Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ዐንከቡት   አንቀጽ:
وَمَا هٰذِهِ الْحَیٰوةُ الدُّنْیَاۤ اِلَّا لَهْوٌ وَّلَعِبٌ ؕ— وَاِنَّ الدَّارَ الْاٰخِرَةَ لَهِیَ الْحَیَوَانُ ۘ— لَوْ كَانُوْا یَعْلَمُوْنَ ۟
এই পাৰ্থিৱ জীৱন লগতে ইয়াত থকা সকলো সুখ-সুবিধা তথা বিভিন্ন উপভোগ সামগ্ৰীবোৰ হৈছে ইয়াৰ লগত সম্পৃক্ত ব্যক্তিসকলৰ বাবে এইবোৰ এক প্ৰকাৰ খেল-ধেমালিস্বৰূপ। যিবোৰ অচিৰেই সমাপ্ত হ’ব। আনহাতে আখিৰাতৰ ঘৰেই হৈছে বাস্তৱিক জীৱন। কাৰণ সেইখনেই অৱশিষ্ট থাকিব। সিহঁতে যদি এই বিষয়টো ভালদৰে জানিলেহেঁতেন তেন্তে কেতিয়াও সিহঁতে চিৰস্থায়ী জীৱনৰ ওপৰত অস্থায়ী জীৱনক প্ৰাধান্য নিদিলেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِذَا رَكِبُوْا فِی الْفُلْكِ دَعَوُا اللّٰهَ مُخْلِصِیْنَ لَهُ الدِّیْنَ ۚ۬— فَلَمَّا نَجّٰىهُمْ اِلَی الْبَرِّ اِذَا هُمْ یُشْرِكُوْنَ ۟ۙ
এই মুশ্বৰিকসকল সাগৰত যেতিয়া নাঁৱত আৰোহণ কৰে, তেতিয়া সিহঁতে নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁৰ ওচৰতেই দুআ কৰে, যাতে তেওঁ সিহঁতক ডুবি যোৱাৰ পৰা ৰক্ষা কৰে। এতেকে যেতিয়াই তেওঁ সিহঁতক ডুবি যোৱাৰ পৰা ৰক্ষা কৰে, সিহঁত পাৰলৈ উভতি আহি পুনৰ শ্বিৰ্ক কৰিবলৈ আৰম্ভ কৰে আৰু অন্যান্য উপাস্যবোৰকো সিহঁতৰ দুআত চামিল কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
لِیَكْفُرُوْا بِمَاۤ اٰتَیْنٰهُمْ ۙۚ— وَلِیَتَمَتَّعُوْا ۥ— فَسَوْفَ یَعْلَمُوْنَ ۟
উভতি আহি মুশ্বৰিকসকলে নিজৰ চৰিত্ৰ পৰিবৰ্তন কৰে, আৰু সিহঁতক আমি প্ৰদান কৰা নিয়ামতবোৰৰ অকৃতজ্ঞ হৈ পৰে। যাতে পাৰ্থিৱ জীৱনৰ সুখ-সুবিধাবোৰ উপভোগ কৰিব পাৰে। নিশ্চয় শীঘ্ৰেই সিহঁতে মৃত্যুৰ পিছত বেয়া কৰ্মৰ পৰিণাম সম্পৰ্কে অৱগত হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
اَوَلَمْ یَرَوْا اَنَّا جَعَلْنَا حَرَمًا اٰمِنًا وَّیُتَخَطَّفُ النَّاسُ مِنْ حَوْلِهِمْ ؕ— اَفَبِالْبَاطِلِ یُؤْمِنُوْنَ وَبِنِعْمَةِ اللّٰهِ یَكْفُرُوْنَ ۟
আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰা এই লোকসকলক যেতিয়া আল্লাহে ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলে, তাৰ পিছতো সিহঁতে ভাৱি চোৱা নাইনে যে, আল্লাহে সিহঁতক আৰু এটা নিয়ামত দান কৰিছে? সেয়া হৈছে, আমি সিহঁতক নিৰাপত্তামূলক স্থান প্ৰদান কৰিছোঁ। য’ত সিহঁতৰ ধন-সম্পদ আৰু প্ৰাণৰ কোনো ভয় নাই, পক্ষান্তৰে অন্যান্য ঠাইত আক্ৰমণ হয়, সিহঁতক হত্যা কৰা হয় তথা বন্দী বনোৱা হয়, লগতে সিহঁতৰ নাৰী-পুৰুষ আৰু সন্তান সকলকো কয়েদী বনোৱা হয়। আৰু সিহঁতৰ সম্পদ কাঢ়ি লোৱা হয়। ইয়াৰ পিছতো সিহঁতে সিহঁতৰ তথাকথিত উপাস্যবোৰৰ প্ৰতি ঈমান পোষণ কৰিবনে? আনহাতে আল্লাহৰ কৃতজ্ঞতাৰ বিপৰীতে তেওঁৰ নিয়ামতসমূহৰ অকৃতজ্ঞ হ’ব নেকি?!
የአረብኛ ቁርኣን ማብራሪያ:
وَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا اَوْ كَذَّبَ بِالْحَقِّ لَمَّا جَآءَهٗ ؕ— اَلَیْسَ فِیْ جَهَنَّمَ مَثْوًی لِّلْكٰفِرِیْنَ ۟
সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ’ব নোৱাৰে, যিয়ে আল্লাহৰ বিষয়ে মিছা কথা ৰচনা কৰি তথা তেওঁৰ অংশীদাৰ স্থাপন কৰি প্ৰচাৰ কৰে। অথবা ৰাছুলে যি লৈ আহিছে সেই সত্যক অস্বীকাৰ কৰে। ইয়াত কোনো সন্দেহ নাই যে, কাফিৰসকল আৰু ইয়াৰ সমপৰ্যায়ৰ লোকসকলৰ বাবে জাহান্নামত হ’ব সিহঁতৰ বাসস্থান।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ جٰهَدُوْا فِیْنَا لَنَهْدِیَنَّهُمْ سُبُلَنَا ؕ— وَاِنَّ اللّٰهَ لَمَعَ الْمُحْسِنِیْنَ ۟۠
যিসকলে আমাৰ সন্তুষ্টি অৰ্জন কৰিবলৈ নিজৰ নফচৰ লগত অধ্যৱসায় কৰে, আমি তেওঁলোকক সঠিক পথৰ তাওফীক প্ৰদান কৰিম। নিশ্চিতভাৱে আল্লাহে নেকপৰায়ণ লোকসকলক সহায়-সহযোগিতা আৰু হিদায়তৰ দ্বাৰা সমৰ্থন কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لجوء المشركين إلى الله في الشدة ونسيانهم لأصنامهم، وإشراكهم به في الرخاء؛ دليل على تخبطهم.
মুশ্বৰিকসকলে বিপদ-আপদৰ সময়ত আল্লাহক স্মৰণ কৰে আৰু সিহঁতৰ মূৰ্ত্তিবোৰক পাহৰি যায়, আনহাতে সুখৰ সময়ত সিহঁতে আল্লাহৰ লগত শ্বিৰ্ক কৰে, এইটোৱে সিহঁতৰ বিবেকহীনতাৰ পৰিচয়।

• الجهاد في سبيل الله سبب للتوفيق إلى الحق.
আল্লাহৰ পথত জিহাদ কৰাটো হৈছে সত্যৰ তাওফীক লাভ কৰাৰ অন্যতম উপায়।

• إخبار القرآن بالغيبيات دليل على أنه من عند الله.
কোৰআনত বৰ্ণিত হোৱা অদৃশ্যমূলক সংবাদবোৰে প্ৰমাণ কৰে যে, কোৰআন হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ গ্ৰন্থ।

 
የይዘት ትርጉም ምዕራፍ: አል ዐንከቡት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት