Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ጣሃ   አንቀጽ:
اِذْ اَوْحَیْنَاۤ اِلٰۤی اُمِّكَ مَا یُوْحٰۤی ۟ۙ
যেতিয়া আমি তোমাৰ মাতৃৰ হৃদয়ত এটা কথা নিক্ষেপ কৰিছিলোঁ, যাৰ ফলত আল্লাহে তোমাক ফিৰআউনৰ চক্ৰান্তৰ পৰা ৰক্ষা কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
اَنِ اقْذِفِیْهِ فِی التَّابُوْتِ فَاقْذِفِیْهِ فِی الْیَمِّ فَلْیُلْقِهِ الْیَمُّ بِالسَّاحِلِ یَاْخُذْهُ عَدُوٌّ لِّیْ وَعَدُوٌّ لَّهٗ ؕ— وَاَلْقَیْتُ عَلَیْكَ مَحَبَّةً مِّنِّیْ ۚ۬— وَلِتُصْنَعَ عَلٰی عَیْنِیْ ۟ۘ
এতেকে তেওঁক ইলহামৰ দ্বাৰা আদেশ প্ৰদান কৰিছিলোঁ যে, মূছাক জন্ম দিয়াৰ পিচত বাকচত ভৰাই সাগৰত উটুৱাই দিবা। ইয়াৰ পিচত সাগৰে আমাৰ আদেশত তেওঁক পাৰত নিক্ষেপ কৰিব। তেতিয়া তেওঁক মোৰ আৰু তেওঁৰ শত্ৰুৱে অৰ্থাৎ ফিৰআউনে তুলি লব। তথা মই মোৰ ফালৰ পৰা তোমাৰ ওপৰত মুহাব্বাত ৰাখি দিছোঁ। যাতে মানুহে তোমাক ভালপায়। যাতে মোৰ চকুৰ সন্মুখতে তথা মোৰ সুৰক্ষা বেষ্টনী আৰু চোৱাচিতাৰ জৰিয়তে তোমাৰ লালন-পালন হয়।
የአረብኛ ቁርኣን ማብራሪያ:
اِذْ تَمْشِیْۤ اُخْتُكَ فَتَقُوْلُ هَلْ اَدُلُّكُمْ عَلٰی مَنْ یَّكْفُلُهٗ ؕ— فَرَجَعْنٰكَ اِلٰۤی اُمِّكَ كَیْ تَقَرَّ عَیْنُهَا وَلَا تَحْزَنَ ؕ۬— وَقَتَلْتَ نَفْسًا فَنَجَّیْنٰكَ مِنَ الْغَمِّ وَفَتَنّٰكَ فُتُوْنًا ۫۬— فَلَبِثْتَ سِنِیْنَ فِیْۤ اَهْلِ مَدْیَنَ ۙ۬— ثُمَّ جِئْتَ عَلٰی قَدَرٍ یّٰمُوْسٰی ۟
যেতিয়া তোমাৰ ভনী সেই বাকচৰ অনুসৰণ কৰি আছিল, যি পিনে বাকচ গৈছিল সেই পিনেই তেওঁ গতি কৰিছিল। অৱশেষত তেওঁ বাকচ লব ধৰা ব্যক্তিক সম্বোধন কৰি ক'লেঃ মই আপোনাক সেই ব্যক্তিৰ সন্ধান দিমনে যিয়ে ইয়াৰ হিফাজত কৰিব তথা ইয়াক পিয়াহ খোৱাব আৰু লালন-পালন কৰিব? এইদৰে (হে মূছা) আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ওভোতাই দি তোমাৰ প্ৰতি উপকাৰ কৰিছিলোঁ। যাতে তোমাৰ মায়ে তোমাক ওভোতাই পাই আনন্দিত হয় আৰু তোমাক হেৰুৱাৰ বেদনা সহিব নালাগে। তুমি এজন কিবতীক ঘোচা মাৰি হত্যা কৰিছিলা, কিন্তু আমি তোমাক সেই দণ্ডৰ পৰাও ৰক্ষা কৰিছিলোঁ আৰু তোমাক তোমাৰ জীৱনত অহা এটাৰ পিচত এটা পৰীক্ষাৰ পৰা ৰক্ষা কৰিছিলোঁ। ইয়াৰ পিচত তুমি সেই ঠাইৰ পৰা প্ৰস্থান কৰি মাদিয়ানবাসী সকলৰ মাজত কেইবা বছৰ অৱস্থান কৰিছিলা। তাৰ পিচত, হে মূছা! তুমি সেই সময়ত উভতি আহিছা যিটো সময় তোমাৰ সৈতে কথা কোৱাৰ বাবে নিৰ্ধাৰিত আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَاصْطَنَعْتُكَ لِنَفْسِیْ ۟ۚ
আৰু মই তোমাক নিৰ্বাচিত কৰিছোঁ, যাতে তুমি মোৰ ফালৰ পৰা বাৰ্তাবাহক হ'ব পাৰা, আৰু মানুহৰ মাজত সেইটো প্ৰচাৰ কৰিব পাৰা, যিটো মই তোমাৰ ফালে অহী কৰিম।
የአረብኛ ቁርኣን ማብራሪያ:
اِذْهَبْ اَنْتَ وَاَخُوْكَ بِاٰیٰتِیْ وَلَا تَنِیَا فِیْ ذِكْرِیْ ۟ۚ
হে মূছা! তুমি আৰু তোমাৰ ভাই হাৰূন, দুয়ো মিলি আল্লাহৰ ক্ষমতা আৰু একত্ববাদৰ প্ৰমাণ বহন কৰা নিদৰ্শনসমূহ লৈ যোৱা। তোমালোক দুয়োজনে (শুনা)! ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত তথা মোৰ স্মৰণত কেতিয়াও অমনোযোগী নহ'বা।
የአረብኛ ቁርኣን ማብራሪያ:
اِذْهَبَاۤ اِلٰی فِرْعَوْنَ اِنَّهٗ طَغٰی ۟ۚۖ
তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, কিয়নো সি কুফৰী আৰু আল্লাহৰ অবাধ্যতাৰ ক্ষেত্ৰত সীমা চেৰাই গৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
فَقُوْلَا لَهٗ قَوْلًا لَّیِّنًا لَّعَلَّهٗ یَتَذَكَّرُ اَوْ یَخْشٰی ۟
তোমালোকে দুয়ো তাৰ লগত নম্ৰভাৱে আলোচনা কৰিবা, যি আলোচনাত কোনো ধৰণৰ কঠোৰতা নাই। সম্ভৱতঃ সি উপদেশ গ্ৰহণ কৰিব তথা আল্লাহক ভয় কৰি তাওবা কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَا رَبَّنَاۤ اِنَّنَا نَخَافُ اَنْ یَّفْرُطَ عَلَیْنَاۤ اَوْ اَنْ یَّطْغٰی ۟
মূছা আৰু হাৰূন আলাইহিমাচ্ছালামে ক'লেঃ আমি আশংকা কৰিছোঁ, আমি তাক নিমন্ত্ৰণ কৰাৰ পূৰ্বেই সি আমাক শাস্তি বিহিব। নাইবা হত্যা তথা অন্য কোনো শাস্তিৰ দ্বাৰা আমাৰ ওপৰত অন্যায়ৰ সীমা অতিক্ৰম কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ لَا تَخَافَاۤ اِنَّنِیْ مَعَكُمَاۤ اَسْمَعُ وَاَرٰی ۟
আল্লাহে তেওঁলোক দুয়োকে সম্বোধন কৰি ক'লেঃ তোমালোক দুয়ো ভয় নকৰিবা। নিশ্চয় সহায় তথা সমৰ্থনৰ বাবে মই তোমালোকৰ লগত আছোঁ। অৱশ্যে মই সেই সকলো বিষয় শুনা পাম তথা চাই থাকিম, যিবোৰ তোমালোকৰ আৰু ফিৰআউনৰ মাজত সংঘটিত হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
فَاْتِیٰهُ فَقُوْلَاۤ اِنَّا رَسُوْلَا رَبِّكَ فَاَرْسِلْ مَعَنَا بَنِیْۤ اِسْرَآءِیْلَ ۙ۬— وَلَا تُعَذِّبْهُمْ ؕ— قَدْ جِئْنٰكَ بِاٰیَةٍ مِّنْ رَّبِّكَ ؕ— وَالسَّلٰمُ عَلٰی مَنِ اتَّبَعَ الْهُدٰی ۟
এতেকে তোমালোক দুয়ো তাৰ ওচৰলৈ যোৱা আৰু কোৱাগৈ যে, হে ফিৰআউন! নিশ্চয় আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। এতেকে বনী ইছৰাঈলক আমাৰ লগত প্ৰেৰণ কৰা, তথা সিহঁতৰ সন্তানক হত্যা কৰি আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখি তুমি সিহঁতক যি শাস্তি প্ৰদান কৰি আছা, সেয়া বন্ধ কৰা। অৱশ্যে আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ আমাৰ সত্যতাৰ প্ৰমাণ লৈ আহিছোঁ, আৰু সেই ব্যক্তিৰ বাবে আল্লাহৰ শাস্তিৰ পৰা সুৰক্ষা কবচ লৈ আহিছোঁ যিয়ে ঈমান পোষণ কৰিব আৰু আল্লাহৰ হিদায়তৰ অনুসৰণ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّا قَدْ اُوْحِیَ اِلَیْنَاۤ اَنَّ الْعَذَابَ عَلٰی مَنْ كَذَّبَ وَتَوَلّٰی ۟
দৰাচলতে আল্লাহে আমাৰ প্ৰতি অহী কৰিছে যে, নিশ্চয় পৃথিৱী আৰু আখিৰাতৰ শাস্তি সেই ব্যক্তিৰ ওপৰত অৱধাৰিত, যিয়ে আল্লাহৰ নিদৰ্শনক অস্বীকাৰ কৰিব আৰু ৰাছুলে লৈ অহা শিক্ষাক অৱজ্ঞা কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ فَمَنْ رَّبُّكُمَا یٰمُوْسٰی ۟
ফিৰআউনে তেওঁলোকৰ দুয়োৰে কথা অগ্ৰাহ্য কৰি ক'লেঃ হে মূছা! তোমালোকৰ ৰব্ব আকৌ কোন বাৰু, যিয়ে তোমালোকক ৰাছুল হিচাপে মোলৈ প্ৰেৰণ কৰিছে?
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ رَبُّنَا الَّذِیْۤ اَعْطٰی كُلَّ شَیْءٍ خَلْقَهٗ ثُمَّ هَدٰی ۟
মূছা আলাইহিচ্ছালামে ক'লেঃ সেইজনেই আমাৰ ৰব্ব, যিয়ে প্ৰত্যেককে এটা ৰূপ তথা উচিত আকৃতি প্ৰদান কৰিছে, তাৰ পিচত সকলো সৃষ্টিকেই সেই পথৰ হিদায়ত দিছে যাৰ বাবে সিহঁতক সৃষ্টি কৰা হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ فَمَا بَالُ الْقُرُوْنِ الْاُوْلٰی ۟
ফিৰআউনে ক'লেঃ তেন্তে বিগত সম্প্ৰদায়সমূহৰ কি গতি হ'ব, যিসকলে কুফৰী অৱস্থাতে মৃত্যুবৰণ কৰিছে?
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• كمال اعتناء الله بكليمه موسى عليه السلام والأنبياء والرسل، ولورثتهم نصيب من هذا الاعتناء على حسب أحوالهم مع الله.
কালিমুল্লাহ মূছা আলাইহিচ্ছালাম আৰু অন্যান্য নবী ৰাছুলসকলে আল্লাহৰ পূৰ্ণ সহযোগ লাভ কৰিছে। তথা তেওঁলোকৰ উত্তৰাধিকাৰীসকলেও আল্লাহৰ লগত থকা সম্পৰ্ক অনুযায়ী এই সহযোগৰ কিছু অংশ লাভ কৰিছে।

• من الهداية العامة للمخلوقات أن تجد كل مخلوق يسعى لما خلق له من المنافع، وفي دفع المضار عن نفسه.
সকলো সৃষ্টিয়ে সাধাৰণ মাৰ্গদৰ্শন লাভ কৰাৰ ফলস্বৰূপেই প্ৰত্যেক সৃষ্টিয়ে সেই লাভাংশ পাবলৈ চেষ্টা কৰে, যাৰ বাবে তাক সৃষ্টি কৰা হৈছে। তথা নিজকে সকলো প্ৰকাৰ অনিষ্টৰ পৰা ৰক্ষা কৰাৰ প্ৰয়াস কৰে।

• بيان فضيلة الأمر بالمعروف والنهي عن المنكر، وأن ذلك يكون باللين من القول لمن معه القوة، وضُمِنَت له العصمة.
সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ গুৰুত্বৰ বৰ্ণনা। তথা ক্ষমতাধাৰী ব্যক্তিৰ লগত নম্ৰভাৱে এই দায়িত্ব পালন কৰা উচিত।

• الله هو المختص بعلم الغيب في الماضي والحاضر والمستقبل.
অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কীয় সকলো গায়েবৰ জ্ঞান একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট।

 
የይዘት ትርጉም ምዕራፍ: ጣሃ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት