمُ بِمَا یَقُوْلُوْنَ اِذْ یَقُوْلُ اَمْثَلُهُمْ طَرِیْقَةً اِنْ لَّبِثْتُمْ اِلَّا یَوْمًا ۟۠
সিহঁতে ফুচফুচাই কি কথা ক'ব সেয়া আমি ভালদৰেই জানো, সিহঁতৰ কোনো বিষয়েই আমাৰ পৰা গোপন নহয়। এনেতে সিহঁতৰ মাজৰ বুদ্ধিমান ব্যক্তিয়ে ক'বঃ তোমালোকে বাৰঝাখত কেৱলমাত্ৰ এদিনহে অৱস্থান কৰিছিলা, ইয়াতকৈ অধিক নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَسْـَٔلُوْنَكَ عَنِ الْجِبَالِ فَقُلْ یَنْسِفُهَا رَبِّیْ نَسْفًا ۟ۙ
হে ৰাছুল! সিহঁতে আপোনাক কিয়ামতৰ দিনা পৰ্বতবোৰৰ কি অৱস্থা হ'ব বুলি প্ৰশ্ন কৰে, আপুনি সিহঁতক কৈ দিয়কঃ মোৰ প্ৰতিপালকে পৰ্বতবোৰক নিৰ্মূল কৰি উৰুৱাই দিব, আৰু সেইবোৰ ধূলি কণাত পৰিণত হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
فَیَذَرُهَا قَاعًا صَفْصَفًا ۟ۙ
ফলত সেইবোৰ সমতল ভূমিত পৰিণত হ'ব, তাত কোনো ঘৰ-দুৱাৰো নাথাকিব আৰু কোনো উদ্ভিদো গজালি নেমেলিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَّا تَرٰی فِیْهَا عِوَجًا وَّلَاۤ اَمْتًا ۟ؕ
হে প্ৰত্যক্ষকাৰী ব্যক্তি! তুমি সেই সমতল ভূমিত কোনো খলা-বমা দেখিবলৈ নাপাবা তথা কোনো ওখ-নিচ বিচাৰি নাপাবা।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَىِٕذٍ یَّتَّبِعُوْنَ الدَّاعِیَ لَا عِوَجَ لَهٗ ۚ— وَخَشَعَتِ الْاَصْوَاتُ لِلرَّحْمٰنِ فَلَا تَسْمَعُ اِلَّا هَمْسًا ۟
সেইদিনা মানুহে একত্ৰিত হোৱাৰ স্থানলৈ আহ্বানকাৰীৰ আহ্বানক অনুসৰণ কৰি দৌৰি আগুৱাই যাব। এই আহ্বানক অনুসৰণৰ পৰা কোনেও সিহঁতক বিৰত ৰাখিব নোৱাৰিব। ৰহমানৰ ভয়ত সকলোৱে মৌনতা অৱলম্বন কৰিব। এতেকে সেইদিনা ৰিণিকি-ৰিণিকি অহা শব্দৰ বাহিৰে অতিৰিক্ত একো শুনা নাযাব।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَىِٕذٍ لَّا تَنْفَعُ الشَّفَاعَةُ اِلَّا مَنْ اَذِنَ لَهُ الرَّحْمٰنُ وَرَضِیَ لَهٗ قَوْلًا ۟
সেই মহা দিৱসটোত কোনো মধ্যস্ততাকাৰীৰ মধ্যস্ততা কামত নাহিব, কেৱল সেই মধ্যস্ততাকাৰীৰ বাহিৰে যাক স্বয়ং আল্লাহে মধ্যস্ততা কৰাৰ অনুমতি প্ৰদান কৰিব, তথা মধ্যস্ততা সম্পৰ্কীয় তেওঁৰ যাৱতীয় কথাত তেওঁ সন্তুষ্ট হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
یَعْلَمُ مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ وَلَا یُحِیْطُوْنَ بِهٖ عِلْمًا ۟
পৱিত্ৰ আল্লাহে ভালদৰেই জানে মানুহে কিয়ামত সম্পৰ্কীয় কি কি বিষয়ৰ সন্মুখীন হ'ব, তথা এই বিষয়েও ভালদৰে অৱগত যে, সিহঁতে পৃথিৱীত কি এৰি থৈ আহিছে। আনহাতে বান্দাই কিন্তু আল্লাহৰ সত্ত্বাগত দিশ আৰু তেওঁৰ গুণাৱলীক সম্পূৰ্ণৰূপে আয়ত্ব কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَعَنَتِ الْوُجُوْهُ لِلْحَیِّ الْقَیُّوْمِ ؕ— وَقَدْ خَابَ مَنْ حَمَلَ ظُلْمًا ۟
বান্দাসকলে সেই সত্ত্বাৰ সন্মুখত শিৰনত হৈ থিয় দিব, বিনয়ভাৱ প্ৰকাশ কৰিব, যি সত্ত্বাই কেতিয়াও মৃত্যুবৰণ নকৰিব, তেৱেঁই বান্দাসকলৰ সকলো দিশ নিয়ন্ত্ৰণ কৰে। তথা সেই ব্যক্তি নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত, যিয়ে নিজকে বিনাশৰ পথত ঠেলি দি গুনাহৰ বোজা বহন কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَنْ یَّعْمَلْ مِنَ الصّٰلِحٰتِ وَهُوَ مُؤْمِنٌ فَلَا یَخٰفُ ظُلْمًا وَّلَا هَضْمًا ۟
আনহাতে যিয়ে সৎকৰ্ম কৰিব তথা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব, তেনেকুৱা ব্যক্তিয়ে পৰিপূৰ্ণভাৱে নিজৰ প্ৰতিফল লাভ কৰিব। তেওঁ নকৰা কোনো গুনাহৰ শাস্তি ভোগ কৰিব লাগিব বুলি কোনো ধৰণৰ ভয় নাথাকিব, তথা তেওঁ কৰা সৎকৰ্মৰ ছোৱাবও হ্ৰাস কৰা নহ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَذٰلِكَ اَنْزَلْنٰهُ قُرْاٰنًا عَرَبِیًّا وَّصَرَّفْنَا فِیْهِ مِنَ الْوَعِیْدِ لَعَلَّهُمْ یَتَّقُوْنَ اَوْ یُحْدِثُ لَهُمْ ذِكْرًا ۟
যিদৰে আমি পূৰ্বৱৰ্তী লোকসকলৰ ঘটনাৰ বিৱৰণ দাঙি ধৰিছোঁ, সেইদৰে আমি এই কোৰআনখনক স্পষ্ট আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ মাজত আমি বিভিন্ন প্ৰকাৰৰ সতৰ্কবাণী যেনে ধমক আৰু ভয় দেখুৱাবলৈ বৰ্ণনা দিছোঁ, যাতে সিহঁতে আল্লাহক ভয় কৰে, আৰু কোৰআনখন যাতে সিহঁতৰ বাবে উপদেশ হয়, যাৰ পৰা সিহঁতে শিক্ষা লাভ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• القرآن العظيم كله تذكير ومواعظ للأمم والشعوب والأفراد، وشرف وفخر للإنسانية.
সম্পূৰ্ণ কোৰআনখনেই হৈছে উপদেশ তথা স্মৰণীয় গ্ৰন্থ. প্ৰতিটো সম্প্ৰদায়ৰ বাবে, জাতিসকলৰ বাবে তথা প্ৰত্যেক ব্যক্তিৰ বাবে, লগতে মানৱতাৰ বাবে ই হৈছে সন্মান আৰু গৌৰৱ।

• لا تنفع الشفاعة أحدًا إلا شفاعة من أذن له الرحمن، ورضي قوله في الشفاعة.
কাৰো মধ্যস্ততাই সেইদিনা কামত নাহিব, কেৱল সেই ব্যক্তিৰ মধ্যস্ততাৰ বাহিৰে যাক স্বয়ং আল্লাহে অনুমতি প্ৰদান কৰিব, তথা মধ্যস্ততাৰ ক্ষেত্ৰত যাৰ কথাক তেওঁ স্বীকাৰ কৰিব আৰু সন্তুষ্ট হ'ব।

• القرآن مشتمل على أحسن ما يكون من الأحكام التي تشهد العقول والفطر بحسنها وكمالها.
কোৰআন এনেকুৱা সৌন্দৰ্যময় আদেশৰ দ্বাৰা গঠিত, যাৰ উত্তম আৰু সম্পূৰ্ণতাৰ সাক্ষী মানুহৰ বিবেক আৰু ফিতৰতে প্ৰদান কৰিছে।

• من آداب التعامل مع القرآن تلقيه بالقبول والتسليم والتعظيم، والاهتداء بنوره إلى الصراط المستقيم، والإقبال عليه بالتعلم والتعليم.
মানুহে কোৰআনখনক অন্তৰেৰে স্বীকাৰ কৰা উচিত, ইয়াৰ সন্মান কৰা উচিত, ইয়াৰ আলোকত হিদায়ত লাভ কৰা উচিত তথা ইয়াক নিজে শিকা আৰু আনক শিকোৱা উচিত।

• ندم المجرمين يوم القيامة حيث ضيعوا الأوقات الكثيرة، وقطعوها ساهين لاهين، معرضين عما ينفعهم، مقبلين على ما يضرهم.
কিয়ামতৰ দিনা অপৰাধীয়ে এই কথা স্মৰণ কৰি পৰিতাপ কৰিব যে, সিহঁতে অধিক সময় বিনষ্ট কৰিছে। লাভদায়ক বিষয়ত সময় খৰচ কৰাৰ পৰিবৰ্তে ক্ষতিকাৰক বিষয়ত সময় কটাইছে।

 
የይዘት ትርጉም ምዕራፍ: ጣሃ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት