Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ዐንከቡት   አንቀጽ:
وَقَارُوْنَ وَفِرْعَوْنَ وَهَامٰنَ ۫— وَلَقَدْ جَآءَهُمْ مُّوْسٰی بِالْبَیِّنٰتِ فَاسْتَكْبَرُوْا فِی الْاَرْضِ وَمَا كَانُوْا سٰبِقِیْنَ ۟ۚ
এইদৰে আমি কাৰূনকো ভূমিস্খলনৰ দ্বাৰা তাক আৰু তাৰ অট্টালিকাক ধ্বংস কৰিছিলোঁ, যেতিয়া সি মুছাৰ সম্প্ৰদায়ৰ মাজত উৎপাত আৰম্ভ কৰিছিল। এইদৰে ফিৰআউন আৰু তাৰ মন্ত্ৰী হামানকো আমি সাগৰত ডুবাই ধ্বংস কৰিছিলোঁ। নিশ্চয় মুছা আলাইহিচ্ছালামে তেওঁৰ সত্যতা প্ৰমাণ কৰিবলৈ সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিল। তথাপিও সিহঁতে মিচৰৰ ভূমিত তেওঁৰ প্ৰতি ঈমান আনিবলৈ অহংকাৰ কৰিছিল। সিহঁত কেতিয়াও আমাৰ শাস্তিৰ পৰা পলায়ন কৰি ৰক্ষা পাব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
فَكُلًّا اَخَذْنَا بِذَنْۢبِهٖ ۚ— فَمِنْهُمْ مَّنْ اَرْسَلْنَا عَلَیْهِ حَاصِبًا ۚ— وَمِنْهُمْ مَّنْ اَخَذَتْهُ الصَّیْحَةُ ۚ— وَمِنْهُمْ مَّنْ خَسَفْنَا بِهِ الْاَرْضَ ۚ— وَمِنْهُمْ مَّنْ اَغْرَقْنَا ۚ— وَمَا كَانَ اللّٰهُ لِیَظْلِمَهُمْ وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟
উক্ত প্ৰত্যেক সম্প্ৰদায়কে আমি আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। সিহঁতৰ মাজৰ লূত সম্প্ৰদায়ৰ ওপৰত আমি নিৰন্তৰ জুয়ে পোৰা শিল বৰ্ষণ কৰিছিলোঁ। আনহাতে ছলেহ সম্প্ৰদায় আৰু শ্বুআইব সম্প্ৰদায়ক বিকট শব্দই ধ্বংস কৰিছিল। তথা কাৰূনক তাৰ গৃহসহ মাটিত পুতি পেলাইছিলোঁ। নূহ সম্প্ৰদায়, ফিৰআউন আৰু হামানক আমি পানীত ডুবাই মাৰিছিলোঁ। এনেকুৱা নহয় যে, আল্লাহে ইহঁতক বিনা অপৰাধত ধ্বংস কৰিছে, বৰং সিহঁতে পাপকৰ্মত লিপ্ত হৈ নিজেই নিজৰ অন্যায় কৰিছিল। ফলত সিহঁত শাস্তিৰ উপযুক্ত হৈ পৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
مَثَلُ الَّذِیْنَ اتَّخَذُوْا مِنْ دُوْنِ اللّٰهِ اَوْلِیَآءَ كَمَثَلِ الْعَنْكَبُوْتِ ۚ— اِتَّخَذَتْ بَیْتًا ؕ— وَاِنَّ اَوْهَنَ الْبُیُوْتِ لَبَیْتُ الْعَنْكَبُوْتِ ۘ— لَوْ كَانُوْا یَعْلَمُوْنَ ۟
যিসকল মুশ্বৰিকে আল্লাহৰ বাহিৰে মূৰ্ত্তি সাজি লৈ সেইবোৰৰ উপাসনা কৰে, তথা সেইবোৰৰ পৰা উপকাৰ আশা কৰে নাইবা সেইবোৰে সিহঁতৰ হৈ মধ্যস্ততা কৰিব বুলি বিশ্বাস কৰে, সেইসকল মুশ্বৰিকৰ উদাহৰণ হৈছে মকৰাৰ দৰে, যিয়ে নিজৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে ঘৰ সাজে, অথচ ঘৰৰ ভিতৰত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ। কাৰণ সেই ঘৰে কেতিয়াও শত্ৰুৰ পৰা সুৰক্ষা প্ৰদান নকৰে। এইটোৱেই হৈছে সিহঁতৰ মূৰ্ত্তিবোৰৰো অৱস্থা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে, আনকি মধ্যস্ততা কৰিবলৈও সক্ষম নহয়। যদি মুশ্বৰিকসকলে এইটো জানিলেহেঁতেন তেন্তে কেতিয়াও নিজ হাতেৰে মূৰ্ত্তি সাজি আল্লাহৰ বাহিৰে সেইবোৰৰ উপাসনা নকৰিলেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ اللّٰهَ یَعْلَمُ مَا یَدْعُوْنَ مِنْ دُوْنِهٖ مِنْ شَیْءٍ ؕ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟
নিশ্চয় আল্লাহে ভালকৈয়ে জানে সিহঁতে তেওঁৰ বাহিৰে আৰু কাৰ কাৰ উপাসনা কৰে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণত আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
وَتِلْكَ الْاَمْثَالُ نَضْرِبُهَا لِلنَّاسِ ۚ— وَمَا یَعْقِلُهَاۤ اِلَّا الْعٰلِمُوْنَ ۟
এই উদাহৰণবোৰ, আমি মানুহক সজাগ তথা সচেতন কৰিবলৈ, সত্য অৱগত কৰাবলৈ, লগতে সত্যৰ পথ দেখুৱাবলৈ উপস্থাপন কৰি আছোঁ, এইবোৰক সেইসকল লোকেই ভালদৰে বুজি পায়, যিসকলে আল্লাহৰ চৰীয়ত আৰু তেওঁৰ হিকমত সম্পৰ্কে ভালকৈ অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
خَلَقَ اللّٰهُ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّلْمُؤْمِنِیْنَ ۟۠
পৱিত্ৰ তথা মহান আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক সত্য সহকাৰে সৃষ্টি কৰিছে। এইবোৰক অসত্যৰ সৈতে তথা অনৰ্থক সৃষ্টি কৰা নাই। নিশ্চয় এইবোৰ সৃষ্টিৰ মাজত মুমিনসকলৰ বাবে আল্লাহৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ নিহিত হৈ আছে। কাৰণ কেৱল মুমিনসকলেই আল্লাহৰ সৃষ্টিজগতৰ মখলুকৰ দ্বাৰা পৱিত্ৰ সৃষ্টিকৰ্তাৰ অস্তিত্বৰ বিষয়ে জ্ঞান আহৰণ কৰে। আনহাতে কাফিৰসকলে মহাকাশ আৰু স্বয়ং সিহঁতৰ মাজত থকা নিদৰ্শনবোৰ চোৱাৰ পিছতো কোনো ভ্ৰূক্ষেপ নকৰে। সৃষ্টিকৰ্তাৰ মহানতা আৰু ক্ষমতাৰ পিনে সিহঁতৰ মনোযোগ কেতিয়াও আকৃষ্ট নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
اُتْلُ مَاۤ اُوْحِیَ اِلَیْكَ مِنَ الْكِتٰبِ وَاَقِمِ الصَّلٰوةَ ؕ— اِنَّ الصَّلٰوةَ تَنْهٰی عَنِ الْفَحْشَآءِ وَالْمُنْكَرِ ؕ— وَلَذِكْرُ اللّٰهِ اَكْبَرُ ؕ— وَاللّٰهُ یَعْلَمُ مَا تَصْنَعُوْنَ ۟
হে ৰাছুল! আপুনি মানুহক কোৰআন তিলাৱত কৰি শুনোৱাওক, যিখন আপোনাৰ প্ৰতি অহী কৰা হৈছে। লগতে পৰিপূৰ্ণৰূপে চালাত প্ৰতিষ্ঠা কৰক। নিশ্চয় পৰিপূৰ্ণৰূপে আদায় কৰা চালাতে, চালাত আদায়কাৰীক পাপকৰ্ম তথা দূৰাচাৰীৰ পৰা সুৰক্ষিত ৰাখে। কিয়নো ইয়াৰ ফলত অন্তৰে জ্যোতি লাভ কৰে, আৰু সেই জ্যোতিয়ে মানুহক পাপকৰ্মৰ পৰা বিৰত ৰাখে তথা সৎকৰ্মৰ পথ দেখুৱায়। প্ৰত্যেক কৰ্মতকৈ আল্লাহৰ স্মৰণেই হৈছে ডাঙৰ তথা মহান। নিশ্চয় আল্লাহে তোমালোকৰ কৰ্ম সম্পৰ্কে ভালকৈয়ে জানে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অচিৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। কৰ্ম ভাল হ’লে, প্ৰতিদান ভাল হ’ব। আৰু বেয়া হ’লে, প্ৰতিফলো বেয়া হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أهمية ضرب المثل: (مثل العنكبوت) .
উদাহৰণ উপস্থাপন কৰাৰ গুৰুত্ব। যেনে “মকৰাৰ উদাহৰণ”।

• تعدد أنواع العذاب في الدنيا.
পৃথিৱীত বিভিন্ন প্ৰকাৰৰ শাস্তি অৱতীৰ্ণ হয়।

• تَنَزُّه الله عن الظلم.
আল্লাহ অন্যায়-অত্যাচাৰৰ পৰা পৱিত্ৰ।

• التعلق بغير الله تعلق بأضعف الأسباب.
ইবাদতৰ ক্ষেত্ৰত আল্লাহৰ বাহিৰে আনৰ সৈতে সম্পৰ্ক স্থাপন কৰাটো হৈছে, আটাইতকৈ দুৰ্বল সম্পৰ্ক।

• أهمية الصلاة في تقويم سلوك المؤمن.
মুমিনৰ চৰিত্ৰ সংশোধন কৰাৰ ক্ষেত্ৰত চালাতৰ গুৰুত্ব।

 
የይዘት ትርጉም ምዕራፍ: አል ዐንከቡት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት