Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ጣሃ   አንቀጽ:
قَالُوْا یٰمُوْسٰۤی اِمَّاۤ اَنْ تُلْقِیَ وَاِمَّاۤ اَنْ نَّكُوْنَ اَوَّلَ مَنْ اَلْقٰی ۟
যাদুকৰসকলে মূছা আলাইহিচ্ছালামক ক'লেঃ হে মূছা! আপুনি দুটা বিকল্পৰ যিকোনো এটা গ্ৰহণ কৰক, হ'লে আপুমি প্ৰথমে আপোনাৰ যাদু নিক্ষেপ কৰক, নহ'লে আমি প্ৰথমে আৰম্ভ কৰিম নেকি কওক।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ بَلْ اَلْقُوْا ۚ— فَاِذَا حِبَالُهُمْ وَعِصِیُّهُمْ یُخَیَّلُ اِلَیْهِ مِنْ سِحْرِهِمْ اَنَّهَا تَسْعٰی ۟
মূছা আলাইহিচ্ছালামে ক'লেঃ তোমালোকৰ ওচৰত যি আছে সেইবোৰকে প্ৰথমে নিক্ষেপ কৰা। এতেকে সিহঁতে সিহঁতৰ ওচৰত থকা যি যি আছিল নিক্ষেপ কৰিলে, হঠাৎ সিহঁতে নিক্ষেপ কৰা ৰচী আৰু লাখুটিবোৰ যাদুৰ প্ৰভাৱত মূছা আলাইহিচ্ছালামৰ ওচৰত এনেকুৱা প্ৰতীত হ'বলৈ ধৰিলে যেনিবা সেইবোৰ সাপ হৈ দৌৰি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَوْجَسَ فِیْ نَفْسِهٖ خِیْفَةً مُّوْسٰی ۟
এতেকে সিহঁতৰ এই কৰ্ম দেখি মূছা আলাইহিচ্ছালামৰ অন্তৰত ভয় অনুভৱ হ'বলৈ ধৰিলে।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْنَا لَا تَخَفْ اِنَّكَ اَنْتَ الْاَعْلٰی ۟
তেতিয়া আল্লাহে মূছা আলাইহিচ্ছালামক সান্তনা প্ৰদান কৰি ক'লেঃ তুমি যিটো অনুভৱ কৰি আছা, সেইটোক ভয় নকৰিবা। হে মূছা! নিশ্চয় তুমিয়েই সিহঁতক পৰাস্ত কৰি বিজয় লাভ কৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَلْقِ مَا فِیْ یَمِیْنِكَ تَلْقَفْ مَا صَنَعُوْا ؕ— اِنَّمَا صَنَعُوْا كَیْدُ سٰحِرٍ ؕ— وَلَا یُفْلِحُ السَّاحِرُ حَیْثُ اَتٰی ۟
তোমাৰ সোঁ হাতত যিডাল লাখুটি আছে, সেইডাল নিক্ষেপ কৰা। সেইডাল এডাল প্ৰকাণ্ড সাপ হৈ সেইবোৰক গিলি খাব। দৰাচলতে সিহঁতে যি বনাইছে সেইবোৰ যাদুৰ চক্ৰান্তৰ বাহিৰে আন একো নহয়। এতেকে যাদুকৰ য’তে নাথাকক কিয়, সিহঁত কেতিয়াও উদ্দেশ্যত সফল হ'ব নোৱাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَاُلْقِیَ السَّحَرَةُ سُجَّدًا قَالُوْۤا اٰمَنَّا بِرَبِّ هٰرُوْنَ وَمُوْسٰی ۟
এতেকে মূছা আলাইহিচ্ছালামে তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত সেই লাখুটিডাল এডাল প্ৰকাণ্ড সাপ হৈ যাদুকৰসকলৰ সৰু সৰু সাপবোৰক এফালৰ পৰা গিলি খাবলৈ ধৰিলে। এতেকে যাদুকৰসকলে যেতিয়া পতিয়ন গ'ল যে, মূছাৰ ওচৰত যি আছে সেয়া যাদু নহয়, বৰং সেয়া হৈছে আল্লাহৰ ফালৰ পৰা প্ৰাপ্ত নিদৰ্শন, তেতিয়া সিহঁতে আল্লাহৰ বাবে ছাজদাত পৰি ক'লেঃ আমি ঈমান পোষণ কৰিলোঁ মূছা আৰু হাৰূনৰ প্ৰতিপালকৰ প্ৰতি তথা গোটেই সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ اٰمَنْتُمْ لَهٗ قَبْلَ اَنْ اٰذَنَ لَكُمْ ؕ— اِنَّهٗ لَكَبِیْرُكُمُ الَّذِیْ عَلَّمَكُمُ السِّحْرَ ۚ— فَلَاُقَطِّعَنَّ اَیْدِیَكُمْ وَاَرْجُلَكُمْ مِّنْ خِلَافٍ وَّلَاُوصَلِّبَنَّكُمْ فِیْ جُذُوْعِ النَّخْلِ ؗ— وَلَتَعْلَمُنَّ اَیُّنَاۤ اَشَدُّ عَذَابًا وَّاَبْقٰی ۟
ফিৰআউনে যাদুকৰসকলৰ ঈমানক নাকচ কৰি আৰু সিহঁতক ধমক দি ক'লেঃ মই অনুমতি দিয়াৰ আগতেই তোমালোকে মূছাৰ প্ৰতি ঈমান আনিলা? হে যাদুকৰসকল! মোৰ এতিয়া বিশ্বাস হৈছে নিশ্চয় মূছাই হৈছে তোমালোকৰ প্ৰতিনিধি, যিয়ে তোমালোকক যাদু শিকাইছে। মই তোমালোকৰ প্ৰত্যেকৰে হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটিম, আৰু তোমালোকৰ শৰীৰক মৃত্যু নোহোৱালৈকে খেজুৰ গছৰ কাণ্ডত ওলোমাই ৰাখিম, আৰু তোমালোকৰ এই শাস্তি যাতে মানুহৰ বাবে শিক্ষামূলক হয়। তেতিয়াহে তোমালোকে গম পাবা, আমাৰ মাজৰ কোনে অধিক কঠোৰ আৰু স্থায়ী শাস্তি প্ৰদান কৰিব পাৰে, মই নে মূছাৰ প্ৰতিপালক?
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا لَنْ نُّؤْثِرَكَ عَلٰی مَا جَآءَنَا مِنَ الْبَیِّنٰتِ وَالَّذِیْ فَطَرَنَا فَاقْضِ مَاۤ اَنْتَ قَاضٍ ؕ— اِنَّمَا تَقْضِیْ هٰذِهِ الْحَیٰوةَ الدُّنْیَا ۟ؕ
যাদুকৰসকলে ফিৰআউনক ক'লেঃ হে ফিৰআউন! আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহি পৰিছে, সেইবোৰৰ অনুসৰণৰ ওপৰত আমি কেতিয়াও তোমাৰ অনুসৰণক প্ৰাধান্য দিব নোৱাৰোঁ। তথা যিজন আল্লাহে আমাক সৃষ্টি কৰিছে, তেওঁৰ ওপৰত আমি কেতিয়াও তোমাক অগ্ৰাধিকাৰ নিদিওঁ। এতেকে তুমি আমাৰ সৈতে যি আচৰণ কৰিব বিচৰা কৰা। এই ধ্বংসশীল জীৱনতেই কেৱল তুমি আমাৰ ওপৰত শাসন কৰিব পাৰিবা, আৰু জানি থোৱা! অতিশীঘ্ৰে তোমাৰ এই ৰাজত্ব বিনষ্ট হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّاۤ اٰمَنَّا بِرَبِّنَا لِیَغْفِرَ لَنَا خَطٰیٰنَا وَمَاۤ اَكْرَهْتَنَا عَلَیْهِ مِنَ السِّحْرِ ؕ— وَاللّٰهُ خَیْرٌ وَّاَبْقٰی ۟
নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছোঁ, আশা কৰোঁ তেওঁ আমাৰ বিগত গুনাহসমূহ যেনে কুফৰী আদি ক্ষমা কৰিব তথা আমাৰ যাদুকৰ্মৰ পাপবোৰ মাৰ্জনা কৰিব, যিটো শিকিবলৈ আৰু অভ্যাস কৰিবলৈ তথা যাৰ দ্বাৰা মূছাক পৰাস্ত কৰিবলৈ তুমি আমাক বাধ্য কৰিছিলা। আল্লাহে তাতোকৈ অধিক প্ৰতিফল দান কৰিব যিবোৰৰ তুমি প্ৰতিশ্ৰুতি দিছিলা, তথা তেওঁ তাতোকৈও অধিক স্থায়ী আৰু কঠিন শাস্তি দিবলৈ সক্ষম, যিটো শাস্তিৰ ধমক তুমি আমাক প্ৰদান কৰিছা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهٗ مَنْ یَّاْتِ رَبَّهٗ مُجْرِمًا فَاِنَّ لَهٗ جَهَنَّمَ ؕ— لَا یَمُوْتُ فِیْهَا وَلَا یَحْیٰی ۟
এতেকে মূল কথা হৈছে, যিয়ে কিয়ামতৰ দিনা কাফিৰ অৱস্থাত আল্লাহৰ ওচৰত আহিব, তাৰ বাবে আছে জাহান্নাম, য’ত সি প্ৰৱেশ কৰিব আৰু চিৰকাল অৱস্থান কৰিব, তাত শাস্তিৰ পৰা ৰক্ষা পাবলৈ কেতিয়াও তাৰ মৃত্যু নহ'ব, ইপিনে পৱিত্ৰ জীৱনো লাভ নকৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَنْ یَّاْتِهٖ مُؤْمِنًا قَدْ عَمِلَ الصّٰلِحٰتِ فَاُولٰٓىِٕكَ لَهُمُ الدَّرَجٰتُ الْعُلٰی ۟ۙ
আনহাতে যিয়ে নিজ প্ৰতিপালকৰ ওচৰত মুমিন অৱস্থাত আহিব তথা সৎকৰ্ম কৰি উপস্থিত হ'ব, তেনেকুৱা মহান গুণবিশিষ্ট ব্যক্তিসকলৰ বাবে আছে উচ্চ স্থান তথা উচ্চ মৰ্যাদা।
የአረብኛ ቁርኣን ማብራሪያ:
جَنّٰتُ عَدْنٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ— وَذٰلِكَ جَزٰٓؤُا مَنْ تَزَكّٰی ۟۠
সেই উচ্চ মৰ্যাদাৰ দ্বাৰা সেই প্ৰতিষ্ঠিত জান্নাতক বুজোৱা হৈছে যাৰ অট্টালিকসমূহৰ তলদেশত আছে জলপ্ৰবাহ আৰু তাত তেওঁলোক চিৰকাল বসবাস কৰিব। উক্ত প্ৰতিদান প্ৰত্যেক সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে কুফৰী আৰু পাপকৰ্মৰ পৰা নিজকে পৱিত্ৰ ৰাখিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لا يفوز ولا ينجو الساحر حيث أتى من الأرض أو حيث احتال، ولا يحصل مقصوده بالسحر خيرًا كان أو شرًّا.
যাদুকৰ পৃথিৱীৰ য'তেই নাযাওক আৰু যি চক্ৰান্তই নকৰক কিয়, কেতিয়াও সফল হ'ব নোৱাৰিব তথা সাৰি যাব নোৱাৰিব, আনকি যাদুৰ জৰিয়তে সি ভাল অথবা বেয়া কোনো লক্ষ্যতেই উপনীত হ'ব নোৱাৰিব।

• الإيمان يصنع المعجزات؛ فقد كان إيمان السحرة أرسخ من الجبال، فهان عليهم عذاب الدنيا، ولم يبالوا بتهديد فرعون.
ঈমানে চমৎকাৰ কৰে, কিয়নো যাদুকৰসকলৰ ঈমান আছিল পৰ্বতৰ দৰে মজবুত, সেই কাৰণেই তেওঁলোকে পৃথিৱীৰ শাস্তিক তুচ্ছ জ্ঞান কৰিছিল, তথা ফিৰআউনৰ ধমকক ভ্ৰূক্ষেপ কৰা নাছিল।

• دأب الطغاة التهديد بالعذاب الشديد لأهل الحق والإمعان في ذلك للإذلال والإهانة.
স্বৈৰাচাৰী তথা দমনকাৰী শাসকসকলৰ পূৰ্বৰ পৰাই এই নিয়ম চলি আহিছে যে, সিহঁতে সত্যৰ পথত চলা লোকসকলক দমন কৰিবলৈ তথা সিহঁতৰ কথা মানিবলৈ বাধ্য কৰোৱাৰ বাবে শাস্তিৰ ধমক দিয়ে।

 
የይዘት ትርጉም ምዕራፍ: ጣሃ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት